২৬/১১ৰ ৰক্তাক্ত নিশা ২০ গৰাকী গৰ্ভৱতী মহিলাৰ জীৱন ৰক্ষা কৰা এগৰাকী সাহসী নাৰ্ছ
মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ দুঃস্বপ্নই আজিও আমনি কৰে অঞ্জলি কুলথেক । ধাৰাসাৰ গুলীৰ মাজতেই কৰ্তব্য় সম্পাদন ।

Published : November 26, 2025 at 11:39 AM IST
মুম্বাইঃ ২০০৮ চনৰ ২৬ নৱেম্বৰৰ নিশা ভাৰতত সংঘটিত হৈছিল মানৱ ইতিহাসক এক কলংকিত কৰা এক অধ্য়ায় । এই ক’লা দিনটো প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে দুঃস্বপ্নতকৈ কম নাছিল । কাৰণ এই দিনটোতেই সন্ত্ৰাসবাদীয়ে মুম্বাইত ভয়াৱহ আক্ৰমণ কৰিছিল ।
সন্ত্ৰাসবাদীৰ গুলীত থকাসৰকা হৈছিল ১৬৬ গৰাকী নিৰীহৰ দেহ । এই আক্ৰমণত ৩০০ৰো অধিক লোক আহত হৈছিল । আমি আজি ক'বলৈ ওলাইছো এনে এগৰাকী সাহসী বুদ্ধিদীপ্ত মহিলাৰ কথা যিগৰাকীয়ে ৰক্ষা কৰিছিল ২০ গৰাকী গৰ্ভৱতী মহিলাৰ জীৱন ।

সন্ত্ৰাসবাদী আজমল কাছভৰ প্ৰৱেশ :
২০০৮ ৰ ২৬ নৱেম্বৰৰ নিশা সন্ত্ৰাসবাদী আজমল কাছভ আৰু তেওঁৰ সহযোগী আবু ইছমাইলে কামা চিকিৎসালয়ত প্ৰৱেশ কৰি নিৰ্বিচাৰে গুলীচালনা কৰিছিল । এই গাৰ নোম শিহৰি উঠা ঘটনাটো চিকিৎসালয়খনৰ প্ৰথম মহলাৰ পৰাই প্ৰত্য়ক্ষ কৰিছিল প্ৰসূতি ৱাৰ্ডৰ হেড নাৰ্ছ অঞ্জলি কুলথেই । নৈশ শ্বিফটত থকাৰ সময়তেই তেওঁ এই দৃশ্য় প্ৰত্য়ক্ষ কৰিছিল । তেওঁৰ এই ৱাৰ্ডটোতেই আছিল ২০ গৰাকী গৰ্ভৱতী মহিলা ।
১৮৮৬ চনত নিৰ্মিত এই চিকিৎসালয়খন মধ্যযুগীয় গথিক শৈলীত শিলেৰে নিৰ্মাণ কৰা হৈছে । এই চিকিৎসালয়খনৰ বেৰবোৰ ডাঠ আৰু গধুৰ দুৱাৰ । হেড নাৰ্ছ অঞ্জলি কুলথেই মঙলবাৰে ইটিভি ভাৰতক জনোৱা মতে, তেওঁলোকে সতৰ্কতামূলক ব্যৱস্থা হিচাপে সেই ৱাৰ্ড ৰূমৰ দুখন ডাঠ দুৱাৰ বন্ধ কৰি ২০ গৰাকী মহিলা আৰু কেইগৰাকীমান আত্মীয়ক চাদৰ ওপৰত থকা এটা সৰু কোঠালৈ স্থানান্তৰিত কৰে ।
হঠাতেই অঞ্জলিৰ মনত পৰিল যে কাছভ আৰু তেওঁৰ সহযোগীয়ে চিকিৎসালয়খনৰ চাদলৈ গৈ তলৰ বিষয়াসকলৰ ওপৰত গুলীচালনা কৰিবলৈ ধৰিছে । আনকি কুলথেই এগৰাকী আহত নাৰ্ছক কেজুৱেলিটি ছেকচনলৈ লৈ গৈ চিকিৎসা কৰিবলৈ আৰম্ভ কৰাৰ সময়তে তেওঁলোকে গ্ৰেণেডো নিক্ষেপ কৰিছিল ।

