ETV Bharat / bharat

জেনেৰেটৰৰ লগতে ঠাইতে নোহোৱা হ’ল ১৩২ ফুট ওখ ম’বাইল টাৱাৰ

তদন্তৰ নিৰ্দেশ দিলে জিলা আৰক্ষী অধীক্ষকে ৷

MOBILE TOWER STOLEN IN BUXAR
আৱাসিক এলেকাত সংঘটিত হৈছে এই চুৰি কাণ্ড (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 12, 2026 at 9:36 PM IST

3 Min Read
Choose ETV Bharat

বক্সাৰ(বিহাৰ): এক অভিনৱ চুৰি কাণ্ডই সকলোৰে চকু কপালত তুলিছে ৷ নিশাটোৰ ভিতৰতে অন্তৰ্ধান হৈছে প্ৰায় ১৩২ ফুট ওখ এটা ম’বাইল টাৱাৰ ৷ টাৱাৰৰ লগতে ঠাইতে নোহোৱা হৈছে ১৫ কিল’ৱাট শক্তিসম্পন্ন এটা জেনেৰেটৰ ৷

এই ঘটনাই আৰক্ষী প্ৰশাসনৰো চকু থৰ কৰিছে ৷ আৱাসিক এলেকাত থকা এই টাৱাৰটো জনচক্ষুৰ আঁৰৰ পৰা অনায়াসে চোৰে চুৰি কৰি নিয়ে ৷ এই ঘটনাটো বিহাৰৰ বক্সাৰৰ ৷

মেৰামতি কৰিবলৈ অহা বিষয়াসকল স্তম্ভিত

বিহাৰৰ ডুমৰাও থানাৰ অধীনষ্ঠ ১৮ নং ৱাৰ্ডত সংঘটিত হৈছে এই ঘটনা । বছৰ বছৰ ধৰি পৰিত্যক্ত হৈ ৰোৱা ম’বাইল টাৱাৰটো মেৰামতি কৰিবলৈ জিটিএল কোম্পানীৰ বিষয়া-কৰ্মচাৰীসকল ডুমৰাওত উপস্থিত হৈছিল ৷ তাৰপিছতহে সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷ কিয়নো ১৩২ ফুট উচ্চতাৰ টাৱাৰটো আশে-পাশে ক’তোৱেই বিচাৰি পোৱা নগ’ল ৷

টাৱাৰৰ লগতে জেনেৰেটৰো অন্তৰ্ধান

টাৱাৰটোৰ লগতে ১৫ কিল’ৱাট শক্তিসম্পন্ন জেনেৰেটৰটোৰ লগতে অন্যান্য কাৰিকৰী সঁজুলিসমূহো নিৰ্ধাৰিত স্থানৰ পৰা অন্তৰ্ধান হয় ৷ ইয়াৰ পিছতে ম’বাইল কোম্পানীটোৰ এজন প্ৰতিনিধি ডুমৰাও থানাত উপস্থিত হৈ লিখিত অভিযোগ দাখিল কৰে ৷ এই অভিযোগ লাভৰ পিছতে আৰক্ষীয়ে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে ।

MOBILE TOWER STOLEN IN BUXAR
ঠাইতে নোহোৱা হ’ল ১৩২ ফুট ওখ ম’বাইল টাৱাৰ (ETV Bharat)

ভূমিৰ গৰাকীয়ে কি কয় ?

