বন্যহস্তীৰ জাকৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী কটাইছে কেইবাখনো গাঁৱৰ ৰাইজে - WILD ELEPHANT MENACE
🎬 Watch Now: Feature Video

Published : September 11, 2025 at 5:04 PM IST
যোৰহাট: অভয়াৰণ্য, ঘন জংঘল এৰি দিনে-নিশাই জনাঞ্চলত প্ৰৱেশ কৰি ৰাইজক আতংকিত কৰি তুলিছে হাতীৰ এটা বৃহৎ জাকে । মৰিয়নীৰ হোলোঙাপাৰস্থিত গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা প্ৰায় ৭০/ ৮০ টা বন্যহস্তীৰ এটা বৃহৎ জাকে খেতিপথাৰৰ লগতে তিতাবৰৰ বিভিন্ন অঞ্চলৰ খৰিকটীয়া, চৈকটা, কপৌহুৱা, লেটেকুজানকে ধৰি কেইবাখনো গাঁৱৰ লোকৰ বাসগৃহ, ধানৰ ভঁৰাল আদিৰ ক্ষতিসাধন কৰি একপ্ৰকাৰ সন্ত্ৰাস সৃষ্টি কৰি আহিছে ।
গাঁওবাসীয়ে বন বিভাগক খবৰ দিয়ে যদিও যথা সময়ত বন বিভাগৰ লোক হাতী খেদিবলৈ উপস্থিত নোহোৱাৰ অভিযোগ তোলে ৰাইজে । অভিযোগ মতে, হাতীয়ে ঘৰ ভাঙি যেতিয়া সকলো লণ্ড-ভণ্ড কৰি শেষ কৰি যায়, তাৰ পাছতহে উপস্থিত হয় বনবিষয়া বা বনকর্মীসকল । হাতীৰ সন্ত্ৰাসৰ বাবে নিশাটো উজাগৰে কটাবলগীয়া হৈছে কেইবাখনো গাঁৱৰ ৰাইজে ।
এই সন্দৰ্ভত ভুক্তভোগীয়ে কয়, ‘‘বৃহৎ হাতীৰ জাক আমাৰ গাঁওসমূহত প্ৰৱেশ কৰি এফালৰ পৰা ঘৰ-দুৱাৰ ধ্বংস কৰাৰ লগতে খেতিপথাৰো নষ্ট কৰিছে ৷ ইয়াতে ক্ষান্ত নাথাকি বৃহৎ হাতীৰ জাকে মানুহক আক্ৰমণ কৰিছে ৷ শেহতীয়াকৈ হাতীৰ আক্ৰমণৰ পৰা শিশুসহ কেইবাজনো লোকৰ কথমপি প্ৰাণৰক্ষা পৰিছিল ৷ এই বিষয়সমূহ বন বিভাগৰ লোকক অৱগত কৰাৰ পিছতো তেওঁলোক সময় মতে নাহে ৷ চৰকাৰে আমাক হাতীৰ পৰা ৰক্ষা পাবলৈ টৰ্চ লাইটসহ যাৱতীয় সামগ্ৰী দিয়ক ।’’
উল্লেখ্য যে, বন্যহস্তীৰ আক্ৰমণ ৰোধ কৰিবলৈ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে অঞ্চলটোৰ ৰাইজে ৷
লগতে পঢ়ক: কেনেকুৱা হ'ব গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্প ?