বকোৰ মইহাম বিলত পৰম্পৰাগত মৎস্য চিকাৰ - Moiham Bil in Boko

🎬 Watch Now: Feature Video

thumbnail
সমূহীয়া মাছধৰা পৰ্ব (undefined)

By ETV Bharat Assamese Team

Published : March 3, 2024 at 9:46 PM IST

1 Min Read
Choose ETV Bharat

বকো, ৩ মাৰ্চ : কামৰূপ আৰু গোৱালপাৰা জিলাৰ বিভিন্ন গাঁৱৰ শতাধিক পুৰুষ-মহিলাই দেওবাৰে বকোৰ আলেকজাৰী গাৱঁৰ মইহাম বিলত পৰম্পৰাগত সমূহীয়া মাছধৰা পৰ্বত অংশগ্ৰহণ কৰে । মাছ ধৰিবলৈ আহি ইজনে-সিজনক লগ পোৱাৰ পিছত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় । সামূহিকভাৱে মাছ ধৰাৰ পৰম্পৰাৰ জৰিয়তে ইখন গাৱঁৰ বিভিন্ন খবৰ আৰু অন্যান্য বিষয় আন গাঁৱে লাভ কৰে । এয়া কেৱল পৰম্পৰাগত মৎস্য চিকাৰ কৰাই নহয়, প্ৰতি বছৰৰ সামূহিক মিলনত পৰিণত হয় ।  

সমূহীয়াভাৱে মাছ ধৰাৰ সময়ত জাকৈ, খালৈ, পৰম্পৰাগত জাল, প'ল, শ্বাক আদি সামগ্ৰী ব্যৱহাৰ কৰা হয় । মাছমৰীয়াসকল  চিতল, কান্ধুলি, মোৱা, বৰিয়ালা, পুঠি, শোল, কেঁকোৰা আদি পোৱাৰ আনন্দতে পৰম্পৰাগত গীত গাবলৈ ধৰে। কামৰূপ আৰু গোৱালপাৰা উভয় জিলাৰ গাঁওবাসীয়ে এই অঞ্চলত বাৰিষা আৰম্ভ হোৱাৰ ঠিক আগতে দুয়োখন জিলাৰ বিভিন্ন স্থানত সামূহিক মৎস্য চিকাৰত অংশ লোৱা দেখা যায় ।

লগতে পঢ়ক:উদীপুৰ বিলত সমূহীয়া মৎস্য চিকাৰ

ABOUT THE AUTHOR

...view details