বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই প্ৰাণ গ'ল একে পৰিয়ালৰ দুটি শিশুৰ - Dibrugarh tragic incident - TRAGIC INCIDENT IN BOGIBEEL

🎬 Watch Now: Feature Video

thumbnail
বিদ্যুৎস্পৃষ্ট হৈ প্ৰাণ গ'ল একেটা পৰিয়ালৰ দুটি শিশুৰ (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : July 4, 2024 at 5:29 PM IST

1 Min Read
Choose ETV Bharat

ডিব্ৰুগড়, 4 জুলাই : ডিব্ৰুগড়ত ভয়ংকৰ বান পৰিস্থিতিৰ মাজতে শোকাৱহ ঘটনা ৷ বানৰ মাজতে জিলাখনৰ বগীবিল ধনেখনাত দুটি শিশু বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছে ৷ বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত মৃত্যু হয় পঞ্চম আৰু চতুৰ্থ শ্ৰেণীত অধ্যয়ন কৰি থকা শিশু দুটিৰ ৷ ধনেখনাৰ শক্তিমান বৰাৰ পুত্ৰ আছিল দুয়োজন ৷

জানিব পৰা মতে শিশু দুটিৰ ঘৰৰ চৌপাশে বাঢ়নী পানীয়ে আগুৰি আছে ৷ আনকি বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰৰ খুঁটা পৰ্যন্ত পানী আছে ৷ কিন্তু ইয়াৰ পিচতো অঞ্চলটোত শক্তি বিভাগে কৰ্তন কৰা নাছিল বিদ্যুৎ সংযোগ ৷ যাৰ কৰুণ পৰিণতিত দুটিকৈ শিশুৱে অকালতে প্ৰাণ হেৰুৱাব লগীয়া হয় ৷ মৃত শিশু দুটিৰ বয়স ক্ৰমে আঠ আৰু ছবছৰ ৷ ঘটনাৰ পাচতে বিদ্যুৎস্পৃষ্ট শিশু দুটিক মুমূৰ্ষু অৱস্থাত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ অনা হৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷ এই ঘটনাৰ ফলত বগীবিলৰ লগতে ডিব্ৰুগড়ত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ৷ 

লগতে পঢ়ক : বোকাখাতত নাও ডুবি দুজন যুৱকৰ মৃত্যু : তিনিজনৰ কথমপি প্ৰাণৰক্ষা - Assam Flood 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details