এখন ব্যতিক্ৰমী ৰাস: কলিয়াবৰত গোপীৰ চৰিত্ৰত দেখা যাব শ শ যুৱকক - ৰাস মহোৎসৱ

🎬 Watch Now: Feature Video

thumbnail
কলিয়াবৰত গোপীৰ চৰিত্ৰত দেখা যাব শ শ যুৱকক (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : November 4, 2024 at 9:01 AM IST

1 Min Read
Choose ETV Bharat

কলিয়াবৰ : সমাগত ৰাসলীলা । ৰাজ্যৰ সত্ৰ, নামঘৰ আদিত চলিছে ৰাসলীলাৰ প্ৰস্তুতি । ব্যতিক্ৰম নহয় সংস্কৃতিৰ বৰঘৰস্বৰূপ নগাঁও জিলাৰ কলিয়াবৰ । তাল-খোলৰ মধুৰ ধ্বনিৰ লগতে "আহা আহা সখীসৱ বৃন্দাবনে যাওঁ" গীতেৰে মুখৰিত হৈছে কলিয়াবৰৰ নামঘৰ । ৰাসলীলাৰ সময়ত কলিয়াবৰত অতীজৰে পৰা পুৰুষে নাৰীৰ চৰিত্ৰ ৰূপায়ণ কৰাৰ এক পৰম্পৰা চলি আছে । সেই পৰম্পৰা অক্ষুণ্ণ ৰাখি এইবাৰো সত্ৰ, নামঘৰ বা ৰাজহুৱা নামঘৰত ভাওনাত নাৰী চৰিত্ৰ পুৰুষসকলে ৰূপায়ণ কৰিবলৈ সাজু হৈছে ।

কলিয়াবৰৰ সমাজ-সাংস্কৃতিক জীৱনৰ এক ঐতিহ্য হাজাৰ ব্যৱস্থাৰ অন্যতম উত্তৰ কলিয়াবৰ হাজাৰে সেই পৰম্পৰাৰে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ আয়োজন কৰিছে । য'ত সকলো চৰিত্ৰ ৰূপায়ণ কৰিব যুৱকসকলে । ইতিমধ্যে উত্তৰ কলিয়াবৰ হাজাৰৰ নামঘৰত আখৰা চলি আছে । অহা ১৫ নৱেম্বৰত পৱিত্ৰ ৰাস পূৰ্ণিমাৰ নিশাই শ্ৰীমন্ত শঙ্কৰদেৱ বিৰচিত 'কেলি-গোপাল' নাট প্ৰদৰ্শন কৰা হ'ব । এই ৰাসত কলিয়াবৰৰ বিভিন্ন স্থানৰ ৩ শতাধিক যুৱকে গোপীৰ চৰিত্ৰ ৰূপায়ণ কৰিব বুলি আয়োজক সমিতিয়ে জনাইছে ।

লগতে পঢ়ক :এজোপা গছৰ জন্মদিন পাতিলে ৰাইজে...দিলে এক বিশেষ বাৰ্তা

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details