ৰহস্যজনক অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ; হত্যা নে আন কিবা ? - Body Found In Gaurisagar - BODY FOUND IN GAURISAGAR

🎬 Watch Now: Feature Video

thumbnail
যুৱকক হত্যাৰ সন্দেহ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : September 18, 2024 at 3:08 PM IST

1 Min Read
Choose ETV Bharat

আমগুৰি, ১৮ ছেপ্টেম্বৰ: শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত ফুলপানীচিগা মাজুমেলীয়া গাঁৱত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ । গাঁওখনৰ মিন্টু বৰগোহাঁই নামৰ লোকজনৰ ঘৰৰ পাছফালে দীপাংকৰ বৰুৱা (২৬) নামৰ যুৱকজনৰ মৃতদেহ বুধবাৰে পুৱা উদ্ধাৰ হয় ।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি ভাৰতীয় সেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত জোৱান মিন্টু বৰগোহাঁইয়ে অবৈধভাৱে সুৰাৰ ব্যৱসায় কৰি আহিছিল । এইজন লোকৰ ঘৰৰ পিছফালে কি কাৰণত পুৱা দীপাংকৰ মৃত অৱস্থাত উদ্ধাৰ হ'ল সেয়া ৰহস্যজনক বিষয় বুলি স্থানীয় ৰাইজে মন্তব্য় কৰিছে ।

কোনোবাই বাঁহ বা কাঠৰেৰে মৰিয়াই যুৱকজনক হত্যাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে । পুৱা মিন্টু বৰগোহাঁইয়ে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে । ইয়াৰ পিচতেই ঘটনাস্থলীত গৌৰীসাগৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

লগতে পঢ়ক:ডাইনী সন্দেহত একেটা পৰিয়ালৰে ৫ গৰাকী সদস্যক হত্যা - Sukma Murder

বিশ্বকৰ্মা পূজাৰ প্ৰসাদ খাবলৈ অহা মহিলাক ৰক্তাক্ত অৱস্থাত উদ্ধাৰ - LADY ATTACK BY HOUSEMAID

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details