খাৰুৱা তেলৰ মূল্য হ্ৰাস হ'লেও ভাৰতত কিয় সস্তা নহয় পেট্ৰ'ল ?
খাৰুৱা তেলৰ মূল্যৰ ওপৰত নিৰ্ভৰ কৰে পেট্ৰ'ল-ডিজেলৰ মূল্যই । ভাৰতত এয়া কিমান প্ৰযোজ্য ? ২০১০ চনৰ পৰা সামগ্ৰিক পৰিৱেশক লৈ ইটিভি ভাৰতৰ এক প্ৰতিবেদন ।

Published : June 3, 2026 at 8:01 PM IST
বিকাশ ডেকা
গুৱাহাটী : সম্প্ৰতি পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি দেশজুৰি আলোচনাৰ বিষয় হৈ পৰিছে । মধ্যপ্ৰাচ্যৰ সংঘাতৰ অজুহাতত দেশত ইন্ধনৰ নাটনি আৰু মূল্যবৃদ্ধিক সহজভাৱে ল'ব পৰা নাই সাধাৰণ জনতাই । কাৰণ পেট্ৰ'লিয়াম আৰু প্রাকৃতিক গেছ মন্ত্রালয়ে দেশত ইন্ধনৰ নাটনি হোৱা নাই বুলি সংবাদমেল সম্বোধন কৰি ঘোষণা কৰিছিল । চৰকাৰৰ তৰফৰ পৰাও ইন্ধন প্ৰচুৰ পৰিমাণে মজুত থকাৰ ঘোষণা কৰি আহিছে । ইয়াৰ পিছতো কিয় বাঢ়িছে পেট্ৰ'ল-ডিজেলৰ মূল্য ?
কেৱল আজিয়ে নহয় যোৱা প্ৰায় ১০-১৫ বছৰ ধৰি পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিষয়টোৱে অৰ্থনৈতিক আৰু ৰাজনৈতিক দিশত সৰ্বাধিক আলোচনাৰ বিষয় হৈ আহিছে । কিয়নো আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য কেতিয়াবা যথেষ্ট কমিছে বা কেতিয়াবা বৃদ্ধি পাইছে । কিন্তু ভাৰতত পেট্ৰ'ল-ডিজেলৰ মূল্য বেছিভাগ সময়তে ঊৰ্ধ্বমুখীহে হৈছে ! যাৰ বাবে সাধাৰণ নাগৰিকৰ মাজত এটা প্ৰশ্ন উত্থাপন হৈ আহিছে ।
সেয়া হৈছে "বিশ্ববজাৰত খাৰুৱা তেলৰ মূল্য কমিলেও ভাৰতত কিয় সস্তা নহয় পেট্ৰ'ল ?" অৱশ্যে এই প্ৰশ্নৰ উত্তৰত কেইবাটাও বিষয় অন্তৰ্নিহিত হৈ আছে । তাৰ ভিতৰত আছে চৰকাৰী কৰ নীতি, কৰ ব্যৱস্থা, টকাৰ মূল্য আৰু ৰাজহ সংগ্ৰহৰ ব্যৱস্থা আদি ।
এই প্ৰতিবেদনত আমি ২০১০ চনৰ পৰা ২০২৫ চনলৈ খাৰুৱা তেলৰ বিপৰীতে পেট্ৰ'লৰ মূল্য সম্পৰ্কত কিছু আলোচনা কৰিব বিচাৰিছোঁ ।
২০১০ : পেট্ৰ'লৰ মূল্য নিৰ্ধাৰণত বৃহৎ পৰিৱৰ্তন
