গুৱাহাটীৰ বিশ্বকৰ্মা মন্দিৰত ভক্তৰ ভিৰ; জখলাবন্ধাত অসমীয়া সাজত বিশ্ব খনিকৰৰ প্ৰতিমা - Vishwakarma Puja 2024 - VISHWAKARMA

🎬 Watch Now: Feature Video

thumbnail
গুৱাহাটীৰ বিশ্বকৰ্মা মন্দিৰত ভক্তৰ ভিৰ (ETV Bharat)

By ETV Bharat Assamese Team

Published : September 17, 2024 at 3:18 PM IST

1 Min Read
Choose ETV Bharat

গুৱাহাটী/কলিয়াবৰ, ১৭ ছেপ্টেম্বৰ : আজি বিশ্বকৰ্মা পূজা । দেশজুৰি বিশ্ব খনিকৰক আৰাধনা কৰিছে ভক্তসকলে । অসমৰো বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে বিশ্বকৰ্মা পূজাৰ আয়োজন কৰিছে । গুৱাহাটীৰ কামাখ্যা গেটত থকা ঐতিহাসিক বিশ্বকৰ্মা মন্দিৰত পুৱাৰে পৰা হাজাৰ হাজাৰ ভক্তই ভিৰ কৰিছে । ভক্তসকলে চাকি-ধূপ জ্বলাই বিশ্ব খনিকৰৰ আশিস গ্ৰহণ কৰিছে । উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো বিশ্বকৰ্মা মন্দিৰ হিচাপে গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকে বিশ্বকৰ্মা পূজা উপলক্ষে মন্দিৰত ভিৰ কৰিছে ।

কলিয়াবৰতো একে পৰিৱেশ দেখা গ'ল । কলিয়াবৰৰ অগ্নি আৰু আপতকালীন বিভাগৰ কাৰ্যালয়ত জোৱানসকলে বিশ্বকৰ্মা পূজাৰ আয়োজন কৰিছে । যাক লৈ কাৰ্যালয়টোত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে । অগ্নি নিৰ্বাপনৰ বাহনসমূহ বিভিন্ন প্ৰকাৰৰ মালাৰে সজাই তোলা হৈছে । ইফালে জখলাবন্ধাত নিভাজ অসমীয়া সাজেৰে সজাই তুলিছে বিশ্বকৰ্মাৰ প্ৰতিমা । একাংশ শিক্ষিত যুৱকৰ প্ৰচেষ্টাত গঢ়ি উঠা নমোবুদ্ধ ট্ৰেভেলছৰ পূজাত দেখা গ'ল এই ব্যতিক্ৰমী প্ৰতিমা । জখলাবন্ধাস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ আস্থান চৌহদত আয়োজন কৰা হয় এই পূজাৰ ।

লগতে পঢ়ক: অসমতে থকা উত্তৰ-পূবৰ একমাত্ৰ বিশ্বকৰ্মাৰ মন্দিৰটোৰ বিষয়ে জানেনে ? - Vishwakarma Puja 2024

থলুৱা মৃৎশিল্পীৰ মুখত নাই উৎসাহ ! সমাদৰ কমিছে কেঁচা মাটিৰ মূৰ্তিৰ - Vishwakarma Puja 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details