ভয়ংকৰ অগ্নিকাণ্ডত ছাই হ'ল বিলাসী বাহনৰ শ্ব'ৰূম - MASSIVE FIRE IN SILCHAR

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : March 15, 2025 at 4:01 PM IST

1 Min Read

শিলচৰ: শুকুৰবাৰে নিশা শিলচৰৰ মহিন্দ্ৰা শ্ব' ৰূমত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ জুইৰ লেলিহান শিখাত ভষ্মীভূত হয় দুখনকৈ বিলাসী বাহন ৷ এই ঘটনাটো সংঘটিত হোৱাৰ পিছতেই অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে স্থানীয় ৰাইজে । পিছত অগ্নিনিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় । উক্ত অগ্নিকাণ্ডত কেইবা কোটি টকাৰ সা-সম্পত্তি ধ্বংস হয় ৷  

শিলচৰৰ ৰংপুৰস্থিত মহিন্দ্ৰা বাহনৰ শ্ব' ৰূমত মাজনিশা হঠাৎ জুইৰ সূত্ৰপাত ঘটে ৷ নৈশ প্ৰহৰীসকলে উমান পোৱাৰ আগতেই জুইৰ লেলিহান শিখাই ছানি ধৰে শ্ব' ৰূমটো ৷ স্থানীয় লোকসকলে অগ্নিশিখা প্ৰত্যক্ষ কৰি অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে ৷ উদাৰবন্দ আৰু শিলচৰৰ পৰা দুখন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ৷ শ্ব' ৰূমৰ বাহিৰৰ ছাইনবোৰ্ডত হোৱা শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত ঘটে বুলি সন্দেহ কৰা হৈছে ।

লগতে পঢ়ক:জোনাইত ভয়ংকৰ অগ্নিকাণ্ড, সৰ্বস্ব হেৰুৱালে দুটাকৈ পৰিয়ালে - Massive fire breaks out - MASSIVE FIRE BREAKS OUT

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.