বসুধৈৱ কুটুম্বকম ! 'কা' কাৰ্যকৰী হোৱাৰ পিছত পাকিস্তান-আফগানিস্তানৰ ১৫৩ শৰণাৰ্থীক ভাৰতীয় নাগৰিকত্ব প্ৰদান
দেশত 'কা' কাৰ্যকৰী হোৱাৰ পিছৰ ছবি ৷ মুখ্যমন্ত্ৰীয়ে দিলে হিচাপ ।

Published : February 23, 2026 at 8:31 PM IST
ডেৰাডুন(উত্তৰাখণ্ড): বিগত সময়ত দেশজুৰি প্ৰৱল প্ৰতিবাদ হোৱাৰ পিছতো দেশত CAA কাৰ্যকৰী হোৱাত বহিঃৰাষ্ট্ৰৰ পৰা অহা শতাধিক হিন্দু শৰণাৰ্থীক নাগৰিকত্ব প্ৰদান কৰা হৈছে । ইতিমধ্য়ে উত্তৰাখণ্ডত পাকিস্তান আৰু আফগানিস্তানৰ শৰণাৰ্থীক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হৈছে । ৰাজ্য়খনত পাকিস্তান আৰু আফগানিস্তানৰ শতাধিক শৰণাৰ্থীয়ে লাভ কৰিছে ভাৰতীয় নাগৰিকত্ব ।
উত্তৰাখণ্ডত পাকিস্তান আৰু আফগানিস্তানৰ ১৫৩ গৰাকী হিন্দু আৰু শিখ শৰণাৰ্থীক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হৈছে । আনহাতে এতিয়াও ডেৰাডুনত বাস কৰা প্ৰায় ৪০-৫০ জন শৰণাৰ্থীৰ আৱেদনৰ পৰীক্ষণ প্ৰক্ৰিয়া চলি আছে।
পুংখানুপুংখ পৰীক্ষণ প্ৰক্ৰিয়াৰে নাগৰিকত্ব প্ৰদান :
বহিঃৰাষ্ট্ৰৰ পৰা অহা শৰণাৰ্থীক পুংখানুপুংখ পৰীক্ষণ প্ৰক্ৰিয়াৰ অন্ততহে নাগৰিকত্ব প্ৰদান কৰা হৈছে । ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ সমন্বয়ত বহিঃৰাষ্ট্ৰৰ পৰা অহাৰ পিছত ভাৰতত বসবাস কৰা শৰণাৰ্থীক নাগৰিকত্ব প্ৰদান কৰা হয় । কোনো শৰণাৰ্থীয়ে যেতিয়া ভাৰতীয় নাগৰিকত্বৰ বাবে আৱেদন কৰে তেতিয়া তেওঁলোকৰ ওপৰত এক সম্যক পৰীক্ষণ প্ৰক্ৰিয়া কৰা হয় ।
উল্লেখ্য় যে এতিয়ালৈকে উত্তৰাখণ্ডত ১৫৩ জনক নাগৰিকত্ব প্ৰদান কৰা হৈছে । ইয়াৰ ভিতৰত ৬ জন আফগানিস্তানৰ পৰা অহা লোক । আনহতে ১৪৭ জন লোক আহিছে পাকিস্তানৰ পৰা ৷ এই আটাইকেইজন লোক উত্তৰাখণ্ডত দীৰ্ঘদিনধৰি বসবাস কৰি আহিছে । ইয়াৰে অধিকাংশই হিন্দু । একাংশ শিখ সম্প্ৰদায়ৰ লোকো আছে ।
आदरणीय प्रधानमंत्री श्री @narendramodi जी के कुशल नेतृत्व में भारत सरकार द्वारा नागरिकता संशोधन अधिनियम (CAA) लागू किया जाना एक ऐतिहासिक निर्णय है। इस कानून के तहत पड़ोसी देशों में धार्मिक उत्पीड़न का सामना कर चुके हिंदू, सिख, बौद्ध और जैन समुदाय के लोगों को भारत में सम्मानपूर्वक… pic.twitter.com/JU6bihL1EO
— Pushkar Singh Dhami (@pushkardhami) February 23, 2026
এই জিলাসমূহত শৰণাৰ্থীৰ বসতি স্থাপন :
