দিল্লী এইমছৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ! ১৩ বছৰে নাপালে এটা তাৰিখ, প্ৰাণ হেৰুৱালে তনভিয়ে
দিল্লী এইমছৰ বিৰুদ্ধে নথিপত্ৰৰ জটিলতাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। সঠিক সময়ত অস্ত্ৰোপচাৰ নকৰাৰ ফলতে ৰোগীয়ে প্ৰাণ হেৰুওৱাৰ অভিযোগ ।

Published : September 2, 2026 at 6:34 PM IST
নতুন দিল্লী: দেশৰ আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠান দিল্লী এইমছৰ বিৰুদ্ধে গাফলতি আৰু লেহেমীয়া চিকিৎসাৰ অভিযোগ উত্থাপন হৈছে । দিল্লী এইমছৰ এনে এক মৰ্মান্তিক ঘটনা পোহৰলৈ আহিছে ।
মঙলবাৰে এইমছ চৌহদত ৰাজস্থানৰ কোটাৰ তনভি নামৰ ১৫ বছৰীয়া কিশোৰীগৰাকীয়ে প্ৰাণ হেৰুৱায় ।
মৃত কিশোৰীগৰাকীৰ পিতৃ মুকেশ পৰিয়ানীয়ে চিকিৎসালয় প্ৰশাসন আৰু চিকিৎসকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে জটিল হৃদৰোগত আক্ৰান্ত তেওঁৰ কন্যাই ১৩ বছৰ ধৰি অস্ত্ৰোপচাৰৰ তাৰিখ বিচাৰি এইমছত ঘূৰি ফুৰিছিল । কিন্তু চিকিৎসালয়ৰ লেহেমীয়া নীতিৰ বাবে সময়মতে অস্ত্ৰোপচাৰ কৰা নহ’ল । এই লেহেমীয়া নীতি আৰু গাফিলতিয়ে অৱশেষত তাইৰ জীৱন হেৰুৱাই পেলালে ।
২ বছৰ বয়সৰ পৰা এইমছত চলি আছিল চিকিৎসা
কোটাৰ বাসিন্দা তনভি জন্মগতভাৱে হৃদৰোগ (ভেণ্টিকুলাৰ ষ্টেপল ডিফেক্ট তথা ভিএছডিৰ লগতে পালমনেৰী এত্ৰেছিয়া)ত আক্ৰান্ত হৈ আছিল । যেতিয়া তনভি ২ বছৰীয়া আছিল তেতিয়াই এক আশা লৈ প্ৰথমবাৰৰ বাবে দিল্লী এইমছলৈ আনিছিল ।
পৰিয়ালৰ অভিযোগ অনুসৰি ২০১৪ চনত চিকিৎসালয়ৰ নথি-পত্ৰত অস্ত্ৰোপচাৰৰ পৰামৰ্শ দিয়া হৈছিল আৰু ২০১৫ চনত অস্ত্ৰোপচাৰৰ তাৰিখো নিৰ্ধাৰণ কৰা হৈছিল ।
কিন্তু পৰৱৰ্তী সময়ত বিভিন্ন অজুহাত দেখুৱাই অস্ত্ৰোপচাৰৰ দিন পিছুৱাই লৈ যায় । পিতৃ মুকেশ পৰিয়ানীয়ে কয় যে যদি সময় থাকোতেই চিকিৎসকে অস্ত্ৰোপচাৰ কৰিলেহেঁতেন তেন্তে তেওঁৰ কন্যা আজি জীৱিত অৱস্থাত থাকিলহেঁতেন । ২৪ আগষ্টৰ পৰা ৩১ আগষ্টলৈকে চিকিৎসকে তেওঁৰ কন্যাক এবাৰো নোচোৱাৰ অভিযোগ কৰে ।
