অসমৰ প্ৰথমজন অ-কংগ্ৰেছী মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ শতবাৰ্ষিকী অনুষ্ঠানত অংশগ্ৰহণ অমিত শ্বাহৰ LIVE - FORMER CHIEF MINISTER GOLAP BORBORA

🎬 Watch Now: Feature Video

thumbnail
সমৰ প্ৰথমজন অ-কংগ্ৰেছী মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ শতবাৰ্ষিকী অনুষ্ঠান (@sarbanandsonwal X)

By ETV Bharat Assamese Team

Published : August 29, 2025 at 4:26 PM IST

|

Updated : August 29, 2025 at 5:27 PM IST

1 Min Read
Choose ETV Bharat
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান ৷ গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ আজিৰ দিনটোৰ এয়া তৃতীয়টো কাৰ্যসূচী ৷ তৃতীয় কাৰ্যসূচীৰূপে শুকুৰবাৰে অসমত গৃহমন্ত্ৰী অমিত শ্বাহে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷ এই কাৰ্যসূচীৰ পিছতে সন্ধিয়া গৃহমন্ত্ৰী শ্বাহ দিল্লীলৈ ৰাওনা হোৱাৰ কথা আছে ৷ ইতিমধ্যে গৃহমন্ত্ৰী অমিত শ্বাহে গুৱাহাটীৰ খাৰঘূলিত নতুনকৈ নিৰ্মাণ কৰি ৰাজভৱনৰ ব্ৰহ্মপুত্ৰ উইঙৰ আনুষ্ঠানিক উদ্বোধন কৰে ৷ লগতে উক্ত অনুষ্ঠানতেই ৰাষ্ট্ৰীয় চাইবাৰ ফৰেনছিক পৰীক্ষাগাৰৰ ই-উদ্বোধন আৰু আই টি বি পি, এছ এছ বি তথা অসম ৰাইফলছৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ ই-উদ্বোধন তথা ই-আধাৰশিলা স্থাপন কৰে গৃহমন্ত্ৰীগৰাকীয়ে । ইয়াৰ পিছত তেওঁ খানাপাৰাত অনুষ্ঠিত এন ডি এৰ পঞ্চায়ত প্ৰতিনিধি সন্মিলনত অংশ লয় । ইয়াৰ পৰাই ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজায় অমিত শ্বাহে ৷

Last Updated : August 29, 2025 at 5:27 PM IST

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details