কলিয়াবৰৰ জনাঞ্চলত বানত উটি অহা বন্যহস্তীৰ অৱস্থান - ASSAM FLOOD 2024 - KALIABOR

🎬 Watch Now: Feature Video

thumbnail
কলিয়াবৰৰ জনাঞ্চলত বানত উটি অহা বন্যহস্তীৰ অৱস্থান (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : July 15, 2024 at 9:24 PM IST

1 Min Read
Choose ETV Bharat

কলিয়াবৰ, ১৫ জুলাই: কলিয়াবৰৰ চুলুং অঞ্চলত তিনিটা পোৱালীসহ ৬জনীয়া বন্যহস্তীয়ে বিচৰণ কৰিছে । ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ পৰা নদীৰে সাঁতুৰি আহিছে বন্যহস্তীৰ জাকটো । পুৱাই হাতীৰ জাকটো প্ৰত্যক্ষ কৰি আতংকিত হৈ পৰে চুলুং-দলাপানী অঞ্চলৰ বাসিন্দা । বিশেষকৈ হাতীৰ পোৱালিকেইটাক লৈ বিশেষভাৱে শংকিত হৈ পৰিছে স্থানীয় লোকসকল । কিয়নো, হাতীৰ পোৱালিয়ে মানুহৰ কাষলৈ সততে যাবলৈ চেষ্টা কৰে আৰু পোৱালিকেইটাক সুৰক্ষা দিবলৈ জ্যেষ্ঠ হাতীকেইটাই চেষ্টা চলালেই ভয়ানক পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে ।

স্থানীয় লোকে এই সন্দৰ্ভত পৰৱৰ্তী সময়ত বন বিভাগক খবৰ দিয়াত বনবিভাগৰ লোকে জাকটো লাওখোৱা অভয়াৰণ্যৰ দিশে খেদিবলৈ চেষ্টা চলায় । হাতীৰ জাকটো ভূৰবন্ধাৰ নৈপৰীয়া অঞ্চলৰ মৰাপাট খেতিত অৱস্থান গ্ৰহণ কৰাত শংকিত হৈ পৰিছে সেই স্থানৰ বাসিন্দাসকল । আনহাতে, সোণাৰী-কামাখ্যা গাঁৱতো দুটা বনৰীয়া হাতীয়ে অৱস্থান গ্ৰহণ কৰিছে । গাঁৱৰ বাঁহনিত দুয়োটা হাতীয়ে অৱস্থান লৈ থকাত চিন্তিত ৰাইজ ।

উল্লেখ্য যে, কলিয়াবৰৰ শিলঘাট অঞ্চলৰ লগতে সোণাৰী-কামাখ্যা গাঁৱৰ কাষৰীয়া চাহ বাগিচা আৰু পাহাৰত তিনিটাকৈ ঢেকীয়াপতীয়াৰ অৱস্থিতিৰ কথা বন বিভাগে অৱগত কৰিছে । বাঘৰ সন্ত্ৰাস অব্যাহত থকাৰ সময়তে চুলুং অঞ্চলত বনৰীয়া হাতীৰ অৱস্থান পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: চিলাপথাৰত বন্যহস্তীৰ ত্ৰাস: হাতী জাকে ভাঙিলে আপোন পঁজাটি - Man Elephant conflict

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details