ETV Bharat / bharat

ওমানৰ ওচৰত বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, ৩ ভাৰতীয় নাৱিকৰ মৃত্যু

তিনি নাৱিকৰ মৃতদেহ চিনাক্ত কৰা হৈছে ৷ কেন্দ্ৰীয় জাহাজ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্পষ্ট কৰিছে এই কথা ৷

3 Indian Seafarers Confirmed Dead After US Strike On Oil Tanker Off Oman
বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ (AFP)
author img

By ETV Bharat Assamese Team

Published : June 11, 2026 at 3:39 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী: ওমান উপকূলত আমেৰিকাৰ সেনাই এখন বাণিজ্যিক জাহাজত আক্ৰমণ কৰাৰ ফলত পালাউৰ পতাকাযুক্ত এম টি চেটেবেলোত (Palau-flagged MT Settebello) থকা তিনিজন ভাৰতীয় নাৱিক নিৰুদ্দেশ হৈ পৰিছিল ৷ শেহতীয়াকৈ নিৰুদ্দেশ হোৱা তিনিওজন নাবিকৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে তেওঁলোকক চিনাক্তও কৰা হৈছে ৷ বৃহস্পতিবাৰে এক্সযোগে কেন্দ্ৰীয় জাহাজ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই তথ্য সদৰী কৰে ৷

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা নাৱিকসকলৰ মৃতদেহ ইতিমধ্যে শেষ ক্ৰিয়া-কৰ্মৰ বাবে ঘূৰাই পঠিয়াবলৈ সকলো পদক্ষেপ গ্ৰহণ কৰা হৈছে । পোষ্টটোত সোণোৱালে কয়, "পালাউৰ পতাকাযুক্ত এম টি চেটেবেলোত সংঘটিত হোৱা এই মৰ্মান্তিক ঘটনাটো সঁচাই দুৰ্ভাগ্যজনক ৷ দুখৰ বিষয় যে প্ৰথমে নিৰুদ্দেশ হোৱা বুলি খবৰ পোৱা তিনিজন ভাৰতীয় নাৱিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ ইতিমধ্যে তেওঁলোকৰ চিনাক্তকৰণো হৈছে ৷’’

তেল জাহাজখনত আক্ৰমণৰ পাছতে প্ৰাথমিক তথ্য মতে জানিব পৰা গৈছিল যে জাহাজখনৰ পৰা ২১ জন ভাৰতীয় নাৱিকক উদ্ধাৰ কৰা হৈছে ৷ ইয়াৰ বিপৰীতে তিনিজন নাবিক, ক্ৰমে- ডেক কেডেট আদিত্য শৰ্মা, ইঞ্জিন ফিটাৰ শিৱানন্দ চৌৰাছিয়া আৰু মুখ্য অভিযন্তা পৰিমলা সুৰেশ নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছিল ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পালাউৰ পতাকাযুক্ত এম টি চেটেবেলো বিমানখনত সংঘটিত হোৱা এই মৰ্মান্তিক ঘটনাটোক গভীৰভাৱে দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে ৷ তেওঁ কয় যে এই কঠিন সময়ত চৰকাৰে শোকসন্তপ্ত পৰিয়ালকেইটাৰ কাষত থিয় দিছে ।

এক্সৰ পোষ্টটোত তেওঁ কয়, "এই কঠিন সময়ত মোদী চৰকাৰে শোকসন্তপ্ত লোকসকলৰ সৈতে থিয় দিছে আৰু ওচৰৰ আত্মীয়ক সহায় কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ । উদ্ধাৰ কৰা ক্ৰু সদস্যসকলক শীঘ্ৰে দেশলৈ ঘূৰাই অনা হ’ব ৷ মৃতকৰ শেষ অনুষ্ঠানৰ বাবে ক্ষিপ্ৰতাৰে কাম কৰিবলৈ মই বিষয়াসকলক নিৰ্দেশ দিছো ।"

ওমান উপসাগৰত আমেৰিকাৰ সামৰিক আক্ৰমণৰ সন্মুখীন হোৱাৰ সময়ত তেল জাহাজখনত ২৪ জন ভাৰতীয় নাগৰিক আৰু চাৰিজন বিদেশী নাগৰিক আছিল ৷ ইয়াৰে দুজন পাকিস্তানী, এজন ইউক্ৰেইনীয় আৰু এজন ৰাছিয়ানকে ধৰি মুঠ ২৮ জন সদস্য আছিল ।

ইফালে আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে এই আক্ৰমণৰ কথা স্বীকাৰ কৰি কয় যে জাহাজখনে ইৰাণৰ পৰা জাহাজখনে ইৰাণৰ পৰা তেল পৰিবহণৰ চেষ্টা কৰি ইৰাণৰ বন্দৰসমূহত চলি থকা আমেৰিকাৰ অৱৰোধ উলংঘা কৰিছিল । এটা বিবৃতিত কোৱা হৈছে, "আমেৰিকান চেণ্ট্ৰেল কমাণ্ডে ওমান উপসাগৰৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত পালাউৰ পতাকাযুক্ত এম টি চেটেবেলোক অক্ষম কৰি পেলায় । আমেৰিকাৰ এখন বিমানে জাহাজখনৰ ইঞ্জিন কোঠাত নিখুঁত গুলীচালনা কৰে ।"

বুধবাৰে ভাৰতে আমেৰিকাৰ চাৰ্জ ডি এফেয়াৰক চমন জাৰি কৰে ৷ লগতে বাণিজ্যিক জাহাজখনত আমেৰিকাৰ সামৰিক বাহিনীৰ এই আক্ৰমণক তীব্ৰ বিৰোধিতা কৰে । বুধবাৰে দিয়া এক বিবৃতিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই আক্ৰমণক গৰিহণা দিয়ে ।

বিবৃতিত কোৱা হৈছিল, "আজিৰ পূৰ্বে ওমানৰ উপকূলৰ কাষৰীয়া বাণিজ্যিক জাহাজত হোৱা আক্ৰমণক আমি গৰিহণা দিছো । জাহাজত থকা ২৪ জন ভাৰতীয় ক্ৰুৰ ভিতৰত এতিয়ালৈকে ২১ জন ভাৰতীয়ক উদ্ধাৰ কৰা হৈছে আৰু তিনিজন ভাৰতীয় নিৰুদ্দেশ হোৱাৰ খবৰ আহিছে ।"

ইৰাণ আৰু ইজৰাইলৰ মাজত পুনৰ শত্ৰুতা বৃদ্ধি পোৱাৰ সময়তে এই ঘটনা সংঘটিত হৈছে । ইৰাণে উত্তৰ ইজৰাইলৰ ওপৰত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাৰ পাছত ইৰাণে পশ্চিম আৰু মধ্য ইৰাণত বিমান আক্ৰমণ চলায় ।

লগতে পঢ়ক : সীমান্ত অঞ্চলত পাকিস্তানৰ আক্ৰমণত মহিলা-শিশুসহ নিহত ১২

লগতে পঢ়ক : তাৎক্ষণিকভাৱে ইৰাণ এৰিব লাগেঃ ভাৰতীয় দূতাবাসে কিয় দিলে এই পৰামৰ্শ ?