২০১০ চনৰ আগলৈ ভাৰতত পেট্ৰ'লৰ মূল্য মূলত চৰকাৰেই নিয়ন্ত্ৰণ কৰিছিল । বহু সময়ত তেল কোম্পানীবোৰে লোকচানত থাকিও ইন্ধন বিক্ৰী কৰিছিল আৰু চৰকাৰে বিশেষ ৰাজসাহায্য নীতিৰ জৰিয়তে সেই লোকচানৰ ক্ষতিপূৰণ কৰিছিল । কিন্তু ২০১০ চনত কেন্দ্ৰীয় চৰকাৰে পেট্ৰ'লৰ মূল্য নিৰ্ধাৰণৰ ক্ষেত্ৰত নতুন নিয়ম প্ৰৱৰ্তন কৰে । যাৰ ফলত ইণ্ডিয়ান অইল, ভাৰত পেট্ৰ'লিয়াম আৰু হিন্দুস্তান পেট্ৰ'লিয়ামৰ দৰে কোম্পানীবোৰে বিশ্ববজাৰত খাৰুৱা তেলৰ মূল্য আৰু ডলাৰৰ বিপৰীতে টকাৰ মূল্যৰ ওপৰত ভিত্তি কৰি পেট্ৰ'লৰ মূল্য নিৰ্ধাৰণ কৰিবলৈ সক্ষম হ'ল । ২০১৪ চনত ডিজেলো একে ব্যৱস্থাৰ অধীনলৈ যায় । চৰকাৰে সেই সময়ত আশা কৰিছিল যে এই ব্যৱস্থাই সমগ্ৰ প্ৰক্ৰিয়াত স্বচ্ছতা আনিব আৰু বজাৰৰ ভিত্তিত মূল্য নিৰ্ধাৰণ হ'ব ।
২০১০-২০১৪ চনলৈ খাৰুৱা তেলৰ মূল্য যথেষ্ট বৃদ্ধি, বাঢ়িল পেট্ৰ'লৰ মূল্যও
পেট্ৰ'লৰ মূল্য নিৰ্ধাৰণৰ নতুন ব্যৱস্থাৰ আৰম্ভণিৰ সময়তেই খাৰুৱা তেলৰ বজাৰত জুই লাগিছিল । খাৰুৱা তেলৰ (ব্ৰেণ্ট) মূল্য প্ৰতি বেৰেলত ১০০ ডলাৰৰ ওপৰলৈ গৈছিল । ফলত পেট্ৰ'লৰ মূল্যত প্ৰভাৱ পৰিছিল । দেশত দ্ৰুতগতিত পেট্ৰ'লৰ মূল্য বৃদ্ধি হৈছিল । ২০১৩-১৪ চনৰ ভিতৰত দেশৰ বহু চহৰত পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ৭০ টকা অতিক্ৰম কৰিছিল । খাৰুৱা তেলৰ মূল্য বৃদ্ধি হোৱাৰ বাবে পেট্ৰ'লৰ মূল্যবৃদ্ধিক সেই সময়ত স্বাভাৱিক বুলি ধৰি লোৱা হৈছিল ।
২০১৪-২০১৬ : খাৰুৱা তেলৰ মূল্য হ্ৰাস, কিন্তু সস্তা নহ’ল পেট্ৰ'ল
২০১৪ চনৰ পৰা ২০১৬ চনলৈ এই সময়খিনি ভাৰতত ইন্ধনৰ মূল্যৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ আছিল । ২০১৪ চনৰ পিছৰ মাহবোৰত বিশ্বৰ বজাৰত ইন্ধনৰ মূল্য যথেষ্ট হ্ৰাস পাইছিল । ১০০ ডলাৰৰ পৰা নামি ২০১৬ চনলৈ খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত প্ৰায় ৩০ ডলাৰ হৈছিল । এনে পৰিস্থিতিত বিভিন্ন দেশত হ্ৰাস পাইছিল পেট্ৰ'ল-ডিজেলৰ মূল্য । কিন্তু ভাৰতত নকমিল পেট্ৰ'লৰ মূল্য । ইয়াৰ কাৰণ আছিল কেন্দ্ৰীয় চৰকাৰৰ শুল্ক বৃদ্ধি । খাৰুৱা তেলৰ মূল্য কম হোৱাৰ সুযোগ লৈ চৰকাৰে ইন্ধনৰ ওপৰত কৰ বৃদ্ধি কৰি অধিক ৰাজহ সংগ্ৰহৰ ব্যৱস্থা কৰিলে । সেই সময়ৰ পৰাই দেশত পেট্ৰ'লৰ মূল্য নিৰ্ধাৰণৰ ব্যৱস্থাত বৃহৎ পৰিৱৰ্তন আহিল । পূৰ্বে খাৰুৱা তেলৰ মূল্যই পেট্ৰ'ল-ডিজেলৰ মূল্য নিৰ্ধাৰণ কৰিছিল কিন্তু ২০১৪ চনৰ পিছৰ পৰা কৰ গুৰুত্বপূৰ্ণ অংশ হৈ পৰিল ।
