প্ৰেমৰ সম্পৰ্ক ৰাখি প্ৰতাৰণা কৰাৰ অভিযোগ শীৰ্ষ ছাত্ৰনেতাৰ বিৰুদ্ধে - Allegation Against AASU Leader - AASU ALLEGATION

🎬 Watch Now: Feature Video

thumbnail
প্ৰেমৰ সম্পৰ্ক ৰাখি প্ৰতাৰণা কৰাৰ অভিযোগ শীৰ্ষ ছাত্ৰনেতাৰ বিৰুদ্ধে (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : September 6, 2024 at 9:03 PM IST

1 Min Read
Choose ETV Bharat

গুৱাহাটী, ৬ ছেপ্টেম্বৰ : গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ এক অভিযোগে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ শীৰ্ষ আছুৰ নেতাৰ বিৰুদ্ধে মানসিক হাৰাশাস্তিৰ অভিযোগ উত্থাপন কৰিছে  আইনৰ ছাত্ৰীগৰাকীয়ে ৷

সততে ৰাজ্যৰ বিভিন্ন বিষয়ত সৰৱ হৈ থকা ছাত্ৰনেতাগৰাকীয়ে ছাত্ৰীগৰাকীৰ জীৱনৰ লগত হেতালি খেলাৰ অভিযোগ উত্থাপিত হৈছে ৷ তদুপৰি এই হাৰাশাস্তিৰ প্ৰসংগত এগৰাকী কণ্ঠশিল্পীৰ কথাও উল্লেখ কৰিছে ছাত্ৰীগৰাকীয়ে ৷ প্ৰেমৰ সম্পৰ্ক ৰাখি প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপিত হৈছে ছাত্ৰনেতাগৰাকীৰ বিৰুদ্ধে ৷

ছাত্ৰীগৰাকীয়ে জনোৱা অনুসৰি প্ৰায় ৬ মাহ ধৰি মানসিক অশান্তিত ভুগি আহিছে তেওঁ ৷ মানসিক অশান্তিত ভুগি মাত্ৰাধিক ঔষধ সেৱন কৰিছিল ছাত্ৰীগৰাকীয়ে । ফলত বৃহস্পতিবাৰে নিশা জি এম চি এইছত ভৰ্তি কৰোৱা হয় অসুস্থ ছাত্ৰীগৰাকীক ৷শুকুৰবাৰে ছাত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় , ‘‘মই আত্মহত্যা কৰিবলৈ চেষ্টা কৰা নাই । অত্যধিক ঔষধ সেৱন কৰাৰ বাবে চাগে এনে হ’ল । মই মানসিকভাৱে 6 মাহ ধৰি ভূগি আছিলো । ছাত্ৰনেতাগৰাকী দেখনিয়াৰ বাবে জনপ্ৰিয় হ'ব পাৰে, মোৰ কাৰণে তেওঁ জনপ্ৰিয় নহয় ৷ তেখেতৰ কাণ্ড-কাৰখানাৰ বাবে একেবাৰে জনপ্ৰিয় হ’ব নালাগে ৷’’

লগতে পঢ়ক : প্ৰেম এনেকুৱাই ! দৰিদ্ৰ লোকৰ মাজত প্ৰয়াত পত্নীৰ জন্মদিন উদযাপন

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details