বিৰোধীয়ে দুৰ্যোগৰ সময়ত ৰাজনীতি কৰিব নালাগে: পবিত্ৰ মাৰ্ঘেৰিটা - Assam Flood 2024 - FLOOD COMPENSATION

🎬 Watch Now: Feature Video

thumbnail
কেন্দ্ৰীয় ৰাজ্য়িক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : July 7, 2024 at 9:11 PM IST

1 Min Read
Choose ETV Bharat

টীয়ক, ৭ জুলাই: টীয়কৰ বগৰীগুৰিত দেওবাৰে কেন্দ্ৰীয় ৰাজ্য়িক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই বান পৰিস্থিতিৰ বুজ লয় । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাইজৰ সৈতে বাৰ্তালাপ কৰি সাময়িক সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত জিলা প্ৰশাসনক আহ্বান জনায় । লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাইজক এই বানৰ সময়ত সকলো সা-সুবিধা প্ৰদানৰ বাবে ৰাজ্য চৰকাৰ প্ৰস্তুত হৈ আছে বুলি মন্তব্য কৰে ।

উক্ত কাৰ্যসূচীতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিৰোধীক আক্ৰমণ কৰি কয়," বিৰোধীয়ে এই দুৰ্যোগৰ সময়ত ৰাজনীতি কৰিব নালাগে । এনে সংকটৰ সময়ত দুৰ্নীতি,পোৱা-নোপোৱাৰ কথা কৈ দিনে-নিশাই বান দুৰ্গত ৰাইজৰ কাৰণে কাম কৰি থকা কৰ্মচাৰী সকলক তাচ্ছিল্য কৰিব নালাগে । সকলোৱে মিলি বানৰ পাচৰ পৰিস্থিতি কেনেদৰে মোকাবিলা কৰিব পাৰে সেয়াহে চিন্তা কৰিব লাগে ।"

ইপিনে,বান ক্ষতিগ্ৰস্ত ৰাইজক ক্ষতিপূৰণৰ লগতে সকাহ দিব পৰাকৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে আঁচনি যুগুত কৰিছে বুলি মন্তব্য় কৰে । ৭ দিন পানীৰ মাজত থকা বগৰীগুৰিবাসী ৰাইজৰ বাট-পথ, এখন প্লেটফৰ্মৰ দৰে বহুকেইটা দীৰ্ঘদিনীয়া সমস্যা সমাধানৰো আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে । উক্ত কাৰ্যসূচীত মন্ত্ৰীগৰাকীক বিধায়ক ৰূপজ্যোতি কুৰ্মী, যোৰহাট জিলা আয়ুক্তসহ প্ৰশাসনিক বিষয়াই সংগ দিয়ে ।

লগতে পঢ়ক:অপৰিৱৰ্তিত বান পৰিস্থিতি: ৰাজ্যৰ প্ৰায় ২৪ লাখ লোক ক্ষতিগ্ৰস্ত, মৃত্যুৰ সংখ্যা ৫৮ লৈ বৃদ্ধি - Assam Flood 2024

বানে প্ৰাণ ল'লে শিশুৰ, বাঢ়নী পানীত অচিনাক্ত যুৱতীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য - Assam Flood 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details