ডিব্ৰুগড়ৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত একাঁঠু পানী : পথ অৱৰোধ কৰি আছুৰ প্ৰতিবাদ - AASU protest in Dibrugarh - AASU PROTEST IN DIBRUGARH

🎬 Watch Now: Feature Video

thumbnail
ডিব্ৰুগড়ত পথ অৱৰোধ কৰি আছুৰ প্ৰতিবাদ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : July 15, 2024 at 10:38 PM IST

2 Min Read
Choose ETV Bharat

ডিব্ৰুগড়, ১৫ জুলাই : ডিব্ৰুগড়ৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ । চহৰখনৰ বাণীপুৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৫ কিলোমিটাৰ পৰ্যন্ত একাঁঠু পানী । বিগত প্ৰায় ২৫ টা দিন ৰাষ্ট্ৰীয় ঘাইপথটো বুৰ যোৱাৰ ফলত বহু পথ দুৰ্ঘটনা সংঘটিত হয় । যাৰ ফলত কেইবাজনো লোক আহত হ'বলগা হয় ।

আনহাতে, ৰাষ্ট্ৰীয় ঘাইপথটোত প্ৰতিদিনে সৃষ্টি হৈছে তীব্ৰ যান-জঁট । যাৰ বাবে ৰাইজৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে । কিন্তু ইয়াৰ বিপৰীতে পানী নিষ্কাশন কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে ডিব্ৰুগড় পৌৰ নিগম তথা জিলা প্ৰশাসন । ফলত সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিয়ে ডিব্ৰুগড় নাৰী সন্থাৰ সহযোগত বাণীপুৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

অসম চৰকাৰ হায় হায়, ডিব্ৰুগড় পৌৰ নিগম হায় হায় আদি শ্লোগানেৰে প্ৰতিবাদকাৰীসকলে পৰিৱেশ উত্তাল কৰি তোলে । ইফালে ডিব্ৰুগড়ৰ বাণীপুৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰাত বহু সময় ধৰি যাতায়াত বন্ধ হৈ থাকে ।

উল্লেখ্য যে এজাক বৰষুণৰ পিচতে ডিব্ৰুগড় চহৰৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ ঠায়ে ঠায়ে বুৰ যায় । কিন্তু কৃত্ৰিম বান পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ডিব্ৰুগড়ৰ পৌৰ নিগম আৰু জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ কৃত্ৰিম বান পৰিস্থিতি পৰিদৰ্শন কৰি তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছিল যদিও কৃত্ৰিম বানৰ কবলৰ পৰা এতিয়াও মুক্ত হোৱা নাই ডিব্ৰুগড়বাসী ।

লগতে পঢ়ক :কোনোবাই যদি নিজৰ পিতৃক গালি পাৰে মইনো কি কৰিব পাৰো; গৌৰৱ গগৈক কটাক্ষ মুখ্যমন্ত্ৰীৰ - Assam Floods 2024
লগতে পঢ়ক :এদল উদণ্ড যুৱকে মৰিয়াই মৰিয়াই হত্যা কৰিলে চফল যুৱকক - SENSATIONAL MURDER AT DIBRUGARH

ABOUT THE AUTHOR

...view details