ডিব্ৰুগড় বিমানবন্দৰত ঢোলে-ঢগৰে আদৰণি লাভলীনা বৰগোহাঁইক - Lovlina Borgohain

🎬 Watch Now: Feature Video

thumbnail
ডিব্ৰুগড় বিমানবন্দৰত লাভলীনা বৰগোহাঁই (undefined)

By ETV Bharat Assamese Team

Published : March 7, 2024 at 8:01 PM IST

1 Min Read
Choose ETV Bharat

ডিব্ৰুগড়, 7 মাৰ্চ: নাৰীসকলৰ সামাজিক ন্যায় প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে 8 মাৰ্চত পালন কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস । এইবাৰ ডিব্ৰুগড়ত নাৰী দিৱস উপলক্ষে অনুষ্ঠিত কৰা হ'ব সদৌ অসমভিত্তিত মহিলা হাফ মাৰাথন প্ৰতিযোগিতা ।

নাৰী দিৱসৰ উপলক্ষে ‘মাৰাথন’ ডিব্ৰুগড় লেডিজ ফিটনেছ চেন্টাৰৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া সদৌ অসম ভিত্তিত মহিলা হাফ মাৰাথন প্ৰতিযোগিতাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব আন্তঃৰাষ্ট্ৰীয় বক্সাৰ লাভলীনা বৰগোহাঁই । উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে বৃহস্পতিবাৰে ডিব্ৰুগড় বিমানবন্দৰত লাভলীনা বৰগোহাঁই উপস্থিত হয় ৷

ডিব্ৰুগড় লেডিছ ফিটনেছ চেন্টাৰৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱসৰ উপলক্ষে আয়োজন কৰা সদৌ অসম ভিত্তিত প্ৰাইজমানী মাৰাথন প্ৰতিযোগিতাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিবলৈ অহা অলম্পিকত ব্ৰঞ্জৰ পদকপ্ৰাপ্ত লাভলীনা বৰগোহাঁইক ডিব্ৰুগড় বিমানবন্দৰত জনোৱা হয় উষ্ম আদৰণি ।

বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে লেডিজ ফিটনেছ চেন্টাৰৰ বিষয়ববীয়াসকলে ঢোলে-ঢগৰে আদৰি আনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈগৰাকীক । ডিব্ৰুগড়লৈ প্ৰথমবাৰৰ বাবে আহি ভাল লগা বুলি ক’লে খেলুৱৈগৰাকীয়ে ।

লগতে পঢ়ক: লাচিতৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিটোৰ নেপথ্যৰ ভাস্কৰ্য শিল্পীজন কোন ?

ABOUT THE AUTHOR

...view details