২৪ ঘণ্টা লুকাই থকাৰ প্ৰত্যাহ্বান: ইউটিউবত ভিডিঅ' গেম চাই ঘৰৰ পৰা পলাল ২ শিশু
এই গেমত খেলুৱৈয়ে কিছুমান নিয়ম মানি চলি এটা গোপন ঘাটি নিৰ্মাণ কৰি ২৪ ঘণ্টাৰ বাবে তাৰ ভিতৰত লুকাই থাকে ।

Published : August 25, 2026 at 2:16 PM IST
মীৰাট : ভিডিঅ' গেম- বৰ্তমান শিশু, কিশোৰ-কিশোৰী তথা যুৱক-যুৱতীসকল ইয়াৰ দাস হৈ পৰিছে । ঘণ্টাৰ পিছত ঘণ্টা ধৰি তেওঁলোকে ভিডিঅ' গেমত আচ্ছন্ন হৈ থাকে । আনকি বহু শিশু, কিশোৰ বা যুৱক-যুৱতীয়ে এই ভিডিঅ' গেমত এনেদৰে নিমজ্জিত হৈ পৰে যে তেওঁলোকে খোৱা-শোৱা, দিন-ৰাতিৰ কথাও পাহৰি যায় ।
ভিডিঅ' গেম বিভিন্ন ধৰণৰ অনলাইন প্লেটফৰ্মত উপলব্ধ । আনহাতে, এই ভিডিঅ' গেমবোৰৰ বিষয়বস্তুও ভিন্ন । কিছুমান ভিডিঅ' গেমে শিশুক মনোৰঞ্জনৰ খোৰাক দিয়ে যদিও আন কিছুমানে আকৌ প্ৰাণনাশ পৰ্যায়লৈ লৈ যায় ।
STORY | 2 children secretly leave home after watching 24-hr hiding challenge on YouTube
— Press Trust of India (@PTI_News) August 24, 2026
Two children, aged 11 and 7, left their home in Hastinapur, Meerut, after watching a 'Secret House' game video on YouTube. Inspired by it, they set up a base in a secluded spot near a… pic.twitter.com/W7MDeD7Pcr
বিভিন্ন প্ৰত্যাহ্বানমূলক ভিডিঅ' গেমৰ গ্ৰাসত পৰি নিজৰ মূল্যৱান সময়ৰ লগতে জীৱন-যৌৱনো বিসৰ্জন দিবলৈ কুণ্ঠাবোধ নকৰে । এনেকুৱা বহু উদাহৰণ শেহতীয়াকৈ সংবাদ মাধ্যমত প্ৰকাশ হৈ আহিছে । শেহতীয়া তেনে এক ঘটনাত যোৱা বছৰ দুগৰাকী কিশোৰী ভগ্নীয়ে একেলগে জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা সংবাদ মাধ্যমত প্ৰকাশ পাইছিল ।
শেহতীয়াভাৱে ভিডিঅ' গেমৰ কুপ্ৰভাৱত পৰি দুটি শিশুৱে এক নকৰিবলগীয়া কাম কৰাৰ কথা পোহৰলৈ আহিছে । ভিডিঅ' গেমৰ এক প্ৰত্যাহ্বান গ্ৰহণ কৰি শিশু দুটিয়ে মনে মনে ঘৰৰ ওলাই আহে । যাৰ ফলত শিশু দুটিৰ পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশত ।
ইউটিউবত ‘ছিক্ৰেট হাউছ’ গেমৰ ভিডিঅ’ চাই উত্তৰ প্ৰদেশৰ মীৰাটৰ হস্তিনাপুৰৰ দুটা শিশু নিজৰ ঘৰৰ পৰা ওলাই আহে । শিশু দুটাৰ বয়স ক্ৰমে ১১ বছৰ আৰু ৭ বছৰ । এই ভিডিঅ' গেমৰ পৰা পৰা অনুপ্ৰাণিত হৈ তেওঁলোকে ‘২৪ ঘণ্টীয়া প্ৰত্যাহ্বান’ গ্ৰহণ কৰিবলৈ এটা ফাৰ্ম হাউছৰ ওচৰৰ এক নিৰ্জন ঠাইত ঘাটি স্থাপন কৰে বুলি আৰক্ষীয়ে সোমবাৰে জনায় ।
অৱশ্যে আৰক্ষী আৰু ‘মিছন শক্তি’ৰ দলে প্ৰায় দুঘণ্টাৰ ভিতৰতে দুয়োটি শিশুকে নিৰাপদে উদ্ধাৰ কৰি পৰিয়ালক গতাই দিয়ে । চক্ৰ বিষয়া (মাৱানা) পংকজ লাভানিয়াই জনোৱা মতে, দেওবাৰে বিয়লি হস্তিনাপুৰৰ বি-ব্লক কল'নীৰ বাসিন্দা দুটি শিশু হঠাতে ঘৰৰ পৰা নিৰুদ্দেশ হৈছিল ।
তেওঁ উল্লেখ কৰে যে শিশু দুটিৰ পৰিয়ালে তেওঁলোকক বিচাৰি চুবুৰীয়া আৰু আত্মীয়ৰ ঘৰ চলাথ কৰে । কিন্তু তেওঁলোকৰ কোনো সন্ধান নোপোৱাত পৰিয়াল দুটাই আৰক্ষীক অৱগত কৰে ।
উল্লেখ্য যে এই গেমত খেলুৱৈয়ে কিছুমান নিয়ম মানি চলি এটা গোপন ঘাটি নিৰ্মাণ কৰিব লাগে । ইয়াৰ পিছত ২৪ ঘণ্টাৰ বাবে তাৰ ভিতৰত লুকাই থাকে ।
চক্ৰ বিষয়াগৰাকীয়ে লগতে কয় যে সোধা-পোছাৰ সময়ত শিশু দুটিয়ে এই গেমৰ ভিডিঅ' চোৱাৰ কথা প্ৰকাশ কৰে আৰু তাৰ পৰাই অনুপ্ৰাণিত হৈ নিজেই একেধৰণৰ গেম খেলাৰ সিদ্ধান্ত লয় ।

