ঢেকীয়াপতীয়াৰ আক্ৰমণত আহত মহিলা - কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়

🎬 Watch Now: Feature Video

thumbnail
কলিয়াবত বনৰজাৰ গৰ্জন (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : December 21, 2024 at 8:46 PM IST

1 Min Read
Choose ETV Bharat

কলিয়াবৰ: কলিয়াবত পুনৰ বনৰজাৰ গৰ্জন । বিগত কেইবামাহমানৰ পৰাই ঢেকীয়াপতীয়াই অঞ্চলটোত আতংকৰ সৃষ্টি কৰি আহিছে । ইয়াৰ মাজতেই আজি কলিয়াবৰ চাহ বাগিচাৰ অন্তৰ্গত ১৩ নম্বৰ বাগিচাত এগৰাকী মহিলাক এটা ঢেকীয়াপতীয়াই আক্ৰমণ কৰে । আহত মহিলাগৰাকী বাগিচাখনৰ বৰ লাইনৰ যমুনা গড় বুলি জানিব পৰা হৈছে ।  

ইয়াৰ পিচতেই স্থানীয় ৰাইজে মহিলাগৰাকীক ততাতৈয়াকৈ কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে । স্থানীয় ৰাইজে উল্লেখ কৰা মতে, মহিলাগৰাকীয়ে লগৰীয়াৰ সৈতে পাহাৰত খৰি আনিবলৈ যোৱাৰ সময়ত এই ঘটনাটো সংঘটিত হয় ।  

শিলঘাট-কামাখ্যা পাহাৰ সংৰক্ষিত বনাঞ্চলৰ গাতে লাগি থকা কলিয়াবৰ চাহ বাগিচাত বিচৰণ কৰি আছিল ঢেকীয়াপতীয়াটোৱে । পিচত ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । মহিলাগৰাকীয়ে বন্য জন্তুৰ প্ৰতিৰোধৰ বাবে সংস্থাপন কৰা পাৱাৰ ফেঞ্চিং পাৰ হৈ খৰি আনিবলৈ যাওঁতে বাঘৰ সৈতে মুখামুখি হয় ।

লগতে পঢ়ক:বাঘৰ সন্ত্ৰাসত কলিয়াবৰত বন্ধ ৩ বিদ্যালয় - KALIABOR TIGER TERROR

ইটোৰ পাছত সিটো উপায় বন বিভাগৰ, তথাপিও বাঘ ঘূৰিয়েই আছে - TIGER MENACE IN KALIABOR

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details