চিৰাঙত বন্যহস্তীয়ে ভাঙিলে কেইবাটাও পৰিয়ালৰ ঘৰ - Man Elephant conflict - MAN ELEPHANT CONFLICT

🎬 Watch Now: Feature Video

thumbnail
চিৰাঙত বন্যহস্তীয়ে ভাঙিলে কেইবাটাও পৰিয়ালৰ ঘৰ (ETV Bharat)

By ETV Bharat Assamese Team

Published : July 1, 2024 at 6:01 PM IST

1 Min Read
Choose ETV Bharat

চিৰাং,১ জুলাই : ৰাজ্যৰ বিভিন্ন প্ৰান্তত হস্তী-মানুহৰ সংঘাত অব্যাহত আছে । তাৰ মাজতে চিৰাং জিলাত বন্যহস্তীয়ে চলালে উপদ্ৰৱ । চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ কুসুমদিছাত বন্যহস্তীয়ে নিশা উপদ্ৰৱ চলাই তিনিটা পৰিয়ালৰ ৪ টাকৈ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰে ।

জানিব পৰা মতে দৰিদ্ৰ পৰিয়ালকেইটাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰা পকীঘৰবোৰ হাতীয়ে ভাঙি থৈ যায় । এনে পৰিস্থিতিত গাঁওখনৰ সম্বলা মুচাহাৰী, বিছন বসুমতাৰী আৰু জাৰো নাৰ্জাৰীৰ পৰিয়ালকেইটা এতিয়া দিশহাৰা হৈ পৰিছে । হাতীয়ে তেওঁলোকৰ ঘৰৰ বিভিন্ন সামগ্ৰীও নষ্ট কৰে । লগতে বাৰীৰ কল, তামোল আদিও বন্যহস্তীয়ে খাই তহিলং কৰে ।

ভুক্তভোগী পৰিয়ালকেইটাই জনোৱা মতে নিশা প্ৰায় ২ মান বজাত হাতীৰ জাকটোৱে গাঁওখনত প্ৰৱেশ কৰে । এনে পৰিস্থিতিত ঘৰৰ ভিতৰত শুই থকা লোকসকলৰ হাতীৰ আক্ৰমণৰ পৰা কোনো মতে প্ৰাণ ৰক্ষা পৰে । গাঁওখনৰ ৰাইজে অভিযোগ কৰা মতে ৰিপু সংৰক্ষিত বনাঞ্চলৰ পৰা প্ৰায়ে ওলাই অহা বন্যহস্তীয়ে অঞ্চলটোত তাণ্ডৱ চলায় । কিন্তু এইক্ষেত্ৰত বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে গাঁওখনৰ ৰাইজে । উল্লেখ্য যে বিটিআৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ গৃহ সমষ্টিৰ অন্তৰ্গত এই অঞ্চলটো ।

লগতে পঢ়ক :হাতী-মানুহৰ সংঘাতত কিমান হাতী আৰু কিমান মানুহে হেৰুৱাইছে প্ৰাণ ? - MAN ELEPHANT CONFLICT

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details