চিকিৎসালয়ৰ ৰেকৰ্ড অনুসৰি ২৪ আগষ্টত পুনৰ এইমছত তনভিক ভৰ্তি কৰোৱা হৈছিল। চিকিৎসকে জনোৱা মতে, তেওঁৰ কম্বাইণ্ড হাৰ্ট আৰু হাওঁফাওঁ ট্ৰান্সপ্লাণ্টৰ বাবে ৱৰ্ক-আপ চলি আছিল । সোমবাৰে সন্ধিয়া প্ৰায় ৭ বজাত এণ্ড’স্কপি প্ৰক্ৰিয়া সম্পন্ন কৰা হয়, তাৰ পিছত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰে ।
চিটিভিএছ কেন্দ্ৰৰ মুৰব্বী ডাঃ ভি দেৱগৌৰুৱে বুজাই দিয়ে যে মঙলবাৰে পুৱা প্ৰায় ২:৫০ বজাত কিশোৰীগৰাকীয়ে অত্যন্ত দুৰ্বলতা অনুভৱ কৰাৰ লগতে উশাহ-নিশাহ লোৱাত অসুবিধা পোৱা বুলি অভিযোগ উত্থাপন কৰে । কিশোৰীগৰাকীৰ অক্সিজেনৰ মাত্ৰা ৪৮ শতাংশলৈ হ্ৰাস পায় যদিও চিকিৎসকে অক্সিজেন দি সুস্থিৰ কৰাৰ চেষ্টা কৰিছিল । কিন্তু তাইক পুনৰুজ্জীৱিত কৰিব নোৱাৰি পুৱা প্ৰায় ৫:০৬ বজাত মৃত ঘোষণা কৰে ।
কন্যাৰ মৃত্যুত পৰিয়ালটো গভীৰভাৱে শোকত ভাগি পৰে । শোকসন্তপ্ত পিতৃয়ে এইমছ প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি মৃত্যুৰ সন্তোষজনক ব্যাখ্যা প্ৰদান নকৰা বুলি উল্লেখ কৰে । তেওঁ চিকিৎসালয়ৰ কৰ্মচাৰীসকলৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ উত্থাপন কৰে যে তেওঁক বাৰে বাৰে কাগজ-পত্ৰৰে হাৰাশাস্তি কৰিছিল আৰু বহুবাৰ তেওঁক চিকিৎসালয়ৰ পৰা নিবলৈ হেঁচা প্ৰয়োগ কৰিছিল ।
সমগ্ৰ ঘটনাৰ ষড়যন্ত্ৰৰ সন্দেহ কৰি শোকসন্তপ্ত পিতৃয়ে উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে । যেতিয়ালৈকে চিকিৎসালয় প্ৰশাসনে তেওঁলোকৰ উদ্বেগ আৰু বছৰ বছৰ ধৰি চলি থকা লেহেমীয়া নীতিৰ স্পষ্ট উত্তৰ নিদিয়ে তেতিয়ালৈকে ন্যায় দাবী কৰি পৰিয়ালটোৱে কন্যাৰ মৃতদেহ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে ।
এইমছ প্ৰশাসনৰ স্পষ্টীকৰণ
আনহাতে, এইমছৰ জ্যেষ্ঠ চিকিৎসকসকলে যুক্তি আগবঢ়ায় যে ২০১৮ চনৰ এটা পৰীক্ষাৰ সময়ত কিশোৰীগৰাকীৰ হাওঁফাওঁলৈ তেজ যোগান ধৰা মূল ৰক্তবাহী নলী (পালমনাৰী ধমনী) বিকশিত হোৱা নাছিল ।
ইয়াৰ পিছত ৰুটিন কাৰেকটিভ চাৰ্জাৰীক বিপদসংকুল বুলি গণ্য কৰা হৈছিল আৰু তেওঁক চিকিৎসকৰ তত্বাৱধানত ৰখা হৈছিল ।
কিন্তু দেশৰ সৰ্ববৃহৎ চৰকাৰী প্ৰতিষ্ঠানটোত এগৰাকী ৰোগীয়ে ১৩ বছৰ ধৰি চিকিৎসাৰ সন্ধানত হাবাথুৰি খাই অৱশেষত মৃত্যুবৰণ কৰাৰ এই ঘটনাই পুনৰবাৰ চৰকাৰী চিকিৎসা ব্যৱস্থাৰ কাম-কাজক লৈ গুৰুতৰ প্ৰশ্নৰ উত্থাপন কৰিছে ।

