বন্যহস্তীৰ উপদ্ৰৱ: আতচবাজী ফুটাই দায়িত্ব সামৰিছে বন বিভাগে - WILD ELEPHANT MENACE - WILD ELEPHANT MENACE

🎬 Watch Now: Feature Video

thumbnail
হাতী-মানুহৰ সংঘাত (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : August 10, 2024 at 7:34 PM IST

1 Min Read
Choose ETV Bharat

চামগুৰি, ১০ আগষ্ট: নগাঁও জিলাৰ চামগুৰিৰ বিভিন্ন প্ৰান্তত ত্ৰাসৰ সৃষ্টি কৰিছে বন্যহস্তীয়ে। চামগুৰিৰ বিভিন্ন এলেকাত হাতী-মানুহৰ সংঘাত বৃদ্ধি পোৱাৰ সময়তেই অঞ্চলটোৰ হাঁহচৰা-বৰালিগাঁৱত শনিবাৰে পুৱতি নিশা বন্যহস্তীৰ এটা জাকে চলাই উপদ্ৰৱ । নিশাটোৰ ভিতৰতে তিনিটা হাতী থকা এটা জাকে অঞ্চলটোত প্ৰৱেশ কৰি উপদ্ৰৱ চলোৱাত ৰাইজ আতংকিত হয় । বন্যহস্তীৰ জাকটোৱে ভাঙি লণ্ড-ভণ্ড কৰে তিনিটাকৈ পৰিয়ালৰ বাসগৃহ ।  

অৱশ্য়ে সৌভাগ্যক্ৰমে পৰিয়াল তিনিটাৰ সদস্যসকল হাতীৰ আক্ৰমণৰ পৰা ৰক্ষা পৰে । গাঁওখনত নিশা উপদ্ৰৱ চলাই দিনৰ ভাগত সমীপৰে এখন হাবিত বন্যহস্তীৰ জাকটোৱে অৱস্থান গ্ৰহণ কৰা বুলি কয় ভুক্তভোগী ৰাইজে । বিগত কিছুদিন ধৰি অঞ্চলটোত বন্যহস্তীৰ জাকটোৱে উপদ্ৰৱ চলাই আহিছে যদিও এই হাতীৰ জাকটো খেদিবলৈ বন বিভাগে আজি পৰ্যন্ত কোনো বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে।

কেৱল আতচবাজী ফুটাই হাতী খেদাৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰি বন বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰে স্থানীয় লোকসকলে । এইক্ষেত্ৰত স্থানীয় লোকে বাৰম্বাৰ অৱগত কৰি অহাৰ পাছতো শালনা আঞ্চলিক বন বিষয়াই কোনো গুৰুত্বই প্ৰদান নকৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক:লখিমপুৰত বন্যহস্তীৰ আক্রমণত এজনৰ মৃত্যু - WILD ELEPHANT MENACE

চামগুৰি-কলিয়াবৰত বন্যহস্তীৰ উপদ্ৰৱত বিনীদ্ৰ ৰজনী কটাইছে ৰাইজে - WILD ELEPHANT MENACE

ABOUT THE AUTHOR

...view details