কৰ্ণাটকৰ পিছত এইবাৰ তামিলনাডু; শোকাৱহ দুৰ্ঘটনাত ৪ মহিলাসহ নিহত ৯
ৰাজ্যিক পৰিবহণ নিগমৰ এখন বাছে নিয়ন্ত্ৰণ হেৰুৱাই আন দুখন বাহনত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় ।

Published : December 25, 2025 at 1:45 PM IST
কুড্ডালোৰ (তামিলনাডু) : তামিলনাডুৰ কুড্ডালোৰ জিলাৰ এঝুথুৰৰ সমীপত বুধবাৰে নিশা সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা । তিৰুচিৰ পৰা চেন্নাই অভিমুখী ৰাজ্যিক এক্সপ্ৰেছ পৰিবহণ নিগমৰ বাছ এখনৰ দুখন বাহনৰ সৈতে মুখামুখি সংঘৰ্ষ হয় । এই দুৰ্ঘটনাত ৯ জন লোক নিহত হোৱাৰ লগতে আন কেইবাজনো আহত হয় ।
বাহন দুখনত যাত্ৰা কৰা মহিলা আৰু এটা শিশুকে ধৰি ৭ জন লোকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে চিকিৎসাৰ সময়ত চিকিৎসালয়ত আন দুজনৰ মৃত্যু হয় বুলি বিষয়াসকলে জনায় ।
আৰক্ষীৰ মতে, চেন্নাই-তিৰুচি ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাটোত এছ ই টি চি বাছখনৰ সন্মুখৰ এটা টায়াৰ ফাটি যোৱাত চালকজনে গাড়ীখনত নিয়ন্ত্ৰণ হেৰুৱায় । তাৰ পিছত বাছখনে প্ৰথমে ডিভাইডাৰত খুন্দা মাৰে আৰু তাৰ পিছত বিপৰীত দিশৰ পৰা অহা দুখন গাড়ীৰ সৈতে মুখামুখি সংঘৰ্ষ হয় ।
আনহাতে, দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে থিট্টাকুড়ি আৰু ৰামানাথম আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হয় আৰু আহতসকলক ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
এই সংঘৰ্ষৰ প্ৰভাৱ ইমানেই ভয়াৱহ আছিল যে দুয়োখন বাহন বাছখনৰ তলত চেপা খাই ধৰে আৰু সম্পূৰ্ণৰূপে ছিন্নভিন্ন হৈ পৰে । আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে, "৭ জন লোকৰ থিতাতে মৃত্যু হয় । পিছত আহত আন দুজনৰ চিকিৎসালয়ত মৃত্যু হয় । যাৰ ফলত মৃত্যুৰ সংখ্যা ৯ জনলৈ বৃদ্ধি পায় । নিহতসকলৰ ভিতৰত চাৰিজন পুৰুষ, চাৰিগৰাকী মহিলা আৰু এটি শিশুও আছে । আন চাৰিজন লোকৰ অৱস্থা সংকটজনক আৰু তেওঁলোক চিকিৎসাধীন হৈ আছে ।"
দুৰ্ঘটনাৰ প্ৰভাৱ ইমানেই ভয়াৱহ আছিল যে প্ৰথম অৱস্থাত একাংশ ভুক্তভোগীক চিনাক্তকৰণ কৰাও অসুবিধা হোৱা বুলি বিষয়াগৰাকীয়ে লগতে কয় ।
ইয়াৰে ভিতৰত এখন গাড়ীত থকা ভুক্তভোগীসকলক কাৰুৰৰ গহনা ব্যৱসায়ী ৰাজাৰথিনম (৬৯) আৰু তেওঁৰ পত্নী ৰাজেশ্বৰী (৫৭) আৰু তেওঁলোকৰ চালক জয়কুমাৰ (৪৫) বুলি চিনাক্ত কৰা হৈছে । আনখন বাহনত পুডুক্কোট্টাই জিলাৰ পিল্লাই থান্নীৰ পাণ্ডাল অঞ্চলৰ বাসিন্দা আছিল ।
আনহাতে, দুৰ্ঘটনাটোৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত কেইবাঘণ্টা ধৰি যান-বাহনৰ চলাচল ব্যাহত হৈ পৰে ।
তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা পৰিয়াল আৰু আত্মীয়ৰ প্ৰতি গভীৰ শোক আৰু সমবেদনা জ্ঞাপন কৰিছে । মুখ্যমন্ত্ৰীৰ ৰাজহুৱা সাহায্য পুঁজিৰ পৰা মৃতকৰ পৰিয়ালক ৩ লাখ টকাকৈ আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি থকাসকলক ১ লাখ টকাকৈ এককালীন সাহায্য ঘোষণা কৰিছে ।

