জবলপুৰত আৰ এছ এছৰ তিনিদিনীয়া ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠক
বৈঠকত আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱত আৰু সাধাৰণ সম্পাদক দত্তত্ৰেয় হোছাবালেয়ে অংশগ্ৰহণ কৰে ।

Published : October 30, 2025 at 3:00 PM IST
জবলপুৰ: তিনিদিনীয়া কাৰ্যসূচীৰে বৃহস্পতিবাৰৰ পৰা জবলপুৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বাৰ্ষিক ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠক আৰম্ভ হৈছে । এই অনুষ্ঠানত দেশজোৰা হিন্দু সন্মিলন আয়োজনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব বুলি এগৰাকী কাৰ্যকৰ্তাই জানিবলৈ দিছে ।
আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱত আৰু সাধাৰণ সম্পাদক দত্তত্ৰেয় হোছাবালেয়ে অখিল ভাৰতীয় কাৰ্যকৰী মণ্ডলৰ শুভাৰম্ভ কৰে আৰু ইয়াৰ পিছতে অংশগ্ৰহণকাৰীসকলে ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু ছোৰেন, বলীউডৰ অভিনেতা আছৰানীৰ দৰে বিশিষ্ট ব্যক্তিসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই ১০১ বছৰত ভৰি দিয়াৰ লগে লগে এই আলোচনাত আগন্তুক শতবাৰ্ষিকী উদযাপন 'পঞ্চ পৰিৱৰ্তন' পদক্ষেপৰ পৰ্যালোচনা কৰা হ'ব বুলি আৰ এছ এছৰ সূত্ৰই জনাইছে । আৰ এছ এছৰ শতবাৰ্ষিকীৰ পদক্ষেপৰ অধীনত সংগঠনটোৱে সমগ্ৰ দেশতে ১ লাখৰো অধিক হিন্দু সন্মিলন অনুষ্ঠিত কৰাৰ লক্ষ্য লৈছে বুলিও সংঘৰ আন এজন কাৰ্যকৰ্তাই জানিবলৈ দিয়ে ।
জবলপুৰৰ বিজয় নগৰৰ কাচনাৰ চহৰত অনুষ্ঠিত হোৱা এই বৈঠক ১ নৱেম্বৰলৈকে চলিব । সংঘচালক (Sanghchalaks), কাৰ্যভ্যাস (Karyvahs), প্ৰচাৰককে ধৰি সমগ্ৰ দেশৰ পৰা মুঠ ৪০৭ গৰাকী প্ৰতিনিধিয়ে এই বৈঠকত অংশগ্ৰহণ কৰিছে বুলি কাৰ্যকৰ্তাগৰাকীয়ে জানিবলৈ দিয়ে । বিজেপিৰ সভাপতি জে পি নাড্ডাও এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।
এই বৈঠকৰ কাৰ্যসূচীত ২৪ নৱেম্বৰৰ পৰা বছৰজোৰা কাৰ্যসূচীৰে গুৰু টেগ বাহাদুৰৰ ৩৫০ সংখ্যক শ্বহীদ দিৱস আৰু জনজাতীয় নেতা বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে উদযাপনৰ কথাও আলোচনা কৰা হ'ব । কেন্দ্ৰই ২০২১ চনত ১৫ নৱেম্বৰক বীৰছা মুণ্ডাৰ জন্ম বাৰ্ষিকীক জনজাতীয় গৌৰৱ দিৱস হিচাপে ঘোষণা কৰে ।
লগতে পঢ়ক :প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বই ভাৰতৰ সামুদ্ৰিক পৰিৱেশত পৰিৱৰ্তন আনিছে : সৰ্বানন্দ সোণোৱাল

