খানাপাৰাৰ খেলপথাৰত এন ডি এৰ পঞ্চায়ত প্ৰতিনিধি সন্মিলনত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ - NDA PANCHAYAT REPRESENTATIVES

🎬 Watch Now: Feature Video

thumbnail
কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ (Himanta Biswa Sarma FB PAGE)

By ETV Bharat Assamese Team

Published : August 29, 2025 at 1:17 PM IST

|

Updated : August 29, 2025 at 3:06 PM IST

2 Min Read
Choose ETV Bharat
আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাবলৈ গুৱাহাটীলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতিত খানাপাৰাত অনুষ্ঠিত হৈছে এন ডি এৰ পঞ্চায়ত প্ৰতিনিধি সন্মিলন । ইয়াৰ পৰাই ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাব অমিত শ্বাহে। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতিত অনুষ্ঠিত পঞ্চায়ত প্ৰতিনিধি সন্মিলনত বিজেপি, অগপ, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু জনশক্তিকে ধৰি এন ডি এৰ সকলো দলৰ শীর্ষ নেতৃত্বই অংশ গ্ৰহণ কৰিছে । পঞ্চায়তৰ প্রায় ২০ হাজাৰ নিৰ্বাচিত জনপ্রতিনিধি উপস্থিত থকা সন্মিলনখনত ভাৰতীয় জনতা পাৰ্টীৰ ১৬ হাজাৰৰো অধিক পঞ্চায়ত প্ৰতিনিধিৰ লগতে অসম গণ পৰিষদৰ ১৫০০ ৰো অধিক প্রতিনিধিয়ে অংশ গ্ৰহণ কৰিছে । তদুপৰি কাৰ্বি স্বায়ত্ত পৰিষদ, ডিমাছা স্বায়ত্ত পৰিষদকে ধৰি সকলো স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচিত প্রতিনিধি সকলো এই সন্মিলনত উপস্থিত আছে । উল্লেখ্য যে, দুদিনীয়া কাৰ্যসূচীৰে বৃহস্পতিবাৰে সন্ধিয়া গুৱাহাটীত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্রীগৰাকীয়ে নিশা বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত প্ৰদেশ বিজেপিৰ কৰ্ণধাৰ কমিটীৰ বৈঠকত অংশগ্ৰহণ কৰে । নিশা কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত কটাই আজি পুৱাৰ ভাগত অমিত শ্বাহে নৱনিৰ্মিত ৰাজভৱনৰ নতুন গৃহ উদ্বোধন কৰে । ইয়াৰ পাছতে অমিত শ্বাহে খানাপাৰাত আয়োজন কৰা এন ডি এৰ পঞ্চায়ত প্ৰতিনিধি সন্মিলনত অংশগ্ৰহণ কৰে । এই কাৰ্যসূচীৰ পাছতে অমিত শ্বাহে অসমৰ প্ৰথমগৰাকী অকংগ্ৰেছী মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষৰ বছৰজোৰা কাৰ্যক্ৰমৰ শুভাৰম্ভণি কৰিব । ৰাজ্য চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অংশ গ্ৰহণ কৰি শতবৰ্ষৰ বছৰজোৰা কাৰ্যক্ৰমৰ আৰম্ভণি কৰিব কেন্দ্ৰীয় গৃহমন্ত্রীয়ে ।

Last Updated : August 29, 2025 at 3:06 PM IST

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details