১০ বছৰত ১০০টা নতুন বিমানবন্দৰ নিৰ্মাণ কৰিব ভাৰতে : কে ৰামমোহন নাইডু
আহমেদাবাদ বিমানবন্দৰত ভাৰতৰ তৃতীয়টো ‘হাব এণ্ড স্প’ক’ অভিযান উদ্বোধন ।

By PTI
Published : September 2, 2026 at 11:57 AM IST
আহমেদাবাদ : ভাৰতে অহা ১০ বছৰত ১০০টা নতুন বিমানবন্দৰ নিৰ্মাণ কৰিব । এই বিমানবন্দৰ নিৰ্মাণ কৰোতে ৩০ হাজাৰ কোটি টকা ব্য়য় হ'ব । কেন্দ্ৰৰ আঞ্চলিক সংযোগ আঁচনি 'ইউডিএএন' (উড়ান)ৰ অধীনত এই বিমানবন্দৰকেইটা নিৰ্মাণ কৰিবলৈ পৰিকল্পনা কৰি বুলি অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰামমোহন নাইডুৱে ঘোষণা কৰিছে ।
‘হাব এণ্ড স্প’ক’ অভিযান উদ্বোধন
মঙলবাৰে আহমেদাবাদ বিমানবন্দৰৰ পৰা তেওঁ ভাৰতৰ তৃতীয়টো ‘হাব এণ্ড স্প’ক’ অভিযান উদ্বোধন কৰি নতুন বিমানবন্দৰ নিৰ্মাণ সন্দৰ্ভত মন্তব্য় কৰে । এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰি নাইডুৱে কয়, "২০১৪ চনত ৭৪টা বিমানবন্দৰ আছিল । আজি আমি গৌৰৱেৰে ক'ব পাৰো যে ভাৰতৰ মানচিত্ৰত ১৬৬টা বিমানবন্দৰ সন্নিবিষ্ট হৈছে ।"
এই সংখ্য়া ৭৪ৰ পৰা ১৬৬লৈ বৃদ্ধি পোৱাটো দেশৰ বাবে অভিলেখ বুলি মন্তব্য় কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয়, "যোৱা ১২ বছৰত আমি মোটামুটি প্ৰতি ৪০ দিনৰ মূৰে মূৰে একোটাকৈ নতুন বিমানবন্দৰ বা নতুন টাৰ্মিনেলৰ কাম সম্পূৰ্ণ কৰিছো ।"
মন্ত্ৰীগৰাকীয়ে কয় যে এই ১২ বছৰীয়া যাত্ৰা অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ বাবে কেৱল আৰম্ভণিহে আছিল । বিগত দশকত 'উড়ান' আঁচনিয়ে বিমান ভ্ৰমণ খণ্ডলৈ অনা বৈপ্লৱিক পৰিৱৰ্তনৰ ওপৰত সম্প্ৰসাৰণ কৰা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়,"ভৱিষ্যতলৈ লক্ষ্য ৰাখি আমি অহা ১০ বছৰত ১০০ টা নতুন বিমানবন্দৰ নিৰ্মাণ কৰিবলৈ প্ৰায় ৩০,০০০ কোটি টকা ব্যয় কৰাৰ পৰিকল্পনা কৰিছো ।"
মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে, ২০২৬-২৭ বিত্তীয় বৰ্ষৰ পৰা ২০৩৫-৩৬ বিত্তীয় বৰ্ষলৈ ১০ বছৰৰ বাবে আঞ্চলিক সংযোগ আঁচনি সংশোধিত 'ইউডিএএন'মুকলি আৰু কাৰ্যকৰীত অনুমোদন জনোৱা হৈছে । চলিত বৰ্ষৰ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে কেন্দ্ৰৰ বাজেটৰ সহযোগত মুঠ ব্যয় ২৮,৮৪০ কোটি টকাৰে এই অনুমোদন জনাইছে ।
মঙলবাৰে নাইডুৱে আহমেদাবাদ বিমানবন্দৰত ভাৰতৰ তৃতীয়টো ‘হাব এণ্ড স্প’ক’ অভিযান উদ্বোধন কৰে । যাত্ৰীসকলক আন্তঃৰাষ্ট্ৰীয় গন্তব্যস্থানলৈ নিৰৱচ্ছিন্নভাৱে সংযোগ কৰাটোৱেই হৈছে ‘হাব এণ্ড স্প’ক’ৰ উদ্দেশ্য় । এই কৌশলৰে ভাৰতীয় কেন্দ্ৰীয় বিমান বন্দৰসমূহৰ জৰিয়তে দেশৰ বিভিন্ন প্ৰান্তৰ যাত্ৰীসকলক একেবাৰে সহজ আৰু নিৰৱচ্ছিন্ন আন্তঃৰাষ্ট্ৰীয় সংযোগ প্ৰদান কৰি দেশখনক বিশ্বৰ এক প্ৰধান বিমান যাত্ৰা কেন্দ্ৰলৈ পৰ্যবসিত কৰিবলৈ লক্ষ্য় বান্ধি লোৱা হৈছে ।
চাহিদা এতিয়া কেৱল ৰে’ল ষ্টেচন বা ৰে’ল ষ্টপ নহয়
