ETV Bharat / bharat

২৬ নক্সালবাদীৰ আত্মসমৰ্পণ; ১৩ জনৰ মূৰৰ মূল্য় ৬৫ লাখ টকা

পি এল জি এ বেটালিয়ন, দক্ষিণ বাষ্টাৰ ডিভিজন, মাৰ ডিভিজন আৰু অন্ধ্ৰ-ওড়িশা সীমান্তত সক্ৰিয় আছিল আত্মসমৰ্পণকাৰী ।

26 Naxalites surrender in Chhattisgarh's Sukma
২৬ নক্সালীৰ আত্মসমৰ্পণ (ETV BHARAT)
author img

By PTI

Published : January 7, 2026 at 4:34 PM IST

2 Min Read
Choose ETV Bharat

সুকমা(ছত্তীশগড়): ছত্তীশগড়ৰ সুকমা জিলাত বুধবাৰে ২৬ টা নক্সালবাদীয়ে আত্মসমৰ্পণ কৰে । আত্মসমৰ্পণকাৰীসকলৰ ভিতৰত ১৩ জনৰ মূৰৰ মূল্য নিৰ্ধাৰণ কৰা আছে মুঠ ৬৫ লাখ টকা । এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই সদৰি কৰিছে এই কথা ৷

ৰিহাবিলিটেচন টু ৰিজুভেনেচন অভিযানৰ অধীনত জিলাখনত ৭ গৰাকী মহিলা কেডাৰকে ধৰি মুঠ ২৬ টা নক্সালবাদীয়ে আত্মসমৰ্পণ কৰে । উল্লেখ্য় যে এই আত্মসমৰ্পণ কৰা কেডাৰসকলে দীৰ্ঘদিন ধৰি পি এল জি এ বেটালিয়ন, দক্ষিণ বাষ্টাৰ ডিভিজন, মাৰ ডিভিজন আৰু অন্ধ্ৰ-ওড়িশা সীমান্ত (এ অ’ বি) অঞ্চলত সক্ৰিয় হৈ আছিল ।

এই নক্সালবাদীসকলৰ ভিতৰত আছে চি ৱাই পি চি এম, ডি ভি চি এম, পি পি চি এম, এ চি এম আৰু অন্যান্য দলৰ শীৰ্ষ আৰু প্ৰভাৱশালী সদস্য । এইসকল নক্সালবাদী সুকমা, মাৰৱাৰ, ওড়িশাৰ সীমান্তৱৰ্তী কেইবাটাও অঞ্চলত বৃহৎ নক্সাল কাণ্ডৰ সৈতে জড়িত আছিল । অৱশ্য়ে ইয়াৰ পিছত তেওঁলোকে হিংসা ত্যাগ কৰি মূলসুঁতিলৈ উভতি অহাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

এই সন্দৰ্ভত আৰক্ষী বিষয়াই কয় যে বিগত কিছু বছৰত অতি স্পৰ্শকাতৰ অঞ্চলত ক্ৰমাগতভাৱে নতুন নিৰাপত্তা শিবিৰ স্থাপন কৰা হৈছে । অভিযান আৰু নক্সালবাদী ঘাটিত বৃদ্ধি পোৱাটোৱে সংগঠনটোক দুৰ্বল কৰিছে । এসময়ত নক্সালবাদীয়ে ক্ষমতা দখল কৰা বনাঞ্চলত নিৰাপত্তাৰক্ষীৰ নিয়মীয়া উপস্থিতি আৰু উন্নয়নমূলক প্ৰকল্পৰ সুবিধাই পৰিস্থিতিৰ পৰিৱৰ্তন হৈছে । পথ, যোগাযোগ, স্বাস্থ্য, শিক্ষা আদি আন্তঃগাঁথনিয়ে জনসাধাৰণ আৰু নক্সালবাদী কেডাৰ উভয়ৰে মানসিকতাত প্ৰভাৱ পেলোৱাত তেওঁলোকে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।

এই সন্দৰ্ভত এছ পি কিৰণ চাৱানে কয়, ‘‘হিংসাৰ পথ পৰিত্যাগ কৰি শান্তি আৰু উন্নয়নক আঁকোৱালি লোৱাৰ প্ৰমাণ আজি ২৬ জন নক্সালবাদীৰ আত্মসমৰ্পণ ।’’

লগতে পঢ়ক:উভতি চাওঁ ২০২৫: নক্সালবাদ নিৰ্মূলৰ দিশে ভাৰত

গ্ৰাউণ্ড ৰিপ'ৰ্ট: উত্তৰ বংগৰ নক্সালবাৰী, এসময়ৰ নক্সাল দুৰ্গ এতিয়া বিজেপিৰ হাব