অসম-নাগালেণ্ড সীমান্তত একাংশ মহিলাই বৰষুণত তিতি অৱৰোধ কৰিলে পথ - Artificial Flood In Sarupathar - ARTIFICIAL FLOOD IN SARUPATHAR

🎬 Watch Now: Feature Video

thumbnail
অসম-নাগালেণ্ড সীমান্তত একাংশ মহিলাই বৰষুণত তিতি অৱৰোধ কৰিলে পথ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : July 30, 2024 at 7:24 PM IST

1 Min Read
Choose ETV Bharat

সৰুপথাৰ ৩০ জুলাই: ৰাজ্যত উৎকট গৰমে দহিছে । ইয়াৰ মাজতে সৰুপথাৰত পুৱতি নিশা অহা এজাক বৰষুণেই কৃত্ৰিম বানৰ সৃষ্টি কৰিছে । সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ বজাৰৰ সমীপৰ সোণালী নগৰৰ গাঁও বুৰিল কৃত্ৰিম বানত । বাসগৃহত সোমাল বৰষুণৰ পানী । নৈপৰীয়া নহ’লেও বানৰ কবলত পৰিল সোণালী গাঁৱৰ ৰাইজ ।

বজাৰখনৰ নলা-নৰ্দমা পৰিস্কাৰ নকৰাৰ ফলত বৰষুণৰ পানীতেই বুৰ যায় গাঁওখন । উৰিয়ামঘাট বজাৰৰ নলা-নৰ্দমা পৰিস্কাৰ তথা পানী ওলাই যোৱাৰ সু-পৰিকল্পিত ব্যৱস্থা নথকাৰ বাবে কৃত্ৰিম বানৰ কবলত পৰে অঞ্চলবাসী । এই সমস্যাৰ সমাধান বিচাৰি গাঁওখনৰ লোকসকল আহি উৰিয়ামঘাটৰ মূল পথ অৱৰোধ কৰে । উক্ত সমস্যাৰ স্থায়ী সমাধানৰ ব্যৱস্থা নকৰিলে আন্দোলন অধিক তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীয়ে ।

গাঁওবাসীৰ এই প্ৰতিবাদৰ পাচতেই সীমান্ত দণ্ডাধীশ গাঁৱত উপস্থিত হৈ ঘটনাৰ বুজ লয় ।

লগতে পঢ়ক: পথ নিৰ্মাণৰ দাবীত মাণিকপুৰত ক্ষোভিত লোকৰ প্ৰতিবাদ - Protest for Road construction

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details