ৰক্তাক্ত আক্ৰমণৰ সময়তেই কৰাইছিল প্ৰসৱ :
হঠাৎ চাদৰ সেই সৰু কোঠাটোতেই এগৰাকী মহিলাই প্ৰসৱ বেদনা অনুভৱ কৰিবলৈ ধৰিলে । কুলথেই তেওঁৰ হাত দুখন ধৰি প্ৰসৱ কক্ষলৈ লৈ গ’ল, য’ত মহিলাগৰাকীয়ে চিকিৎসকৰ সহায়ত সফলতাৰে প্ৰসৱ কৰিলে । প্ৰত্যাহ্বান আছিল সেই অস্ত্ৰোপচাৰ কক্ষৰ পৰা কোনো শব্দ বাহিৰলৈ ওলাই যোৱাটো নিশ্চিত কৰা । এই সকলোবোৰ বাহিৰত ৰক্তাক্ত আক্ৰমণ চলি থকাৰ সময়তে আৰু পিছলৈ চহৰৰ শীৰ্ষ আৰক্ষীক হত্যা কৰাৰ খবৰ প্ৰচাৰ হ’বলৈ ধৰোতেই সংঘটিত হৈছিল ।
সেই ভয়াৱহ নিশাৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাটো মনত পেৰিলে কুলথেৰ বুকু কঁপি উঠে । কুলথেই কয়, "মই ভয়ত টোপনিৰ পৰা সাৰ পাইছিলো । তাৰ পিছত এমাহৰ পিছত মুম্বাই আৰক্ষীয়ে মোক ফোন কৰি কাছভক চিনাক্ত কৰিছিল ।" আনকি বিচাৰৰ সাক্ষী হিচাপেও তেওঁ মাতি অনা হৈছিল ।
ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কুলথেই কয়, "মই চিনাক্ত কৰি সাক্ষ্য দিবলৈ যোৱাৰ সময়ত মোৰ ইউনিফৰ্ম পিন্ধি উপস্থিত থাকিবলৈ অনুমতি দিবলৈ আদালতক অনুৰোধ জনাইছিলো । সেই নিশা কৰ্তব্যৰ আহ্বান মোৰ মনত আছে । এগৰাকী নাৰ্ছৰ ইউনিফৰ্মে বহু দায়িত্ব বহন কৰে যাৰ বাবে মই সাহসেৰে কাম কৰিবলৈ সক্ষম হৈছিলো ।"
তেজেৰে ৰঙা হৈছিল আয়াবাইৰ শাৰীখন :
"মোৰ সহকৰ্মী আয়াবাই যাদৱ আৰু মই নিশা ১০.৩০ বজাত কামা হাস্পতালৰ পিছফালে গুলীৰ শব্দ শুনি খিৰিকীখনৰ ওচৰলৈ লৰালৰিকৈ গ'লো । আমি দেখিলো যে দুজন বন্দুকধাৰীয়ে বেৰৰ ওপৰেৰে জপিয়াই চিকিৎসালয়ত প্ৰৱেশ কৰিছে । এজনে আমাক দেখাৰ লগে লগেই গুলীচালনা কৰিবলৈ ধৰিলে.... মই দেখিলো আয়াবাইৰ শাৰীখন তেজেৰে ৰঙা হৈ পৰিল। সেই সময়ত মই বুজিলো যে তাইক গুলীচালনা কৰা হৈছে । আমি লগে লগে তেওঁক চিকিৎসাৰ বাবে লৈ গ’লো; কিন্তু দুৰ্ভাগ্যজনকভাৱে তেওঁৰ মৃত্যু হয় ।"
