ভিত্তিহীন কথা নক’ব : আফতাব উদ্দিন লস্কৰক সকীয়ালে অগপৰ উপ-সভাপতি সুনীল ডেকাই - asom gana parishad - ASOM GANA PARISHAD

🎬 Watch Now: Feature Video

thumbnail
আফতাব উদ্দিন লস্কৰক সকীয়ালে সুনীল ডেকাই (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : July 13, 2024 at 5:53 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী, 13 জুলাই : সদ্য পদত্যাগী অগপ নেতা আফতাব উদ্দিন লস্কৰক সকীয়ালে দলৰ উপ-সভাপতি সুনীল ডেকাই ৷ শুকুৰবাৰে অগপৰ পৰা পদত্যাগ কৰি দল তথা নেতৃত্বৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ আনিছিল আফতাব উদ্দিন লস্কৰে ৷ ইয়াৰ পিচতেই আফতাব উদ্দিন লস্কৰক প্ৰত্যুত্তৰ দিছে দলৰ উপ-সভাপতি সুনীল ডেকাই 

অগপ দলে টকাৰ বিনিময়ত 2021 ৰ নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান কৰা আৰু টকাৰ বিনিময়ত জিলা সভাপতিৰ পদ দিয়া বুলি আফতাব উদ্দিন লস্কৰে কৰা অভিযোগ নস্যাৎ কৰিছে সুনীল ডেকাই ৷ অগপৰ উপ-সভাপতিগৰাকীয়ে শনিবাৰে সংবাদ মাধ্যমৰ আগত কয় যে, আফতাব উদ্দিন লস্কৰ ভণ্ড আৰু ৰাজনৈতিক দালাল ৷ আফতাব উদ্দিন লস্কৰে অনা অভিযোগ ভুৱা আৰু ভিত্তিহীন ৷ আফতাব উদ্দিন লস্কৰেহে কৰিমগঞ্জত বিজেপি মিত্ৰজোঁটৰ বিৰুদ্ধে থিয় দিছিল ৷ কংগ্ৰেছৰ হাফিজ ৰছিদ চৌধুৰীৰ হৈ প্ৰচাৰ চলাইছিল ৷ কংগ্ৰেছৰ হৈ প্ৰচাৰ চলোৱাত দলীয় অনুশাসনমূলক ব্যৱস্থা লোৱাত দলৰ বিৰুদ্ধে মনেসজা ভিত্তিহীন কিছুমান কথা কৈ আছে বুলি কয় সুনীল ডেকাই ৷

লগতে আফতাব উদ্দিন লস্কৰক এনেধৰণৰ মনেসজা কথা নক'বলৈ সকীয়াই দি সুনীল ডেকাই অগপত কাকো ধনৰ বিনিময়ত টিকট দিয়া হোৱা নাই বুলি মন্তব্য কৰে ৷ তেওঁ কয় যে, হাইলাকান্দি জিলা অগপৰ সভাপতি আছিল আফতাবুদ্দিন লস্কৰ ৷ 2021 ত আলগাপুৰৰ পৰা অসম গণ পৰিষদৰ প্ৰাৰ্থিত্ব লাভ কৰিছিল তেওঁ ৷ 2021 ৰ নিৰ্বাচনত তেওঁ AIUDF ৰ লগত বুজাবুজি কৰিছিল বুলিও আফতাবুদ্দিন লস্কৰৰ বিৰুদ্ধে অভিযোগ আনে সুনীল ডেকাই ৷ 
 
লগতে পঢ়ক : অগপ শূন্য হ'ব নেকি বৰাকত: দলত্যাগ কৰি বিস্ফোৰণ আফতাব উদ্দিন লস্কৰৰ - AFTAB UDDIN LASKAR RESIGNS AGP

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details