হাত নাও ডুবি মাজুলীত মহিলা সন্ধানহীন, উদ্ধাৰ অভিযান অব্যাহত - Boat sank in majuli - BOAT SANK IN MAJULI

🎬 Watch Now: Feature Video

thumbnail
হাত নাও ডুবি মাজুলীত মহিলা সন্ধানহীন, উদ্ধাৰ অভিযান অব্যাহত (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : July 31, 2024 at 12:40 PM IST

1 Min Read
Choose ETV Bharat

মাজুলী, 31 জুলাই: উজনি মাজুলীৰ জেংৰাইমুখ থানাৰ অন্তৰ্গত জাৱৰচুক কাঠনিত মঙলবাৰৰ সন্ধিয়া সংঘটিত হয় এক শোকাৱহ ঘটনা ৷ সন্ধিয়া প্রায় 6.30 বজাত মাছ মাৰিবলৈ গৈ হাত নাও ডুবি এগৰাকী বৃদ্ধা সন্ধানহীন হৈছে বুলি জানিব পৰা গৈছে । 

জানিব পৰা মতে, উজনি মাজুলীৰ জাৱৰচুক কাঠনিত মঙলবাৰৰ সন্ধিয়া হাত নাও লৈ চাৰিগৰাকী মহিলা মাছ মাৰিবলৈ বুলি গৈছিল আৰু তেতিয়াই ব্ৰহ্মপুত্ৰৰ সুঁতিত নাওখনত পানী সোমোৱাৰ ফলত ডুব যায় । ততাতৈয়াকৈ একাংশ প্ৰত্যক্ষদৰ্শীয়ে নাওখনত থকা তিনিগৰাকী মহিলাক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও তাৰ মাজৰে এগৰাকী মহিলা ব্ৰহ্মপুত্ৰৰ সুঁতিটোত সন্ধানহীন হৈ পৰে ।

সন্ধানহীন মহিলাগৰাকী 70 উৰ্ধৰ জেতুকী পেগু বুলি জানিব পৰা গৈছে ৷ ঘটনাস্থলীত এছ ডি আৰ এফৰ দল উপস্থিত হৈ মহিলাগৰাকীৰ সন্ধানত নদীত অভিযান চলায় যদিও আন্ধাৰ হোৱাৰ বাবে অভিযান সামৰিবলৈ বাধ্য হয় ।

বুধবাৰৰ পুৱাৰ পৰা পুনৰ এছ ডি আৰ এফৰ দলে মহিলাগৰাকীৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ৷ এই ঘটনাৰ পিছত সন্ধানহীন মহিলাগৰাকীৰ ঘৰৰ লগতে অঞ্চলজুৰি এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক: অসমকে ধৰি দেশত সংঘটিত হৈছিল এইসমূহ শোকাৱহ তথা বহু চৰ্চিত নাও দুৰ্ঘটনা - Boat Capsize Incidents

অসমকে ধৰি দেশত সংঘটিত হৈছিল এইসমূহ শোকাৱহ তথা বহু চৰ্চিত নাও দুৰ্ঘটনা - Boat Capsize Incidents

বানৰ মাজতে গোৱালপাৰাত মৰ্মান্তিক ঘটনা : নাও ডুবি নিহত কমেও ৩, সন্ধানহীন কেইবাজনো - Boat Accident at Goalpara

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details