প্ৰসূতি ৱাৰ্ডৰ লোহাৰ দুৱাৰখনত লগাইছিল তলা :
কুলথে যিকোনো মূল্যৰ বিনিময়ত গৰ্ভৱতী মহিলা আৰু নৱজাতকৰ প্ৰাণ ৰক্ষা কৰিবলৈ বদ্ধপৰিকৰ আছিল । কুলথেই কয়, "মই এগৰাকী মাতৃক সন্ত্ৰাসবাদীৰ হাতত নিজৰ কেঁচুৱাটো বলি দিবলৈ দিয়া নাছিলো । সেইবাবেই মই প্ৰথমে প্ৰসূতি ৱাৰ্ডৰ লোহাৰ দুৱাৰখনত তলা লগোৱাৰ সিদ্ধান্ত লৈছিলো । তাৰ পিছত মই মনে মনে ২০ গৰাকী গৰ্ভৱতী মাতৃক চাদৰ ওপৰৰ সৰু ঘৰটোত লুকাই থাকিবলৈ ফুচফুচাই ক'লো আৰু তেওঁলোকক আশ্বস্ত কৰিলো যে তেওঁলোক তাত নিৰাপদ।" প্ৰতিবাৰ হেণ্ড গ্ৰেণেড আক্ৰমণত অট্টালিকাটো কঁপিলেই গৰ্ভৱতী মহিলাসকলে আতংকিত হৈ পৰিছিল ।
দীৰ্ঘদিনীয়া অভিজ্ঞতাপুষ্ট কুলথেই জানিছিল যে গৰ্ভৱতী মহিলাৰ বাবে তেওঁলোকৰ ক্লান্তি বিপদজনক হ'ব পাৰে । ভয়ৰ বাবে নহয়, ৰক্তচাপ বৃদ্ধিৰ বাবে তেওঁলোকৰ প্ৰসৱ বেদনা আৰম্ভ হ'ব বুলি ভাবিছিল । এনে পৰিস্থিতিত এগৰাকী মহিলাক প্ৰসৱ কৰোৱাটো সন্তান আৰু মাতৃ দুয়োৰে জীৱনৰ বাবে বিপজ্জনক আছিল বুলি কয় কুলথেই ।
এইদৰে তেওঁ ভাবি থাকোতেই এগৰাকী গৰ্ভৱতী মহিলাই তীব্ৰ উচ্চ ৰক্তচাপৰ বাবে প্ৰসৱ বেদনা অনুভৱ কৰিবলৈ ধৰিছে । কুলথেই কয়, "তেওঁৰ তীব্ৰ প্ৰসৱ বেদনা হ'বলৈ ধৰিলে আৰু মই ফোন কৰি মেডিকেল ডাক্তৰক তৎক্ষণাত আমাৰ ৱাৰ্ডলৈ আহিবলৈ অনুৰোধ কৰিলো । অৱশ্যে সেই সময়ত অধিক গুলীচালনা চলি আছিল আৰু ডাক্তৰে তেওঁক নামিব নোৱাৰে বুলি মেছেজ পঠিয়াইছিল । বহুত টেনচন আছিল আৰু ভদ্ৰমহিলাগৰাকীৰ অৱস্থাও জটিল আছিল ।"
সেয়া আছিল অতিকৈ গুৰুত্বপূৰ্ণ মুহূৰ্ত । কিয়নো হেড নাৰ্ছে এই জটিল পৰিস্থিতিটো চম্ভালাৰ লগতে একে সময়তে প্ৰসৱৰ বেদনাত ছটফতাই থকা মহিলাগৰাকীক যতনেৰে চম্ভালিবলগীয়া হৈছিল । কুলথেই কয়,"তেওঁক আশ্বাসৰ অতিকৈ প্ৰয়োজন । মহিলাগৰাকীয়ে ভয় খাইছিল আৰু মোৰ লগত প্ৰসূতি কক্ষলৈ আহিবলৈ অস্বীকাৰ কৰিছিল ।"
চাৰিওফালৰ পৰা হৈছিল গুলীচালনা :