পেট্ৰ'লৰ মূল্যত কৰৰ ভূমিকা
২০১০ চনৰ শেষৰফালে ভাৰতত পেট্ৰ'লৰ মূল্য নিৰ্ধাৰণৰ মূল উপাদানসমূহ আছিল এনেধৰণৰ-
- ভিত্তি মূল্য
- শোধন আৰু পৰিবহণ ব্যয়
- কেন্দ্ৰীয় চৰকাৰৰ কৰ
- ৰাজ্যিক কৰ
- ডিলাৰৰ কমিছন
দেশৰ বহু ৰাজ্যত পেট্ৰলৰ খুচুৰা মূল্যৰ প্ৰায় অধিক অংশই হৈছে কৰ । ফলত আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস হ'লেও পেট্ৰ'লৰ মূল্য হ্ৰাস হোৱা দেখা নাযায় ।
ক'ভিড মহামাৰীৰ সময়ত পেট্ৰ'লৰ মূল্য
২০২০ চনৰ ক'ভিড সৃষ্ট পৰিস্থিতিৰ বাবে বিশ্ব বজাৰত খাৰুৱা তেলৰ মূল্য অভাৱনীয়ভাৱে হ্ৰাস পাইছিল । বিশ্বজুৰি হোৱা লকডাউনৰ ফলত বিমান, উদ্যাগ, পৰিবহণ সেৱা স্থবিৰ হৈ পৰে । ফলস্বৰূপে তেলৰ চাহিদাও হ্ৰাস পায় । কিন্তু আচৰিত কথাটো হ'ল যে সেই সময়তো ভাৰতত পেট্ৰ'লৰ মূল্য আশানুৰূপভাৱে হ্ৰাস হোৱা নাছিল । বৰঞ্চ চৰকাৰে কৰ বৃদ্ধি হে কৰিলে । যাক লৈ সেই সময়ত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল । বিৰোধী দল, বিভিন্ন সংগঠন আদিয়ে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল । সকলোৰে এটাই অভিযোগ আছিল যে খাৰুৱা তেলৰ মূল্য হ্ৰাস হ'লেই চৰকাৰে অধিক কৰ আৰোপ কৰে আৰু জনসাধাৰণৰ ওপৰত মূল্যবৃদ্ধিৰ বোজা জাপি দিয়ে ।
২০২১-২০২৫ : পেট্ৰ'লৰ মূল্যই চেঞ্চুৰী মাৰিলে
ইফালে ২০২১ চনৰ পিছৰ পৰা দেশৰ বহু ৰাজ্যত পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ১০০ ঘৰ স্পৰ্শ কৰিলে ।
ইয়াৰ অন্যতম কাৰণ হৈছে-
- বিশ্ববজাৰত খাৰুৱা তেলৰ চাহিদা বৃদ্ধি
- ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ
- যোগান শৃংখলত বাধা
- ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্ৰাস
- কৰ নীতি
চৰকাৰে পেট্ৰ'লৰ মূল্য বজাৰ অনুসৰি নিৰ্ধাৰণ হয় বুলি দাবী কৰিছিল যদিও সেই সময়ত বহুতে অভিযোগ কৰিছিল যে ৰাজনৈতিক কাৰণত পেট্ৰ'লৰ মূল্য সংশোধনত পলম হৈছিল ।
খাৰুৱা তেল আৰু পেট্ৰ'লৰ মূল্যৰ সংযোগ
২০১০ চনৰ পৰা ২০২৫ চনলৈ ভাৰতত ইন্ধনৰ মূল্য অৰ্থনীতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ আছিল কিয়নো খাৰুৱা তেলৰ মূল্য আৰু পেট্ৰ'লৰ মূল্যৰ মাজৰ সম্পৰ্কে লাহে লাহে দুৰ্বল হৈ যোৱা যেন দেখা গ'ল ।

