বানপীড়িতক দিবলৈ অনা খাদ্য সামগ্ৰীৰ হৰলুকি: ২ জনক গ্ৰেপ্তাৰ - Flood Relief scam

By ETV Bharat Assamese Team

Published : Aug 10, 2024, 9:12 PM IST

thumbnail
বানপীড়িতক দিবলৈ অনা খাদ্য সামগ্ৰীৰ হৰলুকি (ETV Bharat)

কলিয়াবৰ,১০ আগষ্ট : শেহতীয়া বানত ৰাজ্যৰ লাখ লাখ লোক প্ৰভাৱিত হৈছে । বহুতে ঘৰ-মাটি হেৰুৱাই দিশহাৰা হৈ পৰিছে । একাংশ বানপীড়িত লোক এতিয়াও নিজৰ ঘৰখনলৈ যাব পৰা নাই । কিন্তু সেইসকল বানপীড়িতৰ বাবে চৰকাৰে যোগান ধৰা সাহায্যত চকু পৰিছে দুষ্টচক্ৰৰ । বান সাহায্যৰ লুণ্ঠনত জড়িত হৈ পৰিছে একাংশ দুষ্টচক্ৰ ।

নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ ৰহধলা গাঁও পঞ্চায়তত তেনে এক ঘটনা সংঘটিত হৈছে । বান সাহায্যৰ খাদ্য সামগ্ৰী হৰলুকি কৰাৰ অভিযোগত ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে গাঁও প্ৰধানসহ দুজন লোক । আনহাতে এজন অভিযুক্ত পলাতক বুলি জানিব পৰা গৈছে । পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত পঞ্চায়তটোৰ কাৰ্যালয়ত মজুত থকা বান সাহায্যৰ সামগ্ৰী হৰলুকি কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গাঁও প্ৰধান বলোৰাম ওৰাং আৰু ৰহঢলা গাঁও পঞ্চায়তৰ অস্থায়ী চকীদাৰ শ্ৰীমান ছেত্ৰীক ।

ৰাজহুৱা অভিযোগৰ ভিত্তিত কলিয়াবৰ মহকুমাৰ কাৰ্যবাহী দণ্ডাধীশে এই সন্দৰ্ভত এজাহাৰ দাখিল কৰিছিল । সেই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে দুয়োজনক গ্ৰেপ্তাৰ কৰিছে । পলাতক হৈ আছে পৰিমল দাস নামৰ আন এজন অভিযুক্ত ।

লগতে পঢ়ক :আৰক্ষীৰ নামত ধন সংগ্ৰহৰ অভিযোগত জালত পৰিল ৰহস্যময়ী হাছিনা বেগম - Hasina Begum arrested

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.