ডুমৰাওৰ ১৮ নং ৱাৰ্ডৰ বাসিন্দা তথা ম’বাইল টাৱাৰটো স্থাপন কৰা ভূমিৰ গৰাকী হৰেনাথ যাদৱেও এই সমগ্ৰ চুৰিকাণ্ড সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য ৰাজহুৱা কৰিছে । তেওঁ কয় যে ২০১০ চনত কোম্পানীটোৰ সৈতে টাৱাৰ স্থাপনৰ বিষয়ত ১২ বছৰৰ বাবে এক চুক্তি স্বাক্ষৰিত হৈছিল ৷ এই চুক্তিৰ ম্যাদ ২০২২ চনতে শেষ হৈছিল । তাৰপিছৰ পৰা কোম্পানীটোৱে তেওঁক কোনো ধৰণৰ ধন পৰিশোধ কৰা নাই ৷

হৰেনাথ যাদৱে কয়, ‘‘ধন নিদিয়াৰ বিষয়টো লৈ চাৰিবাৰকৈ কোম্পানীলৈ জাননী প্ৰেৰণ কৰা হৈছিল যদিও তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল । শেহতীয়াকৈ তেওঁলোকে টাৱাৰটো আৰু ইয়াৰ সৈতে জড়িত সঁজুলিসমূহ অন্তৰ্ধান হোৱাৰ কথাটো জানিব পাৰে বুলি মোক অৱগত কৰিছে ।’’

নিৰুদ্দিষ্ট টাৱাৰটো সন্দৰ্ভত প্ৰশ্নৰ অৱতাৰণা

প্ৰায় ১৫ বছৰ ধৰি উক্ত স্থানত টাৱাৰটো থকা বুলি স্থানীয় লোকে জনায় ৷ কিন্তু যোৱা ১৫-২০ দিন ধৰি কোনোৱে টাৱাৰটো তাত দেখা পোৱা নাছিল । প্ৰথমতে স্থানীয় লোকে ধৰি লৈছিল যে কোম্পানীয়ে হয়তো টাৱাৰটো সেই স্থানৰ পৰা ইয়াক আঁতৰাই পেলাইছে, কিন্তু তেতিয়ালৈকে চুৰিৰ কথাটো পোহৰলৈ অহা নাছিল ৷

বিষয়টোত আৰক্ষীৰ তদন্ত আৰম্ভ

এই সন্দৰ্ভত আৰক্ষী অধীক্ষক শুভম আৰ্যই কয় যে আৰক্ষীয়ে স্থানীয় থানাৰ জৰিয়তে এই চুৰিৰ খবৰ লাভ কৰে ৷ এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । তেওঁ লগতে কয় যে ঘূমিৰ গৰাকী আৰু অন্যান্য কিছু ব্যক্তিকো এই সংক্ৰান্তত সোধা-পোছা কৰা হ’ব ।

বক্সাৰৰ আৰক্ষী অধীক্ষক শুভম আৰ্যই কয়, ‘‘চুৰি কাণ্ডটোৰ সন্দৰ্ভত তথ্য লাভ কৰা হৈছে । অভিযোগ লাভৰ পিছত তদন্ত অব্যাহত আছে । ভূমিৰ গৰাকীক জেৰা চলোৱা হ’ব । তদন্তৰ সময়ত লাভ কৰা তথ্যৰ ভিত্তিত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।’’

নিৰাপত্তাৰ ব্যৱস্থাক লৈ বিতৰ্কৰ সৃষ্টি

শেহতীয়াকৈ সংঘটিত এনে ঘটনাই নিৰাপত্তা ব্যৱস্থা সন্দৰ্ভত জনসাধাৰণৰ মাজত এক নতুন বিতৰ্কৰ সূচনা কৰিছে । স্থানীয় লোকে যুক্তি আগবঢ়ায় যে যদিহে চোৰে ১৩২ ফুট ওখ ম’বাইল টাৱাৰ আৰু এটা বিশাল আকৃতিৰ জেনেৰেটৰ চুৰ কৰি নিব পাৰে, তেন্তে সাধাৰণ লোকৰ নিৰাপত্তা ক’ত বুলি আৰক্ষী-প্ৰশাসনক প্ৰশ্ন কৰে ৷

লগতে পঢ়ক: নিৰ্বাচন আয়োগৰ বিৰুদ্ধে যন্তৰ-মন্তৰত কংগ্ৰেছৰ ‘সত্যাগ্ৰহ’