ETV Bharat / bharat

AI-ত ভাৰতৰ সাফল্যত আপ্লুত বিশ্বনেতা : ‘মন কী বাত’ত মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 131 সংখ্যক মন কী বাত অনুষ্ঠান ৷ অনুষ্ঠানত AI Summit-ৰ কথা উল্লেখ ৷

MANN KI BAAT
মন কী বাত (ETV Bharat)
author img

By ANI

Published : February 22, 2026 at 12:59 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী : ফেব্ৰুৱাৰী মাহৰ শেষৰটো দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ জনপ্ৰিয় ৰেডিঅ’ অনুষ্ঠান মন কী বাতত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে । দিল্লীত অনুষ্ঠিত হৈ থকা গ্ল’বেল এ আই ছামিটৰ বিষয়ে উল্লেখ কৰি তেওঁ অংগদানৰ ওপৰত গুৰুত্ব আৰোপ কৰে । মন কী বাত অনুষ্ঠানতে তেওঁ কেৰালাৰ এগৰাকী নিৰীহ ছোৱালী আলিন শ্বেৰিন আব্ৰাহামৰ কথাও কয় ৷

প্ৰধানমন্ত্ৰী মন কী বাত অনুষ্ঠানত তেওঁ কয় যে গ্ল’বেল এ আই ছামিটত দেশৰ শক্তি প্ৰদৰ্শন কৰা হৈছে । এই এআই সন্মিলনে বিশ্ববাসীক উপকৃত কৰিব । প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "সন্মিলনখনত মই বিশ্বৰ নেতা আৰু টেক চিইঅ'সকলক (Tech CEO) লগ পোৱাৰ সুযোগ পাইছিলো । এআই শীৰ্ষ সন্মিলনৰ প্ৰদৰ্শনীত মই বিশ্বৰ নেতাসকলক আমাৰ বহু বস্তু দেখুৱাইছিলো ।"

131st episode mann ki baat PM modi radio programme
গ্ল’বেল এ আই ছামিটত প্ৰধানমন্ত্ৰী (ANI)

এই সন্মিলনৰ কথা আলোকপাত কৰি তেওঁ কয়, ‘‘AI-এ আমাক জীৱ-জন্তুৰ চিকিৎসাত বহুত সহায় কৰিছে ৷ কৃষকসকলে AI-ৰ সহায়ত কেনেকৈ ২৪/৭ তেওঁলোকৰ দুগ্ধপাম আৰু জীৱ-জন্তু নিৰীক্ষণ কৰিব পৰা হৈছে ।’’

প্ৰধানমন্ত্ৰী মোদীয়ে অংগদানৰ ওপৰতো গুৰুত্ব আৰোপ কৰে । তেওঁ কেৰালাৰ এগৰাকী কণমানি ছোৱালীৰ কথা উল্লেখ কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘পিতৃ-মাতৃৰ বাবে সন্তান হেৰুৱাতকৈ ডাঙৰ দুখ নাই । একেবাৰে সৰু সন্তানকো হেৰুৱাৰ যন্ত্ৰণাও বহু কষ্টকৰ । মাত্ৰ কেইদিনমানৰ আগতে আমি কেৰালাৰ এগৰাকী সৰু ছোৱালী আলিন শ্বেৰিন আব্ৰাহামক হেৰুৱালো ।’’

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "অংগদানৰ বিষয়ে সজাগতা বাঢ়িছে । চিকিৎসা গৱেষণাকো উৎসাহিত কৰা হৈছে । আলিনৰ দৰে বহুতে অংগদানৰ জৰিয়তে কাৰোবাক দ্বিতীয় জীৱন দিছে ।"

প্ৰধানমন্ত্ৰী মোদীয়ে আৰু কয়, "আজাদী কা অমৃত মহোৎসৱৰ সময়ত মই লালকিল্লাত মোৰ পাঁচটা প্ৰণৰ (প্ৰতিজ্ঞা) কথা কৈছিলো । ইয়াৰে এটা হৈছে দাসত্বৰ মানসিকতাৰ পৰা মুক্তি । আজি দেশে দাসত্বৰ অৱশিষ্ট এৰি ভাৰতীয় সংস্কৃতিৰ প্ৰতীকক মূল্য দিবলৈ আৰম্ভ কৰিছে । কাইলৈ ​​২৩ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতিত ৰাজাজী মহোৎসৱ উদযাপন কৰা হ'ব । এই প্ৰদৰ্শনী ২৪ ফেব্ৰুৱাৰীৰ পৰা ১ মাৰ্চলৈ চলিব ।"

লগতে পঢ়ক : SIRৰ পিছত ৯খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ভোটাৰ সংখ্যা ১.৭০ কোটিলৈ হ্ৰাস