ETV Bharat / bharat

যেন আকাশৰ পৰা অগ্নিহে বৰষিছে ! প্ৰচণ্ড গৰমত এদিনতে ৮ মগনীয়াসহ ২১ জনৰ মৃত্যু

হিটষ্ট্ৰ'কৰ ফলত এদিনতে ২১ জন লোকৰ মৃত্যু ৷ কেৱল বিজয়াৱাড়া চহৰতে ১০ জনৰ মৃত্যু ঘটিছে, ইয়াৰে আঠজনেই আছিল পথৰ ভিক্ষাৰী ৷

Heatstroke
ৰ'দ নহয় যেন অগ্নিহে বৰষিছে... (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 23, 2026 at 2:19 PM IST

3 Min Read
Choose ETV Bharat

অমৰাৱতী (অন্ধ্ৰ প্ৰদেশ): ৰ'দ নহয় যেন অগ্নি ফিৰিঙতিহে বৰষিছে আকাশৰ পৰা ! কেৱল শুকুৰবাৰৰ (22 মে') দিনটোতে অন্ধ্ৰ প্ৰদেশৰ বিভিন্ন প্ৰান্তত গৰমৰ প্ৰভাৱত ২১ জন লোকৰ মৃত্যু হয় । ইয়াৰে দহজনৰ মৃত্যু হৈছে বিজয়াৱাড়া চহৰত । মৃত দহজনৰ ভিতৰত দুটা মৃতদেহ সাধাৰণ নাগৰিকৰ বুলি চিনাক্ত হোৱাৰ বিপৰীতে বাকী আঠটা মৃতদেহ অচিনাকি ভিক্ষাৰীৰ বুলি প্ৰশাসনে প্ৰকাশ কৰিছে ।

বিজয়াৱাড়া চহৰৰ সীতাৰামপুৰমৰ চাপাৰালাৱৰী ষ্ট্ৰীটত স্থানীয় ৰাইজে এজন লোকক অচেতন অৱস্থাত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে আৰু তেওঁলোকে তেওঁক ততাতৈয়াকৈ চৰকাৰী চিকিৎসালয়লৈ লৈ যায়, কিন্তু চিকিৎসালয়ত তেওঁৰ মৃত্যু ঘটে । অজিত সিং নগৰৰ নিউ ৰাজাৰাজেশ্বৰীপেটাৰ ৰে’ল গেটৰ সমীপত আন এজন অচিনাক্ত লোক (বয়স ৪০)ৰ মৃত্যু ঘটে । ৰাঘৱায়া পাৰ্কৰ সমীপত আন এজন লোকৰ (বয়স ৫০) মৃত্যু হয় । জিলা কাৰাগাৰৰ সমীপৰ হনুমানপেটাত ৬৫ বছৰীয়া এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগতে বেছাণ্ট ৰোডৰ এল আই চি কাৰ্যালয়ৰ ওচৰত আন এজন ৬৫ বছৰীয়া ব্যক্তিৰো শুকুৰবাৰে প্ৰচণ্ড গৰমৰ ফলত মৃত্যু হয় ।

ৰথম চেণ্টাৰ, কালেশ্বৰা ৰাও মাৰ্কেট, গান্ধী পাৰ্ক চেণ্টাৰত তিনিজন ভিক্ষাৰীৰ মৃত্যু ঘটে অসহ্যকৰ গৰমৰ বাবে । শুকুৰবাৰে সন্ধিয়া নিৰ্মলা কনভেণ্ট জংচনৰ সমীপত পথৰ দাঁতিত অচেতন অৱস্থাত পৰি থকা অৱস্থাত কস্তুৰীবাইপেটাৰ ডাৱুলুৰি ৰামাৰাও (৫৭) আৰু গুনাডালা গান্ধী বম্মা চেণ্টাৰৰ নিম্মাগদ্দা সাৰথ বাবু (৪৫) নামৰ দুজন ব্যক্তিক অচেতন অৱস্থাত পৰি থকা অৱস্থাত উদ্ধাৰ হয় । স্থানীয় লোকৰ পৰা ফোন পোৱাৰ লগে লগে ১০৮ জৰুৰীকালীন সেৱাৰ দলটোৱে ব্যক্তিজনক চৰকাৰী চিকিৎসালয়লৈ লৈ যায়, য’ত চিকিৎসকে নিশ্চিত কৰে যে তেওঁলোকৰ ইতিমধ্যে মৃত্যু হৈছে।

শুকুৰবাৰে গৰমৰ ফলত ৰাজ্যখনৰ এলুৰু জিলাৰ তিনিজন আৰু পশ্চিম গোদাৱৰী জিলাত এজন লোকৰ মৃত্যু হয়। এলুৰু জিলাত পেদাভেগী মণ্ডলৰ জগন্নাথাপুৰমৰ ৰাচাপ্ৰলু ডেভিদ ৰাজু (৬৪), উংগুটুৰু মণ্ডলৰ নাৰায়ণপুৰমৰ চেশম্মা (৪০) আৰু চট্ৰাইৰ সুৰাভাৰপু ৰাণী (৬৫) নামৰ তিনিগৰাকীয়ে হিটষ্ট্ৰ'কত মৃত্যুবৰণ কৰে । পশ্চিম গোদাৱৰী জিলাত পালাকোল্লু মণ্ডলৰ পুলপাল্লীত ওড়িশাৰ ৰায়াগদা জিলাৰ ৰায়িকোনা অঞ্চলৰ মূলতঃ ৰামপুৰী পিণ্টু (২৮)ৰ গৰমৰ ফলত মৃত্যু হয় ।

কাকিনাড়া জিলাতো তিনিজন লোকৰ মৃত্যু:

ছাৰাপাৱৰাম পঞ্চায়তৰ ঠিকাভিত্তিক কৰ্মী গুৰৰাম আপ্ন্না (৩৭), গোলাপ্ৰলু মণ্ডলৰ চেন্দুৰথিৰ পিল্লী ৰমনা (৫৫) আৰু পিঠাপুৰমৰ কে আপ্পাৰাও (৪০)ৰ শুকুৰবাৰৰ দিনটোত প্ৰচণ্ড গৰমৰ বাবে মৃত্যু ঘটে । পালনাডু জিলাৰ নৰসৰাওপেটা চহৰত গৰমৰ ফলত দুজন অচিনাক্ত ব্যক্তিৰ মৃত্যু হয় । মাৰ্কেট চেণ্টাৰৰ এজন অচিনাক্ত বৃদ্ধ (৬০) আৰু চহৰখনৰ চিত্ৰালয় চেণ্টাৰৰ বিজেঠা চিনেমা হলৰ সমীপত এজন যুৱক (২৫–৩০ বছৰ)ৰ গৰমৰ তীব্ৰতাৰ বাবে মৃত্যু হয় । ভিনুকোণ্ডা সমষ্টিৰ ভিতৰত এপুৰুত গৰমৰ ফলত মৃত্যু হয় ভেলিনেনী নৰসিংহ ৰাও (৬৯)ৰ। অনকাপল্লী জিলাৰ চোদাৱৰাম মণ্ডলৰ গোভাদাত হিটষ্ট্ৰ'কত আট্টা লক্ষ্মী নামৰ এগৰাকী মহিলাৰ মৃত্যু হয় ।

লগতে পঢ়ক: প্ৰচণ্ড গৰম ; পক্ষীকূলক ৰক্ষা কৰিবলৈ অ’আৰএছ মিহলি পানী আৰু কুলাৰৰ ব্যৱস্থা