ETV Bharat / bharat

২৪ ঘণ্টাত ১০ নৱজাতকৰ মৃত্যু: মালদা মেডিকেল কলেজত মৰ্মান্তিক ঘটনা

মালদা চিকিৎসা মহাবিদ্যালয়ৰ বিষয়াই কয় যে জন্মৰ সময়ত শ্বাস-প্ৰশ্বাসৰ সমস্যা, চেপটিচেমিয়া আৰু জণ্ডিচৰ বাবেই শিশুকেইটাৰ মৃত্যু হৈছে ।

WEST BENGAL NEWBORN DEATH
প্ৰতিনিধিত্বমূলক ছবি (IANS)
author img

By ETV Bharat Assamese Team

Published : August 26, 2026 at 5:22 PM IST

3 Min Read
Choose ETV Bharat

মালদা (পশ্চিমবংগ) : আগষ্টৰ দ্বিতীয় সপ্তাহত পশ্চিমবংগৰ মালদা মেডিকেল কলেজত ২৪ ঘণ্টাৰ ভিতৰত কমেও ১০টা নৱজাতকৰ মৃত্যু হয় । ইয়াৰ পিছতে পশ্চিমবংগৰ স্বাস্থ্য বিভাগে ঘটনা সন্দৰ্ভত এক বিস্তৃত প্ৰতিবেদন বিচাৰিছে ।

প্ৰসূতি আৰু নৱজাতকৰ যত্ন লোৱা ১১২০ খন বিছনাযুক্ত মালদা মেডিকেল কলেজ হাস্পতালৰ মাতৃ আৰু শিশু বিভাগ ‘মাট্ৰিমা’ত এই মৃত্যুৰ ঘটনাৰ বাতৰি পোৱা গৈছে ।

অভিযোগ কৰা হৈছে যে চিকিৎসা কৰ্তৃপক্ষই প্ৰথম অৱস্থাত বিশেষ চিন্তা প্ৰকাশ কৰা নাছিল । আনহাতে, বেছিভাগ কৰ্মচাৰীয়েই এই পৰিস্থিতিৰ বিষয়ে অৱগত নাছিল । মানক প্ৰট’কলৰ অধীনত দৈনিক জন্ম আৰু মৃত্যুৰ প্ৰতিবেদন চৰকাৰী পৰ্টেলত আপলোড কৰা হয়; এই প্ৰক্ৰিয়াৰ জৰিয়তেহে এই বিষয়টো স্বাস্থ্য বিভাগৰ মুখ্য কাৰ্যালয় স্বাস্থ্য ভৱনৰ দৃষ্টিগোচৰ হয় । স্বাস্থ্য বিভাগৰ বিষয়াসকলে চিকিৎসা কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি জৰুৰীভাৱে ভিডিঅ’ কনফাৰেন্স আহ্বান কৰি এই সন্দৰ্ভত প্ৰতিবেদন বিচাৰিছে ।

সূত্ৰ অনুসৰি, সেইদিনা মৃত্যু হোৱা ১০টা নৱজাতকৰ ভিতৰত ৮টাক আন বিভিন্ন চিকিৎসালয় বা নাৰ্ছিং হোমৰ পৰা চিকিৎসা মহাবিদ্যালয়খনলৈ প্ৰেৰণ কৰা হৈছিল ।

চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ এজন বিষয়াই জনোৱা অনুসৰি, চৰকাৰী চিকিৎসালয়ত সাধাৰণতে কম উপাৰ্জনৰ পৰিয়ালৰ গৰ্ভৱতী মহিলাক ভৰ্তি কৰোৱা হয় । আনহাতে, মধ্যম বা উচ্চ বিত্ত শ্ৰেণীৰ পৰিয়ালৰ গৰ্ভৱতী মহিলাই সাধাৰণতে প্ৰসৱৰ বাবে ব্যক্তিগত চিকিৎসালয় বা নাৰ্ছিং হোমৰ পথ বাছি লয় । ব্যক্তিগত চিকিৎসালয়সমূহে প্ৰায়ে ৰোগীক লাভৰ বাবে শোষণ কৰে, নৱজাতকক ক্ৰিটিকেল কেয়াৰ ইউনিটত (CCU) ৰখা হয় আৰু প্ৰয়োজন নহ’লেও চিকিৎসা কৰা হয় ।

চিচিইউত এই অপ্ৰয়োজনীয়ভাৱে ৰখাৰ ফলত নৱজাতকৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে । ফলস্বৰূপে যেতিয়া তেওঁলোকৰ জীয়াই থকাৰ সম্ভাৱনা অত্যন্ত ক্ষীণ যেন লাগে তেতিয়া নৱজাতকক চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰাৰ ধাৰা বৃদ্ধি পাইছে । নৱজাতকক চিকিৎসা মহাবিদ্যালয়লৈ অনাৰ সময়লৈকে তেওঁলোকৰ অৱস্থা প্ৰায়ে ইমানেই অৱনতি ঘটে যে চিকিৎসকে কিবা কৰিব পৰাৰ ক্ষমতা বহু কম হয় । একাংশ চিকিৎসকে দাবী কৰে যে এই কেঁচুৱাবোৰৰ বহুতৰে ক্ষেত্ৰতো একেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল ।

মালদা মেডিকেল কলেজ হাস্পতালৰ সহকাৰী অধ্যক্ষ তথা চিকিৎসালয়খনৰ অধীক্ষক প্ৰসেনজিত বাৰে কয়, "শেহতীয়াকৈ মালদা মেডিকেল কলেজত এদিনতে ১০টা কেঁচুৱাৰ মৃত্যু হৈছে । মৃত্যুৰ কাৰণ ভিন্ন আছিল; কিছুমান শিশুৰ জন্মৰ সময়ত ওজন অতি কম আছিল । আনহাতে, কিছুমানৰ জন্মৰ সময়ত শ্বাস-প্ৰশ্বাসৰ সমস্যা হৈছিল । চেপ্টিচেমিয়া আৰু জণ্ডিচৰ দৰে অৱস্থাৰ ফলতো মৃত্যু হৈছে । আমি তদন্ত কৰি আছোঁ । আমি ইতিমধ্যে এক প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল কৰিছোঁ আৰু এই ১০টা কেঁচুৱাৰ ভিতৰত ৮টা কেঁচুৱাক বাহিৰৰ চিকিৎসালয়ৰ পৰা ৰেফাৰ কৰা হৈছিল । আনহাতে, বাকী দুটাৰ জন্ম এই চিকিৎসা মহাবিদ্যালয় হাস্পতালতে হৈছিল ।"

সূত্ৰসমূহে জনোৱা মতে, মালদা মেডিকেল কলেজত প্ৰতিদিনে গড়ে চাৰিটা শিশুৰ মৃত্যু সাধাৰণতে নিয়ম বুলি গণ্য কৰা হয় যদিও ২৪ ঘণ্টাৰ ভিতৰত ১০টা নৱজাতকৰ মৃত্যুক অভূতপূৰ্ব বুলি গণ্য কৰা হৈছে । প্ৰায় ১৫ বছৰ পূৰ্বে শিশুৰ মৃত্যুৰ হাৰ বৃদ্ধি পোৱাৰ বাবে চিকিৎসালয়খন সংকটৰ সন্মুখীন হৈছি ল। সেই সময়ত ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে পৰিস্থিতিৰ মূল্যায়নৰ বাবে ততাতৈয়াকৈ বস্তক্ষেপ কৰিছিল ।

লগতে পঢ়ক :ৰে'ল লাইনত ৰীল বনাবলৈ গৈ যুৱতীয়ে হেৰুৱালে দুয়োখন হাত
লগতে পঢ়ক :কৰ্ণাটকৰ হ্ৰদত ওপঙি উঠিল ৫ সন্তানসহ মাতৃৰ মৃতদেহ