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে অসামৰিক বিমান পৰিবহণ দেশৰ ভিতৰতে আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা খণ্ড । দেশৰ জনসাধাৰণৰ চাহিদা এতিয়া কেৱল ৰে’ল ষ্টেচন বা ৰে’ল ষ্টপৰ বাবে নহয়, নিজৰ চহৰৰ বিমানবন্দৰ বুলিও মন্ত্ৰীগৰাকীয়ে কয় ।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পুনৰ কয়,"এই চাহিদা কেৱল ডাঙৰ চহৰত সীমাবদ্ধ নহয় -- ই টায়াৰ-২ আৰু টায়াৰ-৩ চহৰ, হিমালয়ৰ অঞ্চল, দুৰ্গম অঞ্চল আৰু লক্ষদ্বীপ আৰু আন্দামানৰ দৰে দ্বীপৰ পৰা আহিছে । সকলোতে মানুহে সুধিছে যে তেওঁলোকৰ অঞ্চলত কেতিয়া বিমানবন্দৰ নিৰ্মাণ কৰা হ'ব । এয়া আধুনিক ভাৰতৰ কণ্ঠ । আমি ইয়াৰ কথা শুনিছো, সেই অনুসৰি নীতি প্ৰণয়ন কৰিছো আৰু আগবাঢ়িছো ।"
ভাৰতে দ্ৰুতগতিৰে নিজৰ বিমানবন্দৰৰ নেটৱৰ্ক সম্প্ৰসাৰিত কৰি থকাৰ সময়তে প্ৰকৃত প্ৰত্যাহ্বান নিৰ্মাণত নহয় বুলি উল্লেখ কৰি মন্ত্ৰী নাইডুৱে কয় যে এই বিমানবন্দৰসমূহ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় উভয় পৰ্যায়ত ফলপ্ৰসূভাৱে সংযোগ কৰা হৈছে, তাৰ ওপৰতে নিৰ্ভৰ কৰে ।
মন্ত্ৰীগৰাকীয়ে কয়, "সুবিধাৰ প্ৰয়োজনীয়তাৰ কথা বিবেচনা কৰি, আমি 'হাব-এণ্ড-স্প'ক' মডেলৰ বিশাল সম্ভাৱনীয়তা অনুভৱ কৰিছিলো ।" মডেলটোৰ বিষয়ে ব্যাখ্যা কৰি নাইডুৱে কয় যে সাধাৰণতে আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাসমূহ ডাঙৰ চহৰৰ পৰাহে চলি থাকে। উদাহৰণস্বৰূপে দিল্লীয়ে ৫৪টা গন্তব্যস্থানৰ সৈতে প্ৰত্যক্ষ সংযোগ প্ৰদান কৰে।
তেওঁ কয়, "অৱশ্যে আকাংক্ষা বৃদ্ধি পাইছে; মানুহে এতিয়া বিচাৰে যে আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা বৰ্তমানৰ বিমানবন্দৰৰ পৰা আৰম্ভ হওক । ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় যাতায়ত পৰিচালনা কৰা বিমানবন্দৰৰ পৰা উন্নত ঘৰুৱা সংযোগ বিচাৰিছে । এই প্ৰয়োজনীয়তাসমূহ একত্ৰিত কৰি আমি হাব-এণ্ড-স্পক মডেলৰ সূচনা কৰিলো ।" মন্ত্ৰীগৰাকীয়ে কয় যে বাৰানসী আৰু অমৃতসৰৰ পৰাই এই আঁচনিখন আৰম্ভ হৈছিল । এই ক্ষেত্ৰৰ পৰা লাভ কৰা সঁহাৰি অতি ইতিবাচক আছিল বুলিও তেওঁ কয় ।
দুটা স্থানত কাৰ্যকলাপ আৰম্ভ কৰি আহমেদাবাদ আদৰ্শ পছন্দ আছিল, কাৰণ চহৰখন আৰু গুজৰাটৰ পৰা অহা প্ৰবাসী ভাৰতীয় সম্প্ৰদায়টো সমগ্ৰ বিশ্বতে আছে । সেয়েহে মন্ত্ৰালয়ক এই অঞ্চলৰ পৰা সংযোগৰ বাবে অহৰহ অনুৰোধ কৰিছিল । এই অনুষ্ঠানত গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু উপ মুখ্যমন্ত্ৰী হৰ্ষ চাংভিও উপস্থিত থাকে ।
লগতে পঢ়ক :মনে সজা জিডিপি প্ৰকাশেৰে ভাৰতৰ প্ৰকৃত অৰ্থনীতি লুকুৱাব বিচাৰিছে মোদী চৰকাৰে: কংগ্ৰেছ নেতা
সৰিয়হৰ ডুলিতে ভূত ! পঞ্জাব নেশ্ব'নেল বেংকত ওলাল ১৭ কোটি টকাৰ জাল নোট
ভাৰতৰ ৭৪ শতাংশ জেন-জিয়ে নেতৃত্বতকৈ অধিক অগ্ৰাধিকাৰ দিয়ে কৰ্মজীৱনৰ ভাৰসাম্যতাক