উত্তৰাখণ্ডৰ ডেৰাডুন জিলাত মূলতঃ বহিঃৰাষ্ট্ৰৰ পৰা প্ৰব্ৰজন কৰা লোকসকলে বাস কৰে । তদুপৰি হৰিদ্বাৰ, উধম সিং নগৰ, নাইনিতাল আৰু উত্তৰকাশী জিলাত বাস কৰা একাংশ বিদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হৈছে । তেওঁলোকক এতিয়াৰে পৰা ভাৰতীয় নাগৰিক হিচাপে গণ্য় কৰা হ’ব ।
মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে CAA প্ৰৱৰ্তন কৰে । এই আইনৰ অধীনত বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ পৰা অহা নিৰ্যাতিত হিন্দু, শিখ, বৌদ্ধসকলক নাগৰিকত্ব প্ৰদানৰ বাবে এখন বিধেয়ক গৃহীত কৰা হৈছে ।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, "CAA ৰ অধীনত চুবুৰীয়া দেশত ধৰ্মীয় নিৰ্যাতনৰ সন্মুখীন হোৱা হিন্দু, শিখ, বৌদ্ধ, আৰু জৈন সম্প্ৰদায়ৰ লোকসকলে ভাৰতত মৰ্যাদাপূৰ্ণ জীৱন যাপনৰ সুযোগ লাভ কৰিছে । উত্তৰাখণ্ডতো ১৫৩ জন লোকক নাগৰিকত্ব প্ৰদান কৰা হৈছে । এই পদক্ষেপে কেৱল মানৱীয় মূল্যবোধক শক্তিশালী কৰাই নহয়, বসুধৈৱ কুটুম্বকমৰ মনোভাৱকো মূৰ্ত কৰি তুলিছে । সমগ্ৰ বিশ্বতে বসবাস কৰা হিন্দুসকলক জাতীয়তাৰ সৈতে সংযোগ কৰিছে ।"
CAA কি ?
CAA মানে নাগৰিকত্ব সংশোধনী আইন ২০১৯ । এয়া হৈছে ভাৰতৰ নাগৰিকত্ব আইন ১৯৫৫ সংশোধন কৰা এক উল্লেখযোগ্য আইন । এই আইনখনে আফগানিস্তান, বাংলাদেশ বা পাকিস্তানৰ পৰা অনুপ্ৰৱেশকাৰী হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী, বা খ্ৰীষ্টান সম্প্ৰদায়ৰ লোকৰ বাবে ভাৰতীয় নাগৰিকত্বৰ দ্ৰুত পথ প্ৰদান কৰে ।
ভাৰত চৰকাৰে নাগৰিকত্ব আইন, ১৯৫৫ সংশোধন কৰি পাকিস্তান, বাংলাদেশ, আফগানিস্তানৰ পৰা ধৰ্মীয় নিৰ্যাতনৰ বাবে পলায়ন কৰা অমুছলমান শৰণাৰ্থীসকলক নাগৰিকত্ব প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । নাগৰিকত্ব সংশোধনী বিধেয়কখন লোকসভাত গৃহীত হোৱাৰ পিছদিনা ২০১৯ চনৰ ১১ ডিচেম্বৰত ৰাজ্যসভাত CAA বিধেয়ক গৃহীত হয় ।
২০১৯ চনৰ ১২ ডিচেম্বৰত তদানীন্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অনুমোদন লাভ কৰাৰ পিছতে বিধেয়কখন আইনত পৰিণত হয় । সেই অনুসৰি ২০২০ চনৰ ১০ জানুৱাৰীত কাৰ্যকৰী হয় নাগৰিকত্ব সংশোধনী আইন (CAA)। ২০২৪ চনৰ ১১ মাৰ্চত নাগৰিকত্ব সংশোধনী আইনখনক অধিসূচনা কৰে আৰু পৰৱৰ্তী সময়ত দেশজুৰি কাৰ্যকৰী কৰা হয় । এই আইনৰ অধীনত ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে ভাৰতত উপস্থিত হোৱা অমুছলমান শৰণাৰ্থীক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ।

