ETV Bharat / bharat

দিল্লীত উত্তৰ-পূবৰ যুৱতীক নিৰ্যাতন চলোৱা চাৰি অভিযুক্ত আৰক্ষীৰ জালত

নেহৰু প্লেছৰ ইৰ’ছ হোটেলৰ সমীপৰ এখন চাহৰ দোকানৰ ওচৰত বিপদত পৰা বুলি বৰ্ণনা কৰি ফোন কৰিছিল এগৰাকী যুৱতীয়ে ৷

Nehru Place assault case
দিল্লীত উত্তৰ-পূবৰ যুৱতীক নিৰ্যাতন চলোৱা চাৰি অভিযুক্ত আৰক্ষীৰ জালত (ANI)
author img

By ANI

Published : May 12, 2026 at 7:56 AM IST

|

Updated : May 12, 2026 at 8:21 AM IST

2 Min Read
Choose ETV Bharat

ৰাজধানী দিল্লীৰ নেহৰু প্লেছত দেওবাৰে উত্তৰ-পূবৰ যুৱতীক নিৰ্যাতন চলোৱাৰ অভিযোগত দিল্লী আৰক্ষীয়ে আটক কৰিছে চাৰিগৰাকী যুৱকক ৷ বৰ্তমান চাৰিওজনকে সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ এই চাৰি অভিযুক্ত হৈছে মহম্মদ ফাহাদ (এটা ব্যক্তিগত প্ৰতিষ্ঠানৰৰ কম্পিউটাৰ অপাৰেটৰ), মহম্মদ ছাভেজ (পূৰ্বে ক্লাৱ বাউঞ্চাৰ আছিল), মহম্মদ আৰিফ (নয়দাৰ এখন ম’বাইলৰ দোকানত কৰ্মৰত) আৰু জাম নগৰৰ আমান ওৰফে মহম্মদ ফাহীম ওৰফে কালা ৷

আৰক্ষীয়ে জনোৱা মতে, দেওবাৰে সন্ধিয়া প্ৰায় ৭ বজাত কলকাজী থানাৰ আৰক্ষীয়ে পুলিচ কণ্ট্ৰল ৰুমত এটা ফোনকল লাভ কৰে ৷ নেহৰু প্লেছৰ ইৰ’ছ হোটেলৰ সমীপৰ এখন চাহৰ দোকানৰ ওচৰত বিপদত পৰা বুলি বৰ্ণনা কৰি ফোন কৰিছিল এগৰাকী যুৱতীয়ে ৷

আৰক্ষীয়ে কয়, ‘‘প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে ভুক্তভোগীক উদ্দেশ্যি অশালীন মন্তব্য কৰাৰ লগতে গালি-গালাজ কৰা হৈছিল আৰু তাৰ পাছত এই ঘটনাই মাৰ-পিটৰ ৰূপ লয় ৷ দুয়োগৰাকী ভুক্তভোগীক দিল্লীৰ এইমছত ভৰ্তি কৰি স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হয় ৷’’

এই ঘটনা সন্দৰ্ভত ইতিমধ্যে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে ৷ ‘‘ওচৰে-পাজৰে থকা চিচিটিভিসমূহ তন্নতন্নকৈ পৰীক্ষা কৰা হৈছে, আৰু সেই স্থানত উপস্থিত একাধিক সাক্ষী চিনাক্ত কৰা হৈছে । পথচাৰী আৰু প্ৰত্যক্ষদৰ্শীকে ধৰি প্ৰায় আঠজন লোকক সোধা-পোছাৰ বাবে আটক কৰা হয় ।’’ আৰক্ষীয়ে লগতে জনায় ৷

আৰক্ষীয়ে জনোৱা মতে, তথ্য আৰু প্ৰমাণৰ ভিত্তিত চাৰিজন মূল অভিযুক্তক চিনাক্ত কৰি জেৰাৰ বাবে জিম্মাত লোৱা হৈছে । অভিযুক্তৰ সৈতে জড়িত সম্ভাৱ্য আত্মগোপন স্থানতো একাধিক আৰক্ষী দলে অভিযান চলাইছে ।

ইফালে, এজন ভুক্তভোগীয়ে অভিযোগ কৰে যে এই ঘটনাটো সন্ধিয়াৰ ভাগত সংঘটিত হয় ৷ এদল যুৱকে তেওঁলোকক উদ্দেশ্যি অশালীন মন্তব্য কৰিবলৈ আৰম্ভ কৰে আৰু পিছত শাৰীৰিকভাৱে তেওঁলোকক আক্ৰমণ কৰে ।

লগতে পঢ়ক: প্ৰথমে অশ্লীল ইংগিত, তাৰ পাছত মাৰ-ধৰ: ৰাজধানী দিল্লীত অসম-নাগালেণ্ডৰ যুৱতীক নিৰ্যাতন

Last Updated : May 12, 2026 at 8:21 AM IST