ডিব্ৰুগড়ত বহি গ'ল ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ : যাতায়াত ব্যাহত - Traffic disruption - TRAFFIC DISRUPTION

🎬 Watch Now: Feature Video

thumbnail
ডিব্ৰুগড়ত বহি গ'ল ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : July 1, 2024 at 9:58 PM IST

1 Min Read
Choose ETV Bharat

ডিব্ৰুগড়, 1 জুলাই: ডিব্ৰুগড় জিলাত বানে জটিল পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তে জিলাখনৰ কোটোহাৰ গেমন দলঙৰ সমীপত সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা ৷ কোটোহাত বুঢ়ীদিহিং নৈৰ ওপৰত  থকা গেমন দলঙৰ উত্তৰ দিশে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ বহি যোৱাত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ নেৰা-নেপেৰা বৰষুণৰ মাজতে পথৰ কাষত থকা এজোপা গছ উভালি পৰাত দলঙৰ গাৰ্ডৱালও ফাট মেলাৰ উপৰিও পথৰ এটা অংশ তললৈ বহি যায় ৷ ফলত পথটোৰে যাতায়ত বন্ধ হৈ পৰিছে ৷

লগতে পঢ়ক: কাজিৰঙাৰ বানাক্ৰান্ত জীৱ-জন্তুক সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ-আৰক্ষীৰ বিশেষ সতৰ্কতা - Assam Floods 2024

বৰ্তমান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়া-কৰ্মচাৰী উপস্থিত হৈ বহি যোৱা অংশ মেৰামতিৰ কাম আৰম্ভ কৰিছে ৷ NHIDCL-ৰ বিষয়াই জানিবলৈ দিয়া অনুসৰি প্ৰতিকূল বতৰ আৰু নিশা হোৱাৰ বাবে বৰ্তমান মেৰামতিৰ কাম সম্পূৰ্ণ নহ'ব ৷ মেৰামতিৰ অংশৰে নিশা যান-বাহনৰ চলাচল সম্ভৱ নহ'ব বুলিও জানিবলৈ দিছে বিষয়াজনে ৷ ইফালে বৰ্তমান আৰক্ষীয়ে যানজঁট নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা কৰিছে যদিও নিশা যিকোনো অবাঞ্চিত পৰিস্থিতিৰ আশংকা কৰিছে স্থানীয় ৰাইজে ৷ ডিব্ৰুগড় সংযোগী একমাত্ৰ গুৰুত্বপূৰ্ণ পথটোৰ শীঘ্ৰে মেৰামতিৰ ব্যৱস্থা নকৰিলে সমস্যা জটিল হৈ পৰাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক: ফোনতেই অসমৰ বানৰ বুজ ল’লে মোদী-শ্বাহে : সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীক - Flood in Assam

লগতে পঢ়ক: ডিমা হাছাওত ধাৰাসাৰ বৰষুণ : যোগাযোগ ব্যাহত - Assam Floods 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details