চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে গৰজি উঠিল টিউটৰ শিক্ষকসকল - PROTEST IN GUWAHATI

🎬 Watch Now: Feature Video

thumbnail
চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে গৰজি উঠিল টিউটৰ শিক্ষকসকল (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : December 26, 2024 at 10:17 PM IST

1 Min Read
Choose ETV Bharat

গুৱাহাটী: চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে পুনৰ গৰজি উঠিছে ন্যাৰ্য প্ৰাপ্তিৰ পৰা বঞ্চিত ৰাজ্যৰ টিউটৰ শিক্ষকসকল । চৰকাৰে টিউটৰ শিক্ষকসকলক শিক্ষকৰ মৰ্যাদা প্ৰদান কৰাৰ দাবী তুলি সদৌ অসম সন্মিলিত টিউতৰ মঞ্চৰ উদ্যোগত বৃহস্পতিবাৰে গুৱাহাটীৰ চচলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । শ্ৰেণীকোঠা এৰি প্ৰতিবাদত বহা প্ৰতিবাদী টিউটৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে উত্থাপন কৰে বিভিন্ন দাবী ।  

টিউটৰসকলক শিক্ষকলৈ উন্নীতকৰণ, সমকৰ্মৰ সমবেতন প্রদানৰ ব্যৱস্থা কৰা, অৱসৰপ্ৰাপ্ত বা মৃত্যু হোৱা টিউটৰক পূর্বে ঘোষণা কৰা মৰ্মে ১০ লাখ টকাৰ গ্ৰেচুইটিৰ ধন প্ৰদানৰ ব্যৱস্থা কৰা, শিক্ষকৰ মাজত বৈষম্য সৃষ্টি অতি শীঘ্ৰে বন্ধ কৰা আদিকে ধৰি তেওঁলোকৰ বিভিন্ন সমস্যা সমধানৰ দাবী তোলাৰ লগতে বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।  

দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে টিউটৰসকলৰ ন্যায্য অধিকাৰ প্ৰাপ্তিৰ দাবীত চচলৰ ধৰ্ণাস্থলীৰ পৰা 'দিছপুৰ চলো' কাৰ্যসূচী ৰূপায়ন কৰে । অৱশ্যে প্ৰতিবাদী টিউটৰ শিক্ষকসকলৰ 'দিছপুৰ চলো' কাৰ্যসূচী ৰূপায়ণত বাধা প্ৰদান কৰে আৰক্ষীয়ে । ইয়াৰ পিছত প্ৰতিবাদী শিক্ষকসকলে পুনৰ ধৰ্ণাস্থলীত বহি প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখে । 

লগতে পঢ়ক: বৰপেটাৰ হাউলীত মুকলি হ'ব ISRO ৰ মহাকাশ গৱেষণাগাৰ - ISRO space education - ISRO SPACE EDUCATION