ETV Bharat / bharat

দশম-দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ ৪৩ লাখৰো অধিক ছাত্ৰ-ছাত্ৰী

এতিয়াৰে পৰা বছৰত দুবাৰকৈ অনুষ্ঠিত হ’ব দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষা ।

10TH AND 12TH CBSE CLASS EXAMS
কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডৰ দশম-দ্বাদশ শ্ৰেণীৰ পৰীক্ষা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 17, 2026 at 1:49 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী: আজিৰে পৰা আৰম্ভ হৈছে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডৰ ২০২৬ বৰ্ষৰ ব’ৰ্ড পৰীক্ষা । দশম শ্ৰেণীৰ পৰীক্ষা গণিতৰে আৰম্ভ হোৱাৰ বিপৰীতে দ্বাদশ শ্ৰেণীৰ কাকত বায়োটেকনোল'জী আৰু চৰ্টহেণ্ড । উল্লেখ্য় যে চলিত বৰ্ষৰ পৰা ব’ৰ্ডে দশম শ্ৰেণীৰ পৰীক্ষাত বৃহৎ পৰিৱৰ্তন সাধন কৰিছে । এতিয়া বছৰত দুবাৰকৈ অনুষ্ঠিত হ’ব দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষা । অহা ১৫ মে’ৰ পৰা ১ জুনৰ ভিতৰত দ্বিতীয়টো পৰীক্ষা অনুষ্ঠিত হ’ব ।

দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ ২৫ লাখ শিক্ষাৰ্থী :

এইবাৰ দশম শ্ৰেণীৰ পৰীক্ষাত ১৪,০৮,৫৪৬ জন ছাত্ৰ আৰু ১০,৯৯,৭৭৩ গৰাকী ছাত্ৰীকে ধৰি মুঠ ২৫,০৮,৩১৯ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছে । এই পৰিসংখ্যা বিগত বছৰতকৈ বেছি । মূল বিষয়, দক্ষতা আৰু ঐচ্ছিক বিষয়কে ধৰি মুঠ ৮৩টা বিষয় পৰীক্ষা অনুষ্ঠিত হ’ব । দশম শ্ৰেণীৰ বাবে দেশজুৰি ৮,০৭৫টা পৰীক্ষা কেন্দ্ৰ স্থাপন কৰা হৈছে । এইবাৰ ছাত্ৰ-ছাত্ৰীসকলে যাতে দীঘলীয়া দূৰত্ব যাত্ৰা কৰিব নালাগে তাৰ বাবে ব’ৰ্ডে চহৰ আৰু গাওঁ উভয় অঞ্চলত সমানেই কেন্দ্ৰ স্থাপন কৰিছে ।

10TH AND 12TH CBSE CLASS EXAMS
কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডৰ দশম-দ্বাদশ শ্ৰেণীৰ পৰীক্ষা (ETV Bharat)

দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ্থী ১৮.৫৯ লাখ :

উল্লেখ্য় যে এইবাৰ দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাত মুঠ ১,৮৫৯,৫৫১ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছে । ইয়াৰে ১,০২৭,৫৫২ জন ছাত্ৰ আৰু ৮৩১,৯৯৯ গৰাকী ছাত্ৰী । এইবাৰ মুঠ ১২০টা বিষয়ত পৰীক্ষাত অনুষ্ঠিত হ’ব । ইয়াৰ ভিতৰত বিজ্ঞান, বাণিজ্য আৰু কলাৰ লগতে বৃত্তিমূলক পাঠ্যক্ৰমসমূহো সামৰি লোৱা হৈছে । সমগ্ৰ দেশতেই দ্বাদশ শ্ৰেণীৰ বাবে ৭,৫৭৪টা পৰীক্ষা কেন্দ্ৰ স্থাপন কৰা হৈছে ।

লগতে পঢ়ক:চি বি এছ ইৰ দুটা বৰ্ড পৰীক্ষাৰ নতুন নিয়ম, প্ৰথম পৰীক্ষাত হাজিৰ হোৱাটো কিয় বাধ্যতামূলক ?

প্ৰথমখন দেওনা ! আজিৰে পৰা আৰম্ভ হাইস্কুল শিক্ষান্ত পৰীক্ষা