কুলথেই এই মহিলাগৰাকীক পতিয়ন নিয়াই কেনেবাকৈ চিৰিৰ ওচৰলৈ আনিবলৈ সক্ষম হ’ল । কুলথেই কয়,"চাৰিওফালৰ পৰা গুলীচালনা হৈ আছিল । আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি ৱাৰ্ডত উপস্থিত হ'লো । গৰ্ভৱতী মহিলাগৰাকীক ষ্টাফৰ হাতত গতাই দি মোৰ ৱাৰ্ডলৈ উভতি আহিলো । গোটেই নিশাটো গৰ্ভৱতী মাতৃসকলৰ সৈতে বহি আশ্বস্ত কৰিলো । পুৱা আৰক্ষী আহি দুৱাৰত টুকুৰিয়াই দিলে আৰু আমি সকাহ পোৱাত শ্বস্তিৰ নিশ্বাস পেলাবলৈ সক্ষম হওঁ ।"
২০০৮ চনৰ ২৬/১১ৰ সেই ৰক্তাক্ত নিশাটোৰ কথা মনত পৰিলে আজিও তেওঁৰ গাৰ নোম শিহৰি উঠে । "সেই নিশা মই যিমানখিনি ৰক্তপাত আৰু অসংখ্যক মৃতদেহ দেখিছিলো,সেইবোৰে মোক দিনে দিনে সাৰ পাই ৰাখিছিল । মই প্ৰায়ে থতমত খাই সাৰ পাইছিলো আৰু সেই নিশাটোৰ কথা ভাবিলে এতিয়াও শিহৰিত হও।"কুলথেই এইদৰে কয় ।
ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত কুলথে :
কুলথেৰ এই সাহসৰ কথা দৃষ্টিৰ অগোচৰ হৈ নাথাকিল । ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ পোৱাৰ পিচত তেওঁক এক মিনিট সময় দিয়া হৈছিল তেওঁৰ অভিজ্ঞতা বৰ্ণনা কৰিবলৈ । কুলথেই কয়, "সেই নিশা মই নাৰ্ছ হিচাপে মোৰ কৰ্তব্য পালন কৰিলো বুলি মই ক'বলৈ পোৱাটোৱেই সন্তুষ্টি ।"
কুলথেই চিনাক্ত কৰিছিল কাছভক :
যেতিয়া জীৱিত অৱস্থাত ধৰা প্ৰথম সন্ত্ৰাসবাদী আজমল কাছভক চিনাক্ত কৰিবলৈ মাতি অনা হৈছিল তেতিয়া কুলথেৰ ভূমিকা অধিক গুৰুত্বপূৰ্ণ হৈ পৰে । কুলথেই কয়, "আদালতত কাছভক চিনাক্ত কৰিবলৈ মাতি পঠিওৱাত মোৰ পৰিয়ালে ভয় খাইছিল; কিন্তু মই সাক্ষ্য দিয়াৰ সিদ্ধান্ত লৈছিলো । কাছভ জে'লত থকাৰ সময়ত মই চিনি পাইছিলো । তেওঁ মোক চাই হাঁহিছিল ।" কুলথেক চাই কাছভে ক'লে,"মেডাম, তুমি মোক চিনাক্ত কৰিলা । মই আজমল কাছভ ।"
অনুশোচনা নাছিল কাছভৰ :
"কাছভে কোনো অনুশোচনাত দ্বগ্ধ হোৱা নাছিল আৰু নিজৰ এই কামত লাজো পোৱা নাছিল । সেই মুখখন মই কেতিয়াও পাহৰিব নোৱাৰো আৰু তেওঁৰ মুখৰ বিজয়ী চাৱনিয়ে মোক সদায় খেদি ফুৰিব ।" এইদৰে কয় কুলথেই ।

