ভয়ংকৰ ভূমিস্খলন;আলো-পাচিঘাট পথত যাতায়াত ব্যাহত - Arunachal landslide - ASSAM FLOOD 2024

🎬 Watch Now: Feature Video

thumbnail
ভয়ংকৰ ভূমিস্খলন;আলো-পাচিঘাট পথত যাতায়াত ব্যাহত (ETV Bharat)

By ETV Bharat Assamese Team

Published : July 4, 2024 at 2:17 PM IST

1 Min Read
Choose ETV Bharat

ধেমাজি,৪ জুলাই : অসমৰ লগতে উত্তৰ-পূৱৰ ৰাজ্যসমূহতো শেহতীয়াকৈ প্ৰকৃতিয়ে কালৰূপ ধাৰণ কৰিছে । ধাৰাসাৰ বৰষুণৰ সমান্তৰালকৈ ভূমিস্খলন আৰু বানৰ কৱলত পৰিছে বিভিন্ন অঞ্চল । ইয়াৰ মাজতে অৰুণাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন । কিছুদিন ধৰি নেৰানেপেৰা বৰষুণৰ পিচতে আলো-পাচিঘাট সংযোগী পথত বুধবাৰে নিশা এই ভূমিস্খলন হয় । যাৰ ফলত গুৰুত্বপূৰ্ণ পথটো বন্ধ হৈ পৰিছে ।

এই ভূমিস্খলনৰ ফলত পাহাৰৰ পৰা এটা প্ৰকাণ্ড শিল খহি পৰে আৰু ৰাজপথটো বন্ধ হৈ যায় । অৰুণাচল প্ৰদেশৰ সংগম দলঙৰ কাষত নিশা হোৱা ভূমিস্খলনৰ পিচতে শ শ বাহন আৱদ্ধ হৈ পৰিছে । নিশাৰে পৰা পথৰ দুয়োটা দিশত আৱদ্ধ হৈ পৰা যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । পুৱা অৰুণাচল প্ৰদেশৰ প্ৰশাসনৰ লোকসকল উক্ত স্থানত উপস্থিত হয় আৰু পথটো মুকলি কৰাৰ বাবে প্ৰচেষ্টা চলায় । ইফালে এই সন্দৰ্ভত ৰাজ্যখনত এক সতৰ্কতাও জাৰি কৰা হয় ।

লগতে পঢ়ক :ভূমিস্খলনৰ ফলত ৬ দিন ধৰি বন্ধ অৰুণাচলৰ টুটিঙৰ গেলিং সীমান্ত পথ - Landslide in Arunachal

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details