ব্ৰহ্মপুত্ৰ নৈত জাপ দি সন্ধানহীন যুৱক - Youth drowned in Brahmaputra - YOUTH MISSING IN DHUBRI
🎬 Watch Now: Feature Video

Published : August 20, 2024 at 10:51 PM IST
ধুবুৰী, 20 আগষ্ট: ৰাখী পূৰ্ণিমাৰ দিনাই ধুবুৰীত শোকাৱহ ঘটনা ৷ ড্ৰাগছৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি খেদ প্ৰকাশ কৰিছে ভুক্তভোগী পৰিয়ালৰ লোকে ৷ ধুবুৰী জিলাৰ বি এছ এছ ঘাটত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো ৷
জানিব পৰা মতে, সোমবাৰৰ নিশা ধুবুৰীৰ এজন যুৱকৰ পৰিয়ালৰ লোকৰ সৈতে কোনো কথাত মতানৈক্য হোৱাৰ পাছতে ধুবুৰী চহৰৰ সংলগ্ন বি এছ এছ ঘাটলৈ গৈ ব্ৰহ্মপুত্ৰ নৈত জাপ দিয়ে । ইয়াৰ পিছৰ পৰা ধুবুৰী চহৰৰ 3 নম্বৰ ৱাৰ্ডৰ বাসিন্দা দীনেশ চৌধুৰী নামৰ লোকজন সন্ধানহীন হৈ আছে বুলি পৰিয়ালৰ লোকে দাবী কৰিছে ।
আনপিনে দীনেশ চৌধুৰী নামৰ লোকজন পানীত জাপ দিছে নে নাই সেয়া কোনেও প্ৰত্যক্ষ কৰা নাই যদিও পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি এছ ডি আৰ এফ আৰু আৰক্ষী প্ৰশাসনে লোকজনক বিচাৰি অভিযান অব্যাহত ৰাখিছে ।
সন্ধানহীন যুৱকজন ড্ৰাগছ আসক্ত বুলি জনাই পৰিয়ালৰ লোকে আৰু আত্মহত্যাৰ লক্ষ্যৰেই জাপ দিয়া বুলি সন্দেহ প্ৰকাশ কৰিছে ।