কাঠভৰ্তি বাহন জব্দ: ৰন্ধন গেছৰ বাহনত কাঠৰ কুণ্ডা সৰবৰাহ - doom dooma police

🎬 Watch Now: Feature Video

thumbnail
অবৈধ কাঠৰ কুণ্ডা সৰবৰাহ (undefined)

By ETV Bharat Assamese Team

Published : February 28, 2024 at 8:53 PM IST

1 Min Read
Choose ETV Bharat

তিনিচুকীয়া, ২৮ ফেব্ৰুৱাৰী : অবৈধ কাঠৰ কুণ্ডা সৰবৰাহৰ নতুন এতিয়া কৌশল অৱলম্বন কৰিছে কাঠৰ মাফিয়াই । Indian Oil তথা "ईण्डेन" লিখা ৰন্ধন গেছ সৰবৰাহ কৰা বাহনত এতিয়া আৰক্ষীয়ে জব্দ কৰিছে কাঠৰ বৃহৎ বৃহৎ কাঠৰ কুণ্ডা । ডুমডুমা আৰক্ষীয়ে মঙলবাৰে নিশা প্ৰায় ২ মান বজাত ডুমডুমা বাইপাছৰ পৰা জব্দ কৰে এখন কুণ্ডাভৰ্তি বাহন । AS01 HC8807 নম্বৰৰ বাহনখন শদিয়া দিশৰ পৰা মাকুমলৈ গৈ আছিল বুলি সদৰী কৰে চালকজনে ।

ধলা-শদিয়াৰ ড৹ ভূপেন হাজৰিকাৰ সেতুত নিয়োজিত সুৰক্ষা কৰ্মীক কাঠৰ মাফিয়াই মেনেজ কৰি বাহনখন পাৰ কৰাইছিল বুলি চালকজনে স্বীকাৰোক্তি দিছে ৷ মাকুমত থকা এটা ফেক্টৰীলৈ এই কুণ্ডা লৈ গৈ থকা হৈছিল বুলি বাহনখনৰ চালকে উল্লেখ কৰিছে । এই অবৈধ কুণ্ডা সৰবৰাহৰ লগত লাল সিং নামৰ লোক এজন জড়িত বুলি বাহনখনৰ চালকে জানিবলৈ দিছে । ৰন্ধন গেছ সৰবৰাহ কৰা বাহনত কাঠ সৰবৰাহ কৰা ঘটনাই এতিয়া সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে এই অবৈধ কাঠ সৰবৰাহ কৰা বাহন আৰু চালকক আটক কৰিয়েই দায়িত্ব সামৰিব নে কাঠ মাফিয়াক আটক কৰিবলৈ সক্ষম হ’ব সেয়াহে মন কৰিবলগীয়া কথা ৷

লগতে পঢ়ক : ড্ৰাগছ সেৱনে বিলুপ্তি ঘটাব পাৰে যৌন জীৱনৰ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details