ডিব্ৰুগড়ত স্কুটীত উঠি ত্ৰিৰংগা যাত্ৰা কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ - Tiranga Yatra - DIBRUGARH

🎬 Watch Now: Feature Video

thumbnail
স্কুটীত উঠি ত্ৰিৰংগা যাত্ৰা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : August 13, 2024 at 9:40 PM IST

1 Min Read
Choose ETV Bharat

ডিব্ৰুগড়, 13 আগষ্ট : মঙলবাৰে ডিব্ৰুগড় চহৰত উলিওৱা হয় বিশাল ত্ৰিৰংগা যাত্ৰা । চহৰৰ মাজমজিয়াৰ চৌকিডিংগী খেলপথাৰৰ পৰা স্বাধীনতা দিৱস উপলক্ষে ১৫ আগষ্টৰ প্ৰাকক্ষণত উলিওৱা হয় ত্ৰিৰংগা যাত্ৰা । চৌকিডিংগীৰ পৰা থানা চাৰিআলি হৈ এ.টি ৰোডেৰে আমোলাপট্টীৰ পৰা বৈৰাগী মঠলৈকে যাত্ৰা কৰি পুনৰ চৌকিডিংগী খেলপথাৰত সামৰণি মৰা হয় ।

উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ডিব্ৰুগড়ৰ ৰাজপথত সহস্ৰাধিক বাইক আৰোহীৰ লগত যাত্ৰা কৰিলে ডিব্ৰুগড়ৰ সাংসদগৰাকীয়ে । কনভয় এৰি স্কুটীত উঠি ত্ৰিৰংগা যাত্ৰা কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ হাতত জাতীয় পতাকা লৈ মহাত্মা গান্ধী, বল্লভভাই পেটেল, কুশল কোঁৱৰ আদি বীৰ শ্বহীদৰ আত্মবলিদানক শ্ৰদ্ধাৰে সুঁৱৰিলে সৰ্বানন্দ সোণোৱালে ।

কাৰ্যসূচীত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, ‘‘ বীৰ শ্বহীদসকলৰ মহান ত্যাগে ভাৰতবৰ্ষক শক্তিশালী কৰি তুলিছে । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ প্ৰতিটো প্ৰান্ততে উন্নয়ন শক্তিশালী ৰূপত গঢ় লৈ উঠিছে । ভাৰতবৰ্ষ বিশ্বৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ় ল’ব সেয়া নিশ্চিত ৷ 2047 চনত ভাৰতবৰ্ষৰ স্বাধীনতা লাভৰ এশ বছৰ সম্পূৰ্ণ হ’লে ভাৰতবৰ্ষ বিশ্বৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে পৰিগণিত হ’ব ৷’’

লগতে পঢ়ক : মৰিগাঁৱত বৰ্ণাঢ্য কাৰ্যসূচীৰে স্বাধীনতা দিৱসৰ কাৰ্যসূচী আৰম্ভ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details