৩ দিনে সন্ধান নাই ২ সন্তানৰ মাতৃৰ: পৰকীয়া প্ৰেম নে আন কিবা ? - Woman Missing Case - WOMAN MISSING CASE

🎬 Watch Now: Feature Video

thumbnail
৩ দিনে সন্ধান নাই ২ সন্তানৰ মাতৃৰ (ETV Bharat)

By ETV Bharat Assamese Team

Published : August 10, 2024 at 10:11 PM IST

1 Min Read
Choose ETV Bharat

বঢ়মপুৰ, ১০ আগষ্ট : নগাঁও জিলাৰ কামপুৰৰ কচুৱা থানাৰ অন্তৰ্গত লুটুমাৰী মাটিখোলা গাঁৱত চাঞ্চল্যকৰ ঘটনা । ৭ আগষ্টৰ পৰা সন্ধানহীন এগৰাকী বিবাহিত মহিলা । দুটা সন্তানৰ মাতৃ সন্ধানহীন হোৱাৰ লগে লগে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । পৰিয়ালৰ লোকৰ মাজতো হাহাকাৰ লাগিছে । ইতিমধ্যে পৰিয়ালটো কচুৱা আৰক্ষীৰ কাষ চাপিছে । মহিলাগৰাকীৰ স্বামী তথা পৰিয়ালে সন্দেহ কৰা মতে মহিলাগৰাকীৰ আন কোনো পুৰুষৰ সৈতে সম্পৰ্ক আছিল !

সেই যুৱকৰ সৈতে মহিলাগৰাকী পলাই যোৱাৰো অনুমান কৰিছে স্বামীয়ে । স্বামীৰ মতে এজন যুৱকৰ সৈতে মহিলাগৰাকীৰ ফোনত চিনাকী হৈছিল । স্বামী কৰ্মসূত্ৰে কেৰালাত থকাৰ সুযোগ লৈ সেই যুৱকৰ সৈতে মহিলাগৰাকী পলাই যোৱাৰো সন্দেহ কৰিছে । মহিলাগৰাকীয়ে লক্ষাধিক টকা আৰু সোণ-ৰূপৰ অলংকাৰো লগত লৈ যোৱা বুলি স্বামীয়ে অভিযোগ কৰিছে । অৱশ্যে মহিলাগৰাকী সন্ধানহীন হোৱাৰ আঁৰত কি ৰহস্য আছে ? আৰক্ষীৰ তদন্ততহে সকলো তথ্য পোহৰলৈ আহিব ।

লগতে পঢ়ক :আৰক্ষীৰ নামত ধন সংগ্ৰহৰ অভিযোগত জালত পৰিল ৰহস্যময়ী হাছিনা বেগম - Hasina Begum arrested

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details