পেট্ৰ'লৰ মূল্যৰ পূৰ্বৰ সূত্ৰ
খাৰুৱা তেলৰ মূল্য বৃদ্ধি = পেট্ৰ'লৰ মূল্য বৃদ্ধি
খাৰুৱা তেলৰ মূল্য হ্ৰাস = পেট্ৰ'লৰ মূল্য হ্ৰাস
পেট্ৰ'লৰ মূল্যৰ নতুন সূত্ৰ
খাৰুৱা তেলৰ মূল্য বৃদ্ধি = পেট্ৰ'লৰ মূল্য বৃদ্ধি
খাৰুৱা তেলৰ মূল্য হ্ৰাস = কৰ বৃদ্ধি, পেট্ৰ'লৰ মূল্যত কোনো প্ৰভাৱ নাই

ইন্ধনৰ ওপৰত চৰকাৰে কৰ আৰোপ কিয় কৰে ?
পেট্ৰ'ল-ডিজেলৰ ওপৰত কৰ আৰোপ হৈছে চৰকাৰৰ বাবে ৰাজহ সংগ্ৰহৰ অন্যতম উৎস । চৰকাৰৰ মতে পেট্ৰ'ল-ডিজেলৰ ওপৰত কৰ আৰোপ কৰিলে ইন্ধনৰ চাহিদা পৰিৱৰ্তন নহয় । লগতে দৈনিক ৰাজহ সংগ্ৰহ হয় আৰু এই ৰাজহ কল্যাণমূলক ব্যয়ত সমৰ্থন আগবঢ়ায় ।

কিন্তু পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধিৰ প্ৰভাৱ সাধাৰণ জনতাৰ ওপৰত অতি ভয়ংকৰভাৱে পৰে । বিশেষকৈ পৰিবহণ ব্যয় বৃদ্ধি হয় । ইয়াৰ ফলস্বৰূপে খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি, মধ্যবিত্ত শ্ৰেণীৰ বাজেটত চাপ আৰু ক্ষুদ্ৰ ব্যৱসায়ত ব্যয় বৃদ্ধি পায় ।
লক্ষণীয়ভাৱে ভাৰতে প্ৰয়োজনীয় খাৰুৱা তেলৰ প্ৰায় ৮০-৯০ শতাংশ আমদানি কৰে । সেয়েহে বিশ্ববজাৰত খাৰুৱা তেলৰ মূল্যৰ পৰিৱৰ্তনে ভাৰতৰ অৰ্থনীতিত প্ৰত্যক্ষ প্ৰভাৱ পেলায় ।
ইন্ধনৰ মূল্য নিৰ্ধাৰণৰ বাবে ৰাজসাহায্য-চালিত ব্যৱস্থাৰ পৰা কৰ-চালিত ব্যৱস্থা
ইন্ধনৰ মূল্য নিৰ্ধাৰণৰ বাবে ৰাজসাহায্য-চালিত ব্যৱস্থাৰ পৰা কৰ-চালিত ব্যৱস্থা কৰাৰ প্ৰধান উদ্দেশ্য আছিল আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে দেশীয় বজাৰৰ সংযোগ স্থাপন কৰা । কিন্তু বাস্তৱ ক্ষেত্ৰত সেয়া নহ'ল ! কৰনীতি, চৰকাৰী ৰাজহ সংগ্ৰহৰ প্ৰয়োজনীয়তা আৰু ৰাজনৈতিক নীতিয়ে পেট্ৰ'লৰ মূল্য নিৰ্ধাৰণত গুৰুত্ব লাভ কৰিলে । ফলত বিগত ১৫ বছৰত ভাৰতত পেট্ৰ'ল-ডিজেলৰ মূল্যৰ ক্ষেত্ৰত বাস্তৱ সত্যটো হ'ল বিশ্ববজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস হ'লেও ভাৰতত পেট্ৰ'ল সস্তা হ'ব বুলি কোনো নিশ্চয়তা নাই ।
महंगाई मानव मोदी का फिर से हमला।
— Rahul Gandhi (@RahulGandhi) May 25, 2026
