ধুবুৰীত নাৱৰ মুখামুখি সংঘৰ্ষ; ৫ টাকৈ শিশু নিৰুদ্দেশ

🎬 Watch Now: Feature Video

thumbnail
ধুবুৰীত নাৱৰ মুখামুখি সংঘৰ্ষ;৫ টাকৈ শিশু নিৰুদ্দেশ (ETV Bharat)

By ETV Bharat Assamese Team

Published : October 27, 2024 at 7:06 AM IST

1 Min Read
Choose ETV Bharat

ধুবুৰী : ধুবুৰী জিলাৰ কাউনবাৰী সমীপৱৰ্তী সাধুৰ বজাৰৰ টিপকাই নদীত ভয়ংকৰ নাও দুৰ্ঘটনা । বিবাহ যাত্ৰীভৰ্তি যন্ত্ৰচালিত নাও আৰু ৰোলাৰ লৈ যোৱা দুখন নাৱৰ মাজত মুখামুখি সংঘৰ্ষ হয় । দুৰ্ঘটনাটোত ৫ টাকৈ শিশু নিৰুদ্দেশ হোৱাৰ লগতে প্ৰায় ২০ গৰাকীকৈ যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে । গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকসকলক ধুবুৰী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় ।

অৱশ্যে দুৰ্ঘটনাটোত কোনো লোকৰ মৃত্যু হৈছে নেকি সেই কথা এতিয়াও জানিব পৰা হোৱা নাই । দুৰ্ঘটনাটোৰ পিছতে স্থানীয় লোকৰ সহযোগত এছডিআৰএফ আৰু আৰক্ষীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে । সম্প্ৰতি এই দুৰ্ঘটনাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্য অব্যাহত আছে । দুৰ্ঘটনাটো কাৰ ভুলৰ বাবে সংঘটিত হৈছে সেয়া জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :পুনৰ আলফা(স্বা)ৰ ধন দাবী আৰম্ভ: চিঠি আহিল বহুতলৈ