Bihar Election Results 2025

প্ৰৱল বৰষুণকো নেওচি জৰাজীৰ্ণ বিদ্যালয় মেৰামতি কৰিলে টি এম পি কেই - TMPK Repairs Dilapidated School - TMPK REPAIRS DILAPIDATED SCHOOL

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : August 10, 2024 at 11:01 PM IST

1 Min Read
Choose ETV Bharat

জোনাই, ১০ আগষ্ট: ধেমাজি জিলাৰ জোনাই মহকুমাৰ মুৰ্কংচেলেক শিক্ষাখণ্ডৰ অন্তৰ্গত লাইমেকুৰীৰ ৰেষ্টকেম্প প্ৰাথমিক বিদ্যালয়খন ১৯৭৮ চনত স্থাপন কৰা হৈছিল । বৰ্তমান এই বিদ্যালয়খনৰ শ্ৰেণীকোঠাৰ অভাৱৰ বাবে শিক্ষাৰ্থীসকলে শিক্ষাগ্ৰহণত বহু অসুবিধাৰ সন্মুখীন হৈছে । বিদ্যালয়খনত সুস্থ শৈক্ষিক পৰিৱেশ গঢ় দিয়াৰ উদ্দেশ্য়ে শনিবাৰে টি এম পি কেৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু জোনাই জিলা সমিতি আৰু লাইমেকুৰী আঞ্চলিক সমিতিয়ে ৰাইজৰ সহযোগত শ্ৰমদান কাৰ্যসূচীৰে বিদ্যালয়খন বাঁহৰ বেৰেৰে মেৰামতি কৰে ।  

ধাৰাসাৰ বৰষুণৰ বাবে মেৰামতিৰ কামত ব্যাঘাত জন্মে । পৰৱৰ্তী সময়ত টিনপাত লগোৱা আৰু মজিয়া পকীকৰণৰ কাম হাতত ল'ব বুলি টিএমপিকেৰ নেতৃত্বই সদৰী কৰিছে । শ্ৰমদান কাৰ্যসূচীত উপস্থিত থাকি সহায়ৰ হাত আগবঢ়াই টি এম পি কেৰ কেন্দ্রীয় সমিতিৰ উপ-সভাপতি পংকিল পাতিৰ, সহকাৰী সাধাৰণ সম্পাদক নিত্যা পেগু আদিয়ে ।

লগতে পঢ়ক:মৰুভূমিক বাসোপযোগী কৰি তোলাৰ লক্ষ টি এম পি কে-ৰ - TMPK tree plantation programme

শিক্ষা বিভাগে কৰিব নোৱৰা কাম কৰি দেখুৱালে আছুৱে - AASU repairs dilapidated school

ABOUT THE AUTHOR

...view details