पेट्रोल-डीज़ल के दाम किश्तों में बढ़ाते हैं - ताकि चुपके-चुपके आपकी जेब कटती रहे।
मैं महीनों से आर्थिक तूफान आने की बात कह रहा था। पर मोदी जी तब हमेशा की तरह चुनाव में व्यस्त थे - और चुनाव खत्म होते ही पेट्रोल-डीजल ₹8 महंगा कर दिया।
और, ये…
পেট্ৰ'ল-ডিজেল = ৰাজনৈতিক ইছ্যু
পেট্ৰ'ল-ডিজেলৰ মূল্যই কেৱল সাধাৰণ লোকৰ বাজেটতে প্ৰভাৱ পেলোৱা নাই । ৰাজনৈতিক ক্ষেত্ৰখনতো ইয়াৰ যথেষ্ট গুৰুত্ব আছে । কিয়নো ৰাজনৈতিক বিতৰ্কৰ অন্যতম বিষয় ইন্ধন বা পেট্ৰ'ল-ডিজেলৰ মূল্য । ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিৰোধীত থকা ভাৰতীয় জনতা পাৰ্টীৰ অন্যতম নিৰ্বাচনী ইছ্যু আছিল পেট্ৰ'ল-ডিজেলৰ মূল্য । সেই সময়ত প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোদীয়েও প্ৰতিটো নিৰ্বাচনী সভাতে ইন্ধনৰ মূল্যবৃদ্ধিক লৈ শাসনত থকা কংগ্ৰেছক তীব্ৰ সমালোচনা কৰিছিল । সেইবাৰ নিৰ্বাচনত বিজেপি জয়ী হৈছিল আৰু প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত বহিছিল নৰেন্দ্ৰ মোদী ।
ইয়াৰ পিছত প্ৰতিটো নিৰ্বাচনত বিৰোধীত থকা কংগ্ৰেছে ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে চৰকাৰক দোষাৰোপ কৰা দেখা গৈছে । আগৰ কথা নক'লেও শেহতীয়াকৈ মধ্যপ্ৰাচ্যৰ সংকটৰ ফলত দেশত ইন্ধনৰ মূল্যবৃদ্ধিক লৈ কংগ্ৰেছ দলে বিজেপি নেতৃত্বাধীন চৰকাৰক সমালোচনা অব্যাহত ৰাখিছে । কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ইন্ধনৰ মূল্যবৃদ্ধিক লৈ প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰি কৈছিল যে নৰেন্দ্ৰ মোদী 'মুদ্ৰাস্ফীতি মানৱ' ।
শেহতীয়াকৈ এক্সৰ এটা পোষ্টত তেওঁ লিখিছিল, "মুদ্ৰাস্ফীতি মানৱ মোদীয়ে পুনৰ এবাৰ আঘাত কৰিছে । কিস্তি হিচাপত তেওঁলোকে পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধি কৰিছে । মই কেইবামাহো ধৰি অৰ্থনৈতিক ধুমুহা অহাৰ সতৰ্কবাণী দি আহিছোঁ । কিন্তু প্ৰধানমন্ত্ৰীয়ে তেতিয়াৰ নিৰ্বাচনত ব্যস্ত আছিল আৰু নিৰ্বাচন শেষ হোৱাৰ পিছত পেট্ৰ'ল-ডিজেলৰ মূল্য ৮ টকা বৃদ্ধি কৰিলে ।"
লগতে পঢ়ক :

