তামিলনাডুৰ এজন কিশোৰৰ পেটৰ পৰা ওলাল মুদ্ৰা-তাবিজ-নখ কটা যন্ত্ৰ, চেইন আৰু...
বিগত কেবাদিন ধৰি এজন কিশোৰে তীব্ৰ পেটৰ বিষ অনুভৱ কৰি আছিল । চিকিৎসকে কিশোৰজনৰ অস্ত্ৰোপচাৰ কৰাত পেটৰ পৰা ওলাল ২৩ মুদ্ৰাসহ ৪৩টা ধাতু ।

Published : August 30, 2026 at 3:43 PM IST
তিৰুৱন্নমলাই (তামিলনাডু): তিৰুৱন্নমলাইৰ সমীপৱৰ্তী অয়্যাম্পলায়ম গাঁৱৰ ১৬ বছৰীয়া কিশোৰ এজনে কেইবাদিনধৰি তীব্ৰ পেটৰ বিষ অনুভৱ কৰি আছিল । কিশোৰজনে বমিৰ সমস্যাতো ভুগি আছিল । প্ৰথমতে সাধাৰণ পেটৰ বিষ বুলি ভাবি কিশোৰজনৰ পৰিয়ালৰ লোকে বিশেষ গুৰুত্ব প্ৰদান কৰা নাছিল ।
লাহে লাহে সঘনাই এনে সমস্য়া হোৱাত কিশোৰজনৰ মাতৃয়ে তেওঁক এখন চিকিৎসালয়লৈ নিয়ে আৰু চিকিৎসকে পেটৰ পৰীক্ষা কৰে । তিৰুৱন্নমলাইৰ থাণ্ডাৰমপট্টু পথত অৱস্থিত এখন প্ৰখ্যাত ব্যক্তিগত চিকিৎসালয়ত কিশোৰজনৰ পেটৰ স্কেন কৰা হয় ৷ তাৰ পাছত চিকিৎসকে কিশোৰটোৰ পেটত জমা হোৱা ধাতুবোৰ দেখি আচৰিত হৈ পৰে ।
সকলো পৰীক্ষা-নিৰীক্ষা কৰাৰ পীছত পেটৰ অস্ত্ৰোপচাৰ কৰাত ল’ৰাটোৰ পেটৰ পৰা ২৩টা মুদ্ৰাসহ ৪৩টা ধাতু চিকিৎসকে নিৰাপদে উলিয়াই আনে । সকলোৰে এটাই প্ৰশ্ন এইবোৰ কিশোৰজনৰ পেটত কেনেকৈ সোমাল ?
কিশোৰজন চিকিৎসালয়লৈ অহাৰ পাছত সাধাৰণ অস্ত্ৰোপচাৰ বিশেষজ্ঞ ডাঃ সুন্দৰপাণ্ডিয়ানে পেটৰ অংশটো স্কেন কৰি বিষৰ কাৰণ নিৰ্ণয় কৰাৰ পৰামৰ্শ আগবঢ়ায় । লগে লগে স্কেন কৰি পৰীক্ষা কৰি ল’ৰাটোৰ পেটত সন্দেহজনক চোকা বস্তু আৰু ধাতু থকাটো নিশ্চিত হয় ।
ইয়াৰ পাছতে চিকিৎসকে কিশোৰটোৰ মাকক এই সন্দৰ্ভত সোধা-পোছা কৰে । মাতৃয়েও ভালদৰে ব্য়াখ্য়া কৰিব পৰা নাছিল যদিও তেওঁ কয় যে ল’ৰাটো প্ৰায়ে নখ কটা যন্ত্ৰ, চেইনকে ধৰি বিভিন্ন সামগ্ৰী লৈ অন্তৰ্ধান হৈছিল । ইয়াৰ ওপৰত ভিত্তি কৰিয়েই ল’ৰাজনে সেইবোৰ গিলি থোৱা বুলি সন্দেহ কৰা হয় ।

কিশোৰটোৰ পেটৰ বিষ বাঢ়িবলৈ ধৰাত চিকিৎসকে লগে লগে অস্ত্ৰোপচাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । সেই অনুসৰি ২৮ আগষ্টৰ মাজনিশা এজন এনাস্থেচিয়া বিশেষজ্ঞক মাতি আনি চিকিৎসকগৰাকীয়ে কিশোৰটোৰ অস্ত্ৰোপচাৰ কৰে ।
চিকিৎসকে অস্ত্ৰোপচাৰৰ সময়ত কিশোৰজনৰ পেটৰ পৰা ৪৩টা বস্তু নিৰাপদে উলিয়াই পেলায় । এই সন্দৰ্ভত চিকিৎসকে সদৰী কৰা মতে, ৫ আৰু ১০ টকীয়া ২৩টা মুদ্ৰা, ১টা তাবিজ, ১টা নখ কটা যন্ত্ৰ, ২টা চেইন, ৩টা নখ আৰু ১৫টা হেয়াৰ পিন পেটৰ পৰা উলিয়াই অনা হয় । এইবোৰ থকাৰ সন্দেহ কৰিয়েই বিপদ হোৱাৰ পূৰ্বেই যিমান সোনকালে পাৰি চিকিৎসকগৰাকীয়ে ল’ৰাটোৰ অস্ত্ৰোপচাৰ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা বুলি কয় ।
দীৰ্ঘসময় ধৰি কৰা অস্ত্ৰোপচাৰৰ অন্তত কিশোৰজনৰ স্বাস্থ্য সুস্থিৰ বুলি নিশ্চিত হয় । চিকিৎসকৰ তত্বাৱধানত কিশোৰজন চিকিৎসাধীন হৈ আছিল । চিকিৎসাৰ পাছত স্বাস্থ্যৰ অৱস্থা উন্নত হোৱাৰ পাছত তেওঁক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয় । কিশোৰজনৰ পৰিয়ালৰ আৰ্থিক অৱস্থা দুৰ্বল হোৱাৰ বাবে বিনামূলীয়াকৈ তেওঁৰ এই অস্ত্ৰোপচাৰ কৰা হয় ৷ এই বুলি সদৰী কৰে ডাঃ সুন্দৰপাণ্ডিয়ানে ।
লগতে পঢ়ক : ভূপালত নিজ মাতৃ-মোমায়েকৰ হাতত প্ৰাণ গ’ল ১৭ বছৰীয়া নাবালিকাৰ
লগতে পঢ়ক : মণিপুৰৰ ৰাজকুমাৰ: ৰাজপ্ৰাসাদ এৰি জৰাজীৰ্ণ ঘৰত থকা এজন ৰাজপুত্ৰৰ অকথিত কাহিনী

