২৫ বছৰ পূৰ্বে জে'লৰ পৰা পলোৱা কয়দীক ছদ্মবেশেৰে ধৰি আনিলে আৰক্ষীয়ে
কোনোজন যদি চুৱেটাৰ বিক্ৰেতা, কোনো ৰিক্সাচালক, কোনোবা ফলৰ বেপাৰী, চালক, যাত্ৰী... ৷ এনেকৈয়ে আৰক্ষীয়ে নানা ৰূপ ধৰি অৱশেষত সফল হ'ল ৷

Published : January 2, 2026 at 3:38 PM IST
নৱাচাৰী (গুজৰাট): চিনেমাৰ দৰে এক কাহিনী । ২৫ বছৰ পূৰ্বে গুজৰাটৰ নৱাচাৰী উপ-কাৰাগাৰৰ পৰা পলায়ন কৰিছিল এটা চোৰে । অৱশেষত পুনৰ পৰিল জালত । হাৰিয়াণাৰ ফৰিদাবাদ জিলাৰ পল্লা এলেকাৰ শনি মাৰ্কেটত আৰক্ষীয়ে ছদ্মবেশ ধৰি গ্ৰেপ্তাৰ কৰে পলাতক কয়দীটোক । অভিযুক্ত কয়দীটোৰ বিৰুদ্ধে বলচাদ জিলাত মুঠ চাৰিটা গোচৰ ৰুজু হৈ আছে ।
গ্ৰেপ্তাৰ কৰা অভিযুক্তৰ নাম শশীভূষণ ওৰফে শতভূষণ ওৰফে পিণ্টু সিং তপবাহাদুৰ ৰাজপুত । তেওঁ উত্তৰ প্ৰদেশৰ দেৱৰীয়া জিলাৰ পেক'লী গাঁৱৰ বাসিন্দা । ১৯৯৯ চনত তেওঁ আৰু তেওঁ সহযোগী বলসাড় জিলাৰ পাৰডী, ওমৰগাম, বলসাড়ৰ গ্ৰাম্য এলেকা আৰু নৱাচাৰী আৰক্ষী চকীৰ অধীনৰ এলেকাত চুৰি-ডকাইতিৰ দৰে কেইবাটাও গুৰুতৰ অপৰাধ কৰিছিল । তদন্তৰ সময়ত আৰক্ষীয়ে পিণ্টু সিং আৰু তেওঁৰ তিনি সহযোগীক গ্ৰেপ্তাৰ কৰি নৱাচাৰী উপ-কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল ।
কাৰাগাৰত ন্যায়িক জিম্মাত থকাৰ সময়তে পিণ্টু সিং আৰু তেওঁৰ সহযোগীসকলে পলায়নৰ পৰিকল্পনা কৰিছিল । তেওঁলোকে উপ-কাৰাগাৰৰ বাথৰুমৰ খিৰিকীৰ ৰড হেক্স' ব্লেডেৰে কাটি বাহিলৈ ওলাই আৰু কাৰাগাৰৰ ওখ দেৱালত সংযুক্ত কৰা ইলেক্ট্ৰিক ফেন্সিঙত কাপোৰ পেলাই দেৱাল পাৰ হৈ পলায়ন কৰে । কাৰাগাৰৰ পৰা পলায়ন কৰাৰ পাছত কোনো বাহন ব্যৱহাৰ নকৰাকৈ খোজকাঢ়িয়েই ৩৫০ কিঃমিঃ দূৰ অতিক্ৰম কৰি ভূচাৱলত উপস্থিত হয় আৰু তাৰ পৰা ৰে'লযোগে মধ্য প্ৰদেশত উপস্থিত হয় ।

ইয়াৰ পিছত পিণ্টু সিঙে সহযোগীসকলৰ পৰা পৃথক হৈ প্ৰথমে বেংগালুৰু আৰু তাৰ পিছত কেৰালাত উপস্থিত হয় । কিছুবছৰ তাত কটোৱাৰ পিছত তেওঁ দিল্লীলৈ যায় আৰু অৱশেষত হাৰিয়াণাৰ ফৰিদাবাদ জিলাৰ পল্লা এলেকাত ছবি আঁকি জীৱন নিৰ্বাহ কৰে ।


ইয়াৰ মাজতে, নৱাচাৰী আৰক্ষীয়ে চাৰ্ভিলেন্স আৰু হিউমেন ইণ্টেলিজেন্সৰ তথ্যৰ আধাৰত অভিযুক্তৰ খবৰ লাভ কৰে । ২৫ বছৰ পিছত, পৰিচয় লাভ কৰাত অসুবিধা থকা সত্বেও, নৱাচাৰী আৰক্ষীৰ সকলো শীৰ্ষ বিষয়া ফৰিদাবাদত উপস্থিত হয় ।


আৰক্ষীয়ে শনি মাৰ্কেটত এনে এক স্থান বাচি লয় য'ত চুৱেটাৰ বিক্ৰী কৰা লোক, ৰিক্সাচালক, ফলৰ বেপাৰী, চালক, যাত্ৰী আদিৰ ছদ্মবেশ ধৰি তেওঁলোক উপস্থিত আছিল । বহু সময় ধৰি ফান্দ পাতি থকাৰ পিছত পিণ্টু সিং মাৰ্কেটত উপস্থিত হোৱাৰ লগে লগে আৰক্ষীয়ে ঘেৰি লয় আৰু গ্ৰেপ্তাৰ কৰে । পৰৱৰ্তী সময়ত অভিযুক্তক ফৰিদাবাদৰ পৰা নৱাচাৰীলৈ অনা হয় আৰু পৰৱৰ্তী তদন্তৰ বাবে নৱাচাৰী টাউন আৰক্ষীক অৰ্পণ কৰে ।

