যৌন নিৰ্যাতনৰ পৃথক পৃথক গোচৰত দুই অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড - বিশেষ শিশু যৌন নিৰ্যাতন নায়্যালয়

🎬 Watch Now: Feature Video

thumbnail
যৌন নিৰ্যাতনৰ পৃথক পৃথক গোচৰত দুই অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড (undefined)

By ETV Bharat Assamese Team

Published : February 28, 2024 at 9:12 PM IST

1 Min Read
Choose ETV Bharat

মৰিগাঁও, 28 ফেব্ৰুৱাৰী : মৰিগাঁও জিলা শিশু যৌন নিৰ্যাতন বিৰোধী বিশেষ আদালতৰ ঐতিহাসিক ৰায়দান ৷ যৌন নিৰ্যাতনৰ দুই পৃথক পৃথক গোচৰত দুই অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে । ইয়াৰে এটা অপৰাধীৰ নাম হাচমত আলী আৰু আনটোৰ নাম সজল উদ্দিন । দুয়োটা অভিযুক্তৰ ঘৰ লাহৰীঘাটত বুলি জানিব পৰা গৈছে ৷

ইয়াৰে হাচমত আলীৰ বিৰুদ্ধে লাহৰীঘাট আৰক্ষী থানাত 400/2020 নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ 376ABIPC&R/W section 4 of POCSO Actৰ অধীনত গোচৰ ৰুজু হৈছিল । বুধবাৰে চূড়ান্ত শুনানিৰ পিচত মৰিগাঁও জিলা বিশেষ শিশু যৌন নিৰ্যাতন নায়্যালয়ে 20 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহে ।

আনহাতে জিলাখনৰ লাহৰিঘাট থানাৰ 400/2021 নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ 376AB/307/506IPC &RW section 6/8/10 of POCSO Actৰ অধীনত সজল উদ্দিনক মৰিগাঁও শিশু যৌন নিৰ্যাতন বিশেষ আদালতে 20 বছৰ সশ্ৰম কাৰাদণ্ড বিহে । মৰিগাঁও জিলা আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই সদৰী কৰা মতে, দুয়োটা শিশু যৌন নিৰ্যাতনৰ গোচৰৰ তদন্তকাৰী আৰক্ষী বিষয়া হিচাপে তদন্ত চলাইছিল বিনয় কুমাৰ মালাকাৰে  ৷

লগতে পঢ়ক: কাছাৰত কোটি টকাৰ ড্ৰাগছসহ আটক ৩ সৰবৰাহকাৰী

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details