আলফা (স্বাধীন)ৰ আই ডি সংস্থাপনত জড়িত তিনি যুৱকক কাৰাগাৰলৈ প্ৰেৰণ - ULFA I bomb plant case - ULFA I BOMB PLANT CASE

🎬 Watch Now: Feature Video

thumbnail
তিনি যুৱকক ডিব্ৰুগড় কাৰাগাৰলৈ প্ৰেৰণ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : September 22, 2024 at 11:02 PM IST

1 Min Read
Choose ETV Bharat

মৰাণ, ২২ ছেপ্টেম্বৰ: স্বাধীনতা দিৱসৰ দিনা ৰাজ্যৰ বিভিন্ন প্ৰান্তত বোমা সংস্থাপন কৰাৰ অভিযোগত ১৫ গৰাকী লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিচত ইয়াৰে তিনি যুৱকক ডিব্ৰুগড় কাৰাগাৰলৈ প্ৰেৰণ কৰিছে ।  

আলফা (স্বাধীন)ৰে যোগাযোগ থকাৰ অভিযোগত মৰাণত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নতুন নগৰৰ উজ্জ্বল গগৈ, লেঙেৰীৰ ভাৰ্গৱ গগৈ আৰু তপন জ্যোতি ফুকন ওৰফে নেপালীক ৷ ১৫ আগষ্টত ৰাজ্যৰ বিভিন্ন স্থানত আইডি সংস্থাপনত জড়িত থকাৰ সন্দেহত শনিবাৰে নিশা অসম আৰক্ষীৰ এটা বিশেষ অভিযানকাৰী দলে তিনিওকে গ্ৰেপ্তাৰ কৰে ৷ মৰাণ থানাত ধৃত তিনি যুৱকক প্ৰাথমিক সোধা-পোছাৰ পাছত দেওবাৰে বিয়লি ডিব্ৰুগড় কাৰাগাৰলৈ প্ৰেৰণ কৰিছে ৷  

অসম আৰক্ষীৰ বিশেষ শাখা আৰু এনআইএৰ দলে সমগ্ৰ বিষয়টো তদন্ত কৰি থকাৰ সময়তে যোৱা নিশা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা মুঠ ১৫ গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰে ৷ 

লগতে পঢ়ক:আলফাৰ বোমা সংস্থাপনৰ ঘটনাৰে জড়িত ১৫ জনক গ্ৰেপ্তাৰ - ULFA I bomb plant case

আলফা(স্বাঃ) ৰ নামত ধনদাবী কৰি আটক যুৱক: গুৱাহাটীত বোমা সংস্থাপনতো জড়িত থকাৰ অভিযোগ - ULFA